Lal Bahadur Shastri Jayanti 2025: লাল বাহাদুৰ শাস্ত্ৰী জয়ন্তীঃ জানক দিনটোৰ ইতিহাস, মহত্ব আদি সকলো

Lal Bahadur Shastri Jayanti 2025: দেশৰ ইতিহাসত ২ অক্টোবৰৰ দিনটো অতি বিশেষ। গান্ধী জয়ন্তীৰ লগতে এই দিনটোত লাল বাহাদুৰ শাস্ত্ৰী জয়ন্তী পালন কৰা হয়। এই দিনটোত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ জন্ম হৈছিল।

Lal Bahadur Shastri Jayanti 2025: লাল বাহাদুৰ শাস্ত্ৰী জয়ন্তীঃ জানক দিনটোৰ ইতিহাস, মহত্ব আদি সকলো

লাল বাহাদুৰ শাস্ত্ৰী

Published: 

01 Oct 2025 20:54 PM

ভাৰতৰ ইতিহাসৰ পৃষ্ঠাত ২ অক্টোবৰৰ দিনটোৰ বিশেষ মহত্ব আছে। এই দিনটোত গান্ধী জয়ন্তীৰ সমান্তৰালকৈ ‘লাল বাহাদুৰ শাস্ত্ৰী জয়ন্তী’ পালন কৰা হয়। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সংগ্ৰামী তথা স্বাধীন ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম হৈছিল ১৯০৪ চনৰ ২ অক্টোবৰত উত্তৰ প্ৰদেশৰ চণ্ডাউলি জিলাৰ মোগলচৰাই (বৰ্তমান পণ্ডিত দীনদয়াল উপাধ্যায় নগৰ)ত। যাৰ বাবে এই দিনটোত শাস্ত্ৰীৰ জন্ম বাৰ্ষিকী পালন কৰা হয়। স্বাধীনতা সংগ্ৰাম, ৰাজনৈতিক জীৱন, দেশলৈ আগবঢ়োৱা অৱদানক স্মৰণ কৰাৰ বাবে এই দিনটোত শাস্ত্ৰী জয়ন্তী পালন কৰা হয়।

শাস্ত্ৰী আছিল ভাৰতীয় ৰাজনীতিৰ এজন সহজ-সৰল আৰু সৎ নেতা। তেওঁ ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈ, ২৫১ দিনৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে ১৯৬১ চনৰ পৰা ১৯৬৩ চনলৈ তেওঁ দেশৰ গৃহমন্ত্ৰী আছিল। তেওঁৰ কাৰ্যকালৰ সময়তে ১৯৬৫ চনত ভাৰত-পাকিস্তানৰ যুদ্ধ হৈছিল। তেওঁৰ নেতৃত্ব আৰু সাহসী সিদ্ধান্তৰ বাবে ভাৰতে আজিও তেওঁক স্মৰণ কৰে।

শাস্ত্ৰীৰ শ্লোগান “জয় জৱান, জয় কিষাণ” য়ে সেই সময়ত লাখ লাখ ভাৰতীয়ক অনুপ্ৰাণিত কৰিছিল। দেশলৈ আগবঢ়াই যোৱা তেওঁৰ অৱদানৰ বাবে এই দিনটোত তেওঁক স্মৰণ কৰি শ্ৰদ্ধা নিবেদন কৰা হয়। ২০২৫ চনত ১২১ সংখ্যক জন্মবাৰ্ষিকী পালন কৰা হ’ব।

ইতিহাস

শাস্ত্ৰীৰ জন্ম হৈছিল ১৯০৪ চনৰ ২ অক্টোবৰত। ভাৰতৰ স্বাধীনতা আন্দোলনত তেওঁৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আছিল আৰু পাছলৈ তেওঁক ৰাজনৈতিক নেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেওঁ অসহযোগ আন্দোলন, ভাৰত ত্যাগ আন্দোলন আদিত সক্ৰিয়ভাৱে অংশ লৈছিল। আনকি তেওঁ কেইবাবাৰো জেলত যাবলগীয়াত পৰিছিল।

১৯৬৪ চনত জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পাছত তেওঁ দেশৰ তৃতীয় প্ৰধানমন্ত্ৰী হয়। তেওঁৰ কাৰ্যকালৰ সময়ত দেশে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। কিন্তু সেই সময়ত তেওঁৰ নেতৃত্বই দেশত শক্তিশালী কৰি তুলিছিল। এই মহান নেতাগৰাকীৰ কৰ্মৰাজি, অৱদানক সন্মান জনোৱাৰ বাবে তেওঁৰ দিনটো লাল বাহাদুৰ শাস্ত্ৰী জয়ন্তী হিচাপে পালন কৰা হয়।

মহত্ব

এই দিনটোৰ মহত্ব অধিক। এই দিনটোৰ গুৰুত্ব নিহিত হৈ আছে তেওঁ দি থৈ যোৱা সততা, সৰলতা, দেশপ্ৰেম উদযাপন কৰাত। তেওঁ ৰাষ্ট্ৰীয় ঐক্যক প্ৰসাৰিত কৰিছিল। কৃষক আৰু সৈনিক উভয়ৰে উন্নতিৰ ক্ষেত্ৰত তেওঁ গুৰুত্ব দিছিল। দেশৰ ভৱিষ্যতৰ সুৰক্ষাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছিল। এনে অৱস্থাত প্ৰতিবছৰে তেওঁৰ জন্ম বাৰ্ষিকীত তেওঁৰ জীৱন আৰু মূল্যবোধক স্মৰণ কৰা হয়। এই দিনটোত দেশৰ বিভিন্ন স্থানত তেওঁৰ নামত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।

 

 

অন্য খবৰ পঢ়কঃ ২ অক্টোবৰত গান্ধী জয়ন্তীঃ জানক এই দিনটোৰ ইতিহাস, মহত্ব আদি সকলো…

অত্যন্ত ভাল ঘৰত এই ৫ জীৱৰ প্ৰৱেশ! জানক কি কি...
ভুলতো প্লাষ্টিকৰ পাত্ৰত নাৰাখিব এইবোৰ খাদ্য, হ’ব পাৰে বিপদ...
দিনটো নিজকে সতেজ কৰি ৰাখিব বিচাৰেনে? প্ৰতি নিশা শোৱাৰ পূৰ্বে কৰক এই কাম
উফিৰ ফলত চুলি সৰাৰ সমস্যা হয় নেকি? কি কয় বিশেষজ্ঞই, চাওক