By-Elections 2024: : চাৰিটা সমষ্টিৰ ২৪ গৰাকী প্ৰাৰ্থী মনোনয়ন বৈধ, আজি পৰীক্ষা কৰা হ’ব চামগুৰিৰ ১৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন…

ৰাজ্যৰ পাঁচটা সমষ্টিৰ ভিতৰত চাৰিটা বিধানসভা সমষ্টিৰ ২৪ গৰাকী প্ৰাৰ্থী মনোনয়ন ইতিমধ্যে বৈধ ঘোষণা কৰিছে নিৰ্বাচন আয়োগৰ বিষয়াসকলে । মনকৰিবলগীয়া যে, বাকী থকা আনটো সমষ্টি চামগুৰিৰ ১৪ গৰাকী প্ৰাৰ্থী মনোনয়ন আজি পুনৰ পৰীক্ষা কৰা হ'ব ।

By-Elections 2024: : চাৰিটা সমষ্টিৰ ২৪ গৰাকী প্ৰাৰ্থী মনোনয়ন বৈধ, আজি পৰীক্ষা কৰা হব চামগুৰিৰ ১৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন...

প্ৰতীকী ফটো

Updated On: 

29 Oct 2024 12:13 PM

উপ-নিৰ্বাচনৰ অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ পাঁচটা সমষ্টিৰ ভিতৰত চাৰিটা বিধানসভা সমষ্টিৰ ২৪ গৰাকী প্ৰাৰ্থী মনোনয়ন ইতিমধ্যে বৈধ ঘোষণা কৰিছে নিৰ্বাচন আয়োগৰ বিষয়াসকলে । মনকৰিবলগীয়া যে, বাকী থকা আনটো সমষ্টি চামগুৰিৰ ১৪ গৰাকী প্ৰাৰ্থী মনোনয়ন আজি পুনৰ পৰীক্ষা কৰা হ’ব । ধলাই, বিহালী, বঙাইগাঁও আৰু চিদলী সমষ্টিৰ ২৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন সোমবাৰে বৈধ ঘোষণা কৰে নিৰ্বাচন আয়োগে ।

চামগুৰি সমষ্টিৰ ১৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধতাৰ সন্দৰ্ভত অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে পিটিআইক জনোৱা মতে, দুজন নিৰ্দলীয় প্ৰাৰ্থীৰ নথি-পত্ৰত কিছু সমস্যাৰ থকাৰ বাবে চামগুৰি সমষ্টিৰ ১৪ জন প্ৰাৰ্থীৰ পৰীক্ষা স্থগিত ৰখা হৈছে । এই প্ৰাৰ্থী কেইজনৰ মনোনয়ন মঙলবাৰে পৰীক্ষা কৰা হ’ব। উল্লেখ্য যে, মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোলৈকে ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মুঠ ৩৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল ।

যোৱা লোকসভা নিৰ্বাচনত এই সমষ্টি কেইটাৰ বিধায়কসকল সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে এই সমষ্টি কেইটাত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছে । এই সমষ্টি কেইটা হৈছে- ধলাই, চিদলী, বংগাইগাঁও, বেহালী আৰু চামগুৰি বিধানসভা সমষ্টি।

এই পাঁচটা সমষ্টিত ভোটগ্ৰহণ অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব আৰু ২৩ নৱেম্বৰত ভোট গণনা কৰা হ’ব। মনোনয়ন প্ৰত্যাহাৰৰ শেষ তাৰিখ ৩০ অক্টোবৰ। এই উপ-নিৰ্বাচনৰ বাবে ধলাই সমষ্টিত ৯ জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল । ইয়াৰ সমান্তৰালভাৱে চিদলী সমষ্টিত ৩ গৰাকী, বঙাইগাঁৱত ৮ গৰাকী, বিহালীত ৪ গৰাকী আৰু চামগুৰি সমষ্টিত ১৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল ।

নিৰ্বাচনী বিষয়া গোৱেলে কয় যে, ধলাই, চিদলী, বঙাইগাঁও আৰু বেহালীৰ সকলো মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰা হৈছে । দুজন নিৰ্দলীয় প্ৰাৰ্থীৰ দুজন প্ৰস্তাৱকৰ স্বাক্ষৰৰ সন্দৰ্ভত অমিল থকাৰ বাবে চামগুৰিত দাখিল কৰা মনোনয়ন পত্ৰৰ পৰীক্ষা মঙলবাৰে কৰা হ’ব বুলি জানিবলৈ দিছে নিৰ্বাচনী বিষয়া গৰাকীয়ে ।

ভুলতো ব্যৱহাৰ কৰিব নালাগে মৃতকৰ এই ৩ বস্তু! জানক...
ডুবাইত সহায়িকা, গাড়ীচালকৰ দৰমহা কিমান জানেনে? জানক...
গেছৰ সমস্যাত ভাৰাক্ৰান্ত নেকি? তেন্তে দৈনন্দিন জীৱনত নকৰিব এই ভুল!
এই ৫টা অভ্যাসে কম কৰে পুৰুষৰ যৌন ক্ষমতা! জানক...