দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ২০ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

দিনটোৰ ইতিহাস

Published: 

20 Sep 2025 10:26 AM

আজি ২০ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২০ ছেপ্টেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

  1. ১৯৪২ চনত গহপুৰত ১৭ বছৰীয়া কনকলাতা বৰুৱাৰ নেতৃত্বত নিৰস্ত্ৰ গাঁওবাসীৰ শোভাযাত্ৰা কৰি থানাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। আৰক্ষীয়ে শোভাযাত্ৰাত গুলীচালনা কৰি হত্যা কৰে আৰু তেওঁৰ পৰা পতাকা কাঢ়ি লোৱা মুকুন্দ কাকতিৰ মৃত্যু হয়।
  2. এইদিনটো একেধৰণৰ ঘটনা সংঘটিত হৈছিল ঢেকীয়াজুলিতো। থানাত ত্ৰিৰংগা উত্তোলন কৰিবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষীৰ গুলীচালনাত তেতিয়া ১২ বছৰ সম্পূৰ্ণ কৰিবলৈ ওলোৱা তিলেশ্বৰী বৰুৱাৰ মৃত্যু হয়। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম কনিষ্ঠ শ্বহীদ হিচাপে পৰিগণিত হয়। দুয়োটা ঘটনা ভাৰত ত্যাগ আন্দোলনৰ অংশ।
  3. ১৮৫৭ চনত শেষ মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰ ইংৰাজৰ ওচৰত আত্মসমৰ্পণ কৰি ভাৰতত মোগল শাসনৰ সম্পূৰ্ণ অন্ত পৰে।
  4. ১৯৩৩ চনত ভাৰতৰ স্বাধীনতাৰ সমৰ্থক তথা সমাজকৰ্মী এনি বেছান্টৰ মৃত্যু হয়।
  5. ১৯৪৯ চনত প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক মহেশ ভাটৰ জন্ম হয়।
  6. ২০১৮ চনৰ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু বিশ্ব চেম্পিয়ন ভাৰোত্তোলক মিৰাবাই চানুক ৰাজীৱ গান্ধী খেলৰত্ন বঁটা লাভ কৰা বুলি ঘোষণা কৰা হয়।
  7. প্ৰতি বছৰে ২০ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় শিশু যত্ন দিৱস পালন কৰা হয়।
  8. ১৯৪৩ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী গায়ক, সুৰকাৰ, সংগীত পৰিচালক আৰু গীতিকাৰ জয়ন্ত হাজৰিকাৰ জন্ম।
ঘৰুৱা উপায়েৰে চিকচিকিয়া কৰি তোলক আপোনাৰ দাঁত...
খাতিৰ নকৰাকৈ গ'লগৈ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ...
ওজন বৃদ্ধি, আৰু ভাগৰ... এয়া বৃক্কজনীত সমস্যাৰ লক্ষণ নেকি?
১০ বছৰ পাছত বিৰল সংযোগ! নৱেম্বৰত কপাল ফুলিব এই ৰাশিৰ লোকৰ...