শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

১৬০০ কোটি টকাৰ বাজেট! দেশৰ আটাইতকৈ ব্যয়বহুল চিনেমা হ’ব ৰামায়ণ

বলীউডৰ বহুচৰ্চিত ছবি ৰামায়ণৰ মুক্তিৰ দিন এতিয়াও বহু দূৰত যদিও ছবিখনৰ শ্বুটিং অন্ত পৰাৰ লগতে ট্ৰেইলাৰো সাজু হৈছে। এই ছবিখন দুটা ভাগত দৰ্শকৰ কাষলৈ আহিব। বহু ৰথী-মহাৰথীৰে পৰিপূৰ্ণ এই ছবিখন দেশৰ আটাইতকৈ বিগ বাজেটৰ ছবি হিচাপে বিবেচিত হ’ব পাৰে।

১৬০০ কোটি টকাৰ বাজেট! দেশৰ আটাইতকৈ ব্যয়বহুল চিনেমা হ’ব ৰামায়ণ
দেশৰ সৰ্বাধিক বাজেটৰ ছবি হ’ব ৰামায়ণ!Image Credit source: Instagram
monjit-dutta
Monjit Dutta | Published: 05 Jul 2025 15:59 PM

এসময়ত টেলিভিচনত সম্প্ৰচাৰিত হোৱা ধাৰাবাহিক ৰামায়ণে দেশজুৰি ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল শিশুৰ পৰা বৃদ্ধলৈকে ৰামায়ণ উপভোগৰ বাবে সকলোৱে টেলিভিচনৰ সমুখত বহি পৰিছিল এতিয়া দৰ্শকৰ মন জয় কৰিবলৈ পুনৰ সাজু হৈ উঠিছে ৰামায়ণ অৱশ্যে এইবাৰ ধাৰাবাহিকৰ ৰূপত নহয়, চিনেমাৰ ৰূপত ৰামায়ণ দৰ্শকৰ কাষ চাপিব এই ছবিখনত ভগৱান ৰামৰ চৰিত্ৰত বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰক দেখা যাব বুলি চৰ্চা চলি আহিছে শেহতীয়াকৈ ৰণবীৰৰ এই নতুন ছবি ৰামায়ণৰ এক আভাস সকলোৰে সন্মুখত উপস্থাপন কৰা হৈছিল।

ছবিখনৰ এই চমু ক্লিপটোৱে মন ভৰাই তুলিছে দৰ্শকৰ ৰামায়ণৰ মুক্তিৰ দিন এতিয়াও বহু দূৰত যদিও ছবিখনৰ শ্বুটিং অন্ত পৰাৰ লগতে ট্ৰেইলাৰো সাজু হৈছে। এতিয়া মাত্ৰ এই ছবিখনৰ নিৰ্মাতাসকল ৰামায়ণৰ ট্ৰেইলাৰ মুক্তি দিয়াৰ অপেক্ষাত আছে ইফালে ছবিখনৰ ফাৰ্ষ্ট লুকৰ বিষয়ে সকলোতে চৰ্চা চলিছে। এই ছবিখন পৰিচালনা কৰিছে নিতেশ তিৱাৰীয়ে।

উল্লেখ্য যে নিতেশ তিৱাৰীয়েই আমিৰ খানৰ ছবি ডংগল নিৰ্মাণ কৰিছিল। এই ডংগল ছবিখন এইপৰ্যন্ত সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় চিনেমা হিচাপে পৰিগণিত হৈ আছে অৰ্থাৎ দেশৰ সৰ্বাধিক উপাৰ্জন কৰা ছবিৰ সমান্তৰালকৈ এতিয়া দেশৰ সৰ্বাধিক বাজেটৰ ছবিখনো নিতেশ তিৱাৰীৰ নামত সন্নিৱিষ্ট ব।

আগন্তুক এই ছবিখনৰ সন্দৰ্ভত প্ৰকাশ পোৱা চমু ভিডিঅক্লীপটোৱে দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰিছে। এই ভিডিঅটোত দেখা পোৱা ভিএফএক্স, চৰিত্ৰসমূহৰ ৰূপ তথা বেকগ্ৰাউণ্ড মিউজিকৰ দ্বাৰা ছবিখনৰ নিৰ্মাণৰ বাবে বহু টকা খৰচ হোৱা বুলি অনুভৱ কৰিব পাৰি স্বাভাৱিকতেই ৰামায়ণক চিনেমা ৰূপত নিৰ্মাণ কৰাৰ কথা প্ৰকাশ পোৱাৰ পিছৰে পৰা ব্যাপক আলোচনা চলিছিল

 

 

View this post on Instagram

 

A post shared by Alia Bhatt 💛 (@aliaabhatt)

ৰামায়ণৰ চৰিত্ৰসমূহত কোনকেইগৰাকী অভিনেতাঅভিনেত্ৰীক দেখা পোৱা যাব, সেই লৈ যথেষ্ট চৰ্চা চলি আহিছে ইতিমধ্যে ইয়াৰে কিছু তথ্য সকলোৰে সন্মুখলৈ আহিছে প্ৰকাশিত এক প্ৰতিবেদন মতে ৰামায়ণ ছবিখন এক বৃহৎ বাজেটত প্ৰস্তুত কৰা হৈছে। বলীউড হাংগামাৰ বাতৰি অনুসৰি, ৯০০ কোটি টকাৰ বাজেটত ৰামায়ণৰ প্ৰথম খণ্ড প্ৰস্তুত কৰা হৈছে।

আনহাতে দ্বিতীয় খণ্ডৰ বাজেট প্ৰায় ৭০০ কোটি টকা বুলি কোৱা হৈছে। এনে পৰিস্থিতিত যদি দুয়োখন ছবিৰ বাজেট একত্ৰিত কৰা হয়, তেতিয়া দেখা যায় যে ১৬০০ কোটি টকাৰ বাজেটত এই ছবিখন প্ৰস্তুত কৰা হৈছে। ইয়াৰ প্ৰথম খণ্ড ২০২৬ চনৰ দীপাৱলীত মুক্তি পোৱাৰ কথা আনহাতে দ্বিতীয়খণ্ড ২০২৭ চনৰ দীপাৱলীত মুক্তি লাভ কৰিব।

এই বিগ বাজেটৰ ছবিখনত সমাহাৰ ঘটিব ছবিজগতৰ বহু ৰথীমহাৰথীৰ। ৰণবীৰে ৰাম আৰু ছাই পল্লৱীয়ে সীতাৰ চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰ উপৰিও এই ছবিখনত চানী দেউলক হনুমানৰ চৰিত্ৰত দেখা যাব। ছবিখনত লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব ৰবি ডুবেকে। দক্ষিণৰ ছুপাৰষ্টাৰ য়শে এই ছবিখনত ৰাৱণৰ মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা যাব।