জুবিন গাৰ্গৰ জীৱনৰ নানা দিশ সামৰি প্ৰকাশ পালে ‘বিশ্বশিল্পী জুবিন গাৰ্গ’

এতিয়া জুবিনৰ মৃত্যুৰ তদন্ত তীব্ৰ গতিত চলি আছে। SIT এ জুবিনৰ মৃত্যুৰ তদন্তত কোনো ধৰণৰ খুঁটিনাটি ৰাখিব বিচৰা নাই। আনফালে সোমবাৰৰ পৰা জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ন্যায়িক আয়োগৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ।

জুবিন গাৰ্গৰ জীৱনৰ নানা দিশ সামৰি প্ৰকাশ পালে বিশ্বশিল্পী জুবিন গাৰ্গ
Published: 

04 Nov 2025 | 07:21 PM

জুবিন নোহোৱা হোৱা এমাহ অতিক্ৰম কৰিছে। আজিও শিল্পীজনৰ কেনেকৈ মৃত্যু হ’ল সেয়া ৰহস্যজনক হৈ আছে। সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিল্পীজনৰ হত্যা হোৱা বুলি কোৱাৰ পিছত পুনৰ আন এটা আঘাত পাইছে অসমবাসীয়ে।

এতিয়া জুবিনৰ মৃত্যুৰ তদন্ত তীব্ৰ গতিত চলি আছে। SIT এ পূৰ্ণ গতিত জুবিনৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিছে। আনফালে সোমবাৰৰ পৰা জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ন্যায়িক আয়োগৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ। ইয়াৰ মাজতে অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰিছে লেখক সাংবাদিক দুলাল মিশ্ৰই। এই গ্ৰন্থখন প্ৰকাশ কৰিছে গুৱাহাটীৰ পাণবজাৰৰ আৰ জি পাব্লিকেছনছনে।

বিশ্বশিল্পী জুবিন গাৰ্গ গ্ৰন্থখনত জুবিন গাৰ্গে নিজে লিখা তেওঁৰ শৈশৱৰ মধুৰ দিনবোৰৰ বিষয়ে লেখা এটাও প্ৰকাশ পাইছে। জুবিন গাৰ্গৰ জীৱনৰ নানা দিশ সামৰি লোৱা গ্ৰন্থ খনত জুবিন গোৱা গানৰ তালিকা, সংগীত পৰিচালনা কৰা অসমীয়া তথা বঙালী ছবিৰ তালিকা, বলিউডত জুবিন গাৰ্গৰ অৱদান আদিও সামৰি লোৱা হৈছে। এগৰাকী মানৱতাবাদীৰ ৰূপত, প্ৰকৃতিপ্ৰমেৰীৰ ৰূপতো জুবিন গাৰ্গক গ্ৰন্থখনত সুন্দৰভাবে তুলি ধৰা হৈছে। এই গ্ৰন্থখনত জুবিন গাৰ্গৰ বহু কেইটা কালজয়ী গীত সন্নিবিষ্ট কৰা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...