দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ১৩ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস
আজি ১৩ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১৩ ছেপ্টেম্বৰ কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
১৯২৯ চনত ভাৰতৰ বিখ্যাত বিপ্লৱী যতীন্দ্ৰনাথ দাসৰ ৬৩ দিনীয়া অনশনৰ অন্তত লাহোৰ কেন্দ্ৰীয় কাৰাগাৰত মৃত্যু হয়।
১৯৪৮ চনত চৰ্দাৰ বল্লভভাই পেটেলে ভাৰতীয় সেনাক ‘অপাৰেচন প’লো’ৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰি হায়দৰাবাদক ভাৰতীয় সংঘত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে।
১৯৮৫ চনত জাপানৰ নিন্টেণ্ডো কোম্পানীয়ে গেমিংৰ জগতখন সলনি কৰি দিয়া বিখ্যাত ভিডিঅ’ গেম ছুপাৰ মাৰিঅ’ ব্ৰাদছ মুকলি কৰে।
২০০০ চনত ভাৰতৰ বিশ্বনাথন আনন্দে শ্বেনয়াঙত অনুষ্ঠিত প্ৰথমটো ফিডে দবা বিশ্বকাপত জয়লাভ কৰে।
২০০৮ চনত দিল্লীৰ তিনিটা ভিন্ন স্থানত ইটোৰ পিছত সিটোকৈ কেইবাটাও বোমা বিস্ফোৰণ সংঘটিত হৈ ১৯ জন লোকৰ মৃত্যু হয়।
১৭৯১ চনত ফ্ৰান্সৰ ৰজা চতুৰ্দশ লুইয়ে নতুন সংবিধান গ্ৰহণ কৰে।
১৯৪৭ চনত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ৪০ লাখ হিন্দু আৰু মুছলমানক পাৰস্পৰিক বদলিৰ পৰামৰ্শ দিয়ে।