ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…
আজি ২৫ জুলাই। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাস পাতত লিপিবদ্ধ হৈ আছে। ২৬ জুলাইৰ দিনটো অসমৰ বাবেও বিশেষ। কাৰণ আজিৰ দিনটোতে চৰাইদেউ মৈদাম ক্ষেত্ৰই ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস
আজি ২৬ জুলাইৰ দিনটো অসমৰ পৰ্যটন ক্ষেত্ৰৰ বাবে অতি বিশেষ। কাৰণ আজিৰ দিনটোতে চৰাইদেউ মৈদাম ক্ষেত্ৰই ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। চৰাইদেউ জিলাত থকা এই মৈদামসমূহৰ সাংস্কৃতিক তাৎপৰ্য্যক স্বীকৃতি দি ২০২৪ চনৰ ২৬ জুলাইত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত আনুষ্ঠানিকভাৱে সন্নিবিষ্ট কৰা হয়।
একেদৰে পাকিস্তানৰ বিৰুদ্ধে ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত ভাৰতৰ বিজয়ৰ স্মৃতিত ২৬ জুলাই দিনটো সমগ্ৰ দেশত কাৰ্গিল বিজয় দিৱস পালন কৰা হয়। প্ৰকাশিত প্ৰতিবেদন অনুসৰি, এই যুদ্ধত প্ৰায় ৪৯০ জন ভাৰতীয় জোৱান শ্বহীদ হৈছিল। শ্বহীদ সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতিবছৰে আজিৰ দিনটোত কাৰ্গিল যুদ্ধ দিৱস পালন কৰা হয়।
আজিৰ দিনটোতে আমেৰিকানছ উইথ ডিচেবিলিটিজ এক্ট (ADA) ১৯৯০ আইনত পৰিণত হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ এইচ ডব্লিউ বুছে ADA ত স্বাক্ষৰ কৰি আইনত পৰিণত কৰে। ইয়াৰ দ্বাৰা ৰাজহুৱা জীৱনৰ সকলো ক্ষেত্ৰতে বিশেষভাৱে সক্ষম ব্যক্তিৰ বিৰুদ্ধে বৈষম্য নিষিদ্ধ কৰা হৈছে।
একেদৰে ১৮৪৭ চনত আজিৰ দিনটোত মুক্ত আমেৰিকান দাসসকলে প্ৰতিষ্ঠা কৰা লাইবেৰিয়াই স্বাধীনতা লাভ কৰে। ইফালে ১৯৬৫ চনৰ ২৬ জুলাই দিনটোত মালদ্বীপে ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে।
১৯৪১ চনৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আজিৰ দিনটোতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুজভেল্টে আমেৰিকাৰ সকলো জাপানী সম্পত্তি জব্দ কৰাৰ নিৰ্দেশ দিয়ে, যাৰ ফলত পাৰ্ল হাৰ্বাৰ আক্ৰমণৰ পূৰ্বে উত্তেজনা বৃদ্ধি পায়।