স্বামীয়ে বাচি লৈছিল চৰমপন্থা, তাৰ পিছতো এই কাম কৰি আহিছে ৰেখাই….

ৰেখাৰ স্বামী আছিল দিল্লীৰ ব্যৱসায়ী মুকেশ আগৰৱাল। অৱশ্যে বিয়াৰ কেইমাহমানৰ ভিতৰতে মুকেশে আত্মহত্যা কৰে। স্বামীৰ মৃত্যুৰ পিছতো ৰেখাই শিৰত সেন্দূৰ লয়। বহু সময়ত ৰেখাই বিধৱা হোৱাৰ পিছতো কিয় এনে কৰে বুলি প্ৰশ্ন উত্থাপন কৰা হৈছে।

স্বামীয়ে বাচি লৈছিল চৰমপন্থা, তাৰ পিছতো এই কাম কৰি আহিছে ৰেখাই....

ৰেখা

Published: 

06 Jul 2025 16:49 PM

বিভিন্ন বিতৰ্কৰে ভৰা  অভিনেত্ৰী ৰেখাৰ জীৱন। তেওঁক লৈ বিভিন্ন সময়ত বিভিন্ন আলোচনা চলি থাকে। বিগত ৭০ বছৰত তেওঁৰ নাম অমিতাভ বচ্চনৰ সৈতে জড়িত হৈ আছে। ইয়াৰ উপৰিও কেতিয়াবা সঞ্জয় দত্তৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্কৰ কথা চৰ্চিত হৈছে। আনকি ৰেখাক ‘ঘৰ ভঙা’ বুলিও কোৱা হৈছে।  পাৰিবাৰিক সমস্যাৰ বাবে মাত্ৰ ১৩ বছৰ বয়সতে মনোৰঞ্জন জগতত অভিষেক ঘটাবলগীয়া হৈছিল ৰেখাই। তাৰ পিছত তেওঁ বিবাহ পাশত আবদ্ধ হৈছিল।

ৰেখাৰ স্বামী আছিল দিল্লীৰ ব্যৱসায়ী মুকেশ আগৰৱাল। অৱশ্যে বিয়াৰ কেইমাহমানৰ ভিতৰতে মুকেশে আত্মহত্যা কৰে। স্বামীৰ মৃত্যুৰ পিছতো ৰেখাই শিৰত সেন্দূৰ লয়। বহু সময়ত ৰেখাই বিধৱা হোৱাৰ পিছতো কিয় এনে কৰে বুলি প্ৰশ্ন উত্থাপন কৰা হৈছে। এতিয়াও শিৰত সেন্দূৰ লোৱা দেখা যায় ৰেখাক! ইয়াক লৈও বহু বিতৰ্ক হৈছিল। ঋষি কাপুৰ আৰু নীতু সিঙৰ বিয়াত  শিৰত সেন্দূৰ লৈ উপস্থিত হৈছে ৰেখা। সেই ঘটনাই আক্ষৰিক অৰ্থত পেজ থ্ৰীৰ শিৰোনাম দখল কৰিছিল। ৰেখাই আজিও কিয় সেন্দূৰ লয়।? তেওঁ নিজেই ইয়াৰ উত্তৰ দিছে।

ৰেখাৰ আত্মজীৱনী ৰচনা লিখিছিল ইয়াছিৰ উছমাই। তেওঁ কয়, “যেতিয়া নীতু-ঋষিৰ বিয়াত ৰেখাৰ সেন্দূৰৰ বিষয়ে বহু আলোচনা হৈছিল, তেতিয়া ৰেখাই নিজেই এই কথা প্ৰকাশ কৰিছিল”। তেওঁ কয় যে, “ৰেখাই শ্বুটিং কৰি আছিল, য’ত তেওঁ সেন্দূৰ আৰু মংগলসূত্ৰ পিন্ধিব লাগে। তেওঁ তাৰ পৰাই বিয়ালৈ আহিছিল। যাৰ বাবে খৰখেদাকৈ মেকআপ আঁতৰাবলৈ পাহৰিলে।”  যদিও এই কাৰণটো কাৰো বাবে বিশ্বাসযোগ্য নাছিল।

আনহাতে, এটা সাক্ষাৎকাৰত ৰেখাই কয়, “মই জন্মগ্ৰহণ কৰা চহৰখনত সেন্দূৰ ফেশ্বনৰ এটা অংশ। মই ভাবো যে মই সেন্দূৰ ল’লে ভাল দেখা যায়। গতিকে মই নিজৰ বাবে সেন্দূৰ লও। সেন্দূৰ ল’লে মোক ভাল লাগে।” এয়া আছিল ৰেখাৰ বক্তব্য। ৰেখাই সেন্দূৰ লোৱাৰ সম্পৰ্কে আটাইতকৈ বেছি চৰ্চিত মন্তব্যটো আছিল অভিনেতা পুনিত ইছাৰৰ পত্নী দীপালী ইছাৰৰ। তেওঁ এবাৰ সংবাদ মাধ্যমৰ সন্মুখত কৈছিল যে, ৰেখাই অমিতাভ বচ্চনৰ বাবে সেন্দূৰ লয়। সকলোৱে জানে যে তেওঁলোক প্ৰেমত পৰিছিল। অৱশ্যে তেওঁলোকৰ বিয়া হৈছিল নে নাই সেই সন্দৰ্ভত চৰ্চা চলিছে যদিও আজিলৈকে কোনো সুনিৰ্দিষ্ট প্ৰমাণ পোৱা নাই। যিয়েই নহওক, জীৱনৰ ৬৯ বছৰ বিতৰ্কৰে কটালে ৰেখাই। কিন্তু তেওঁৰ প্ৰতি থকা অনুৰাগীৰ আগ্ৰহ কম হোৱা নাই।

আপুনি বৈবাহিক জীৱনত সুখীনে? সম্পৰ্ক মধুৰ কৰি ৰাখিবলৈ অনুসৰণ কৰক চাণক্যৰ এই নীতিসমূহ
আপুনিৰ কোঠাৰ ভিতৰতে ফেনৰ তলত কাপোৰ শুকাবলৈ দিয়ে নেকি? কেনে ক্ষতি হ’ব পাৰে জানেনে?
অকাল মৃত্যুৰ পৰা পৰিত্ৰাণৰ উপায় ক'লে প্ৰেমানন্দ মহাৰাজে...
শাওনৰ সোমবাৰে শিৱলিংগত আগবঢ়াওক এইসমূহ বস্তু, লাভ কৰিৰ মহাদেৱৰ আশীৰ্বাদ!