দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ১৩ অক্টোবৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস
আজি ১৩ অক্টোবৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১৩ অক্টোবৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
১৭৯২ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বাসগৃহ হোৱাইট হাউছৰ আধাৰশিলা স্থাপন কৰা হয়।
১৮৮৪ চনত গ্ৰীণউইচ মিন টাইমক বিশ্বৰ মানক সময় হিচাপে ঘোষণা কৰা হয়।
১৯১১ চনত স্বামী বিবেকানন্দৰ শিষ্য ভগ্নী নিবেদিতা (মাৰ্গাৰেট এলিজাবেথ নোবেল)ৰ মৃত্যু হয়।
১৯৪৩ চনত ইটালীয়ে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
১৯৭৬ চনত বলিভিয়াত বয়িং জেট বিমান দুৰ্ঘটনাগ্ৰস্ত হয় আৰু প্ৰায় ১০০ জন লোকৰ মৃত্যু হয়।
১৯৮৭ চনত বলীউডৰ বিখ্যাত গায়ক, অভিনেতা, পৰিচালক কিশোৰ কুমাৰৰ মৃত্যু হয়।
১৯৯৯ চনত অটল বিহাৰী বাজপেয়ী তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হয়।
২০০১ চনত নাইজেৰিয়াত হিংসাত্মক ঘটনাত প্ৰায় ২০০ জন লোকৰ মৃত্যু হয়।
২০১৬ চনত আমেৰিকাৰ গায়ক আৰু গীতিকাৰ বব ডিলানে সাহিত্যৰ নোবেল বঁটা লাভ কৰে।