জম্মু-কাশ্মীৰৰ লোকসকল কেন্দ্ৰৰ গোলাম নহয়, আমাৰ ভূমিৰ প্ৰকৃত গৰাকী আমি নিজেই: ফাৰুক আব্দুল্লাহ

নেচনেল কনফাৰেন্সৰ সভাপতি ফাৰুক আব্দুল্লাহে বুদগাম জিলাৰ বিয়েৰৱাহত তেওঁৰ নিৰ্বাচনী জনসভাৰ সময়ত কয় যে জম্মু-কাশ্মীৰৰ লোকসকল কেন্দ্ৰৰ গোলাম নহয়, তেওঁলোক নিজৰ ভূমিৰ গৰাকী নিজেই। লগতে বিজেপিক লক্ষ্য কৰি তেওঁ কয় যে কাশ্মীৰত বিজেপি সমৰ্থকসকলে যিমান সম্ভৱ সোনকালে তেওঁলোকৰ হিতাহিত জ্ঞান ঘূৰাই আনিব লাগে।

জম্মু-কাশ্মীৰৰ লোকসকল কেন্দ্ৰৰ গোলাম নহয়, আমাৰ ভূমিৰ প্ৰকৃত গৰাকী আমি নিজেই: ফাৰুক আব্দুল্লাহ

ফাৰুক আব্দুল্লাহ

Updated On: 

06 Sep 2024 | 05:55 PM

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সকলো ৰাজনৈতিক দলৰ মাজত বাকযুদ্ধ তীব্ৰতৰ হৈ উঠিছে। শ্ৰীনগৰ নেচনেল কনফাৰেন্সৰ সভাপতি ফাৰুক আব্দুল্লাহে বৃহস্পতিবাৰে কয় যে জম্মু-কাশ্মীৰৰ লোকসকল কেন্দ্ৰৰ দাস নহয়, তেওঁলোকৰ ভূমিৰ প্ৰকৃত মালিক নিজেই। বুদগাম জিলাৰ বিয়েৰৱাহত তেওঁৰ নিৰ্বাচনী জনসভাৰ সময়ত এই মন্তব্য কৰে।

ফাৰুক আব্দুল্লাহে সংবাদ মাধ্যমৰ আগত কয়, ‘মই আপোনাক এটা কথা কওঁ, আমি তেওঁলোকৰ দাস নহয়। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভা নিৰ্বাচনৰ পাছত কেন্দ্ৰই জম্মু-কাশ্মীৰক ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিব বুলি আশা কৰে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত এইদৰে কৈছিল। আব্দুল্লাহে আৰু কৈছে যে, “কাশ্মীৰৰ বিজেপিৰ সমৰ্থকসকলে যিমান সম্ভৱ সোনকালে সাৰ পোৱা উচিত।  তেওঁলোকৰ প্ৰশংসকসকলে হিতাহিত জ্ঞান ঘূৰাই আনক। ধুমুহা আহিব আৰু তেওঁলোকে ইয়াৰ সন্মুখীন হ’ব লাগিব।”

নেচনেল কনফাৰেন্স ত্যাগ কৰা কিছুমান নেতাৰ সন্দৰ্ভত আব্দুল্লাহে কয় যে নিৰ্বাচনৰ সময়ত এয়া এক স্বাভাৱিক প্ৰক্ৰিয়া। “মানুহ আহে আৰু যায়, আমি ইয়াক লৈ কি কৰিব পাৰিম?” নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা বিচ্ছিন্নতাবাদীসকলৰ সন্দৰ্ভত তেওঁ কয় যে যিসকলে ইয়াত পাকিস্তান পন্থী শ্ল’গান দি আছে তেওঁলোকক প্ৰশ্নটো সোধা উচিত। ভাৰত আৰু পাকিস্তানৰ মাজত আলোচনাৰ নিৰন্তৰ দাবীৰ বিষয়ে সোধাত আব্দুল্লাহে কয় যে এই আলোচনাবোৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সৈতে কৰিব পাৰে, ফাৰুক আব্দুল্লাহৰ দ্বাৰা নহয়।

 

উল্লেখ্য যে, ২০১৯ চনৰ আগষ্টত জম্মু আৰু কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ বাতিল কৰা হৈছিল আৰু ৰাজ্যখনক দুটা কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু আৰু কাশ্মীৰ আৰু লাডাখত বিভক্ত কৰা হৈছিল।
উচ্চতম ন্যায়ালয়ে ২০২৩ চনৰ ডিচেম্বৰত নিৰ্বাচন আয়োগক ২০২৪ চনৰ ছেপ্টেম্বৰৰ ভিতৰত জম্মু আৰু কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছিল। তাৰ পাছত গৃহমন্ত্ৰী অমিত শ্বাহে এক সাক্ষাৎকাৰত কৈছিল যে ৩০ ছেপ্টেম্বৰৰ আগতে জম্মু আৰু কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...