দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ২১ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস
আজি ২১ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২১ ছেপ্টেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
- ১৭৮৪ চনত আমেৰিকাৰ প্ৰথম দৈনিক কাকত পেনচিলভেনিয়া পেকেট এণ্ড জেনেৰেল এডভাৰটাইজাৰ প্ৰকাশ পায়।
- ১৭৯০ চনত পালঘাটে জেনেৰেল মিড’ছৰ নেতৃত্বত গঠিত ব্ৰিটিছ দল এটাৰ হাতত ৬০টা বন্দুক লৈ আত্মসমৰ্পণ কৰে।
- ১৮৫৭ চনত মোগল সম্ৰাট বাহাদুৰ শ্বাহ দ্বিতীয়ই ব্ৰিটিছৰ ওচৰত আত্মসমৰ্পণ কৰে।
- ১৯৪২ চনত বয়িং বি-২৯ ছুপাৰফ’ৰ্ট্ৰেছে প্ৰথম উৰণ আৰম্ভ কৰে।
- ১৯৬৪ চনত মাল্টাই ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে।
- ১৯৯১ চনত আৰ্মেনিয়াই ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীনতা লাভ কৰে।
- ১৯৯৯ চনত মধ্য টাইৱানত সংঘটিত ভূমিকম্পৰ ফলত ২৪০০ লোকৰ মৃত্যু হয়।
- ২০১৩ চনত কেনিয়াৰ নাইৰোবিৰ ৱেষ্টগেট শ্বপিং মলত আল-ছাবাবৰ সন্ত্ৰাসবাদী আক্ৰমণত ৬৭ জন লোক নিহত হয়।