ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…

আজিৰ দিনটোতে জাতীয় জাতীয়তাবাদী নেতা চিত্তৰঞ্জন দাসৰ মৃত্যু হয়। একেদৰে আজিৰ দিনটোতে কেলিফৰ্ণিয়াত সমকামী বিবাহৰ অনুমতি দিয়া হয়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ কেইটামান ঘটনা পৰিঘটনা ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…
Published: 

16 Jun 2025 09:18 AM

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ১৬ জুনৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজিৰ দিনটোতে স্পেইনে ব্ৰিটেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰে। আজিৰ দিনটোতে জাতীয় জাতীয়তাবাদী নেতা চিত্তৰঞ্জন দাসৰ মৃত্যু হয়। একেদৰে আজিৰ দিনটোতে কেলিফৰ্ণিয়াত সমকামী বিবাহৰ অনুমতি দিয়া হয়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ কেইটামান ঘটনা পৰিঘটনা ।

দিনটোৰ ইতিহাস

  1. ১৭৭৯ চনৰ আজিৰ দিনটোতে স্পেইনে ব্ৰিটেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰে।
  2. ১৯১১ চনৰ আজিৰ দিনটোতে নিউয়ৰ্কত আই বি এম কোম্পানী প্ৰতিষ্ঠা হয়। ইয়াৰ আগতে ইয়াৰ নাম আছিল কম্পিউটিং টেবুলেটিং ৰেকৰ্ডিং কোম্পানী।
  3. ১৯২৫ চনৰ আজিৰ দিনটোতে জাতীয়তাবাদী নেতা চিত্তৰঞ্জন দাসৰ মৃত্যু হয়।
  4. ১৯৬৩ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ ২৬ বছৰীয়া মহাকাশচাৰী লেফটেনেণ্ট ভেলেন্টিনা টেৰেচকোভাই ভষ্টক ৬ৰ মাজেৰে মহাকাশলৈ উৰা মাৰিছিল। তেওঁ আছিল বিশ্বৰ প্ৰথমগৰাকী মহিলা যিয়ে মহাকাশৰ গভীৰতালৈ উৰা মাৰিছিল।
  5. ১৯৭৯ চনৰ আজিৰ দিনটোতে ছিৰিয়াত মুছলিম ব্ৰাদাৰহুডৰ সৈতে হোৱা সংঘাতত ৬২ জন শ্বেখৰ মৃত্যু হয়।
  6. ২০০৮ চনৰ আজিৰ দিনটোতে কেলিফৰ্ণিয়াত সমকামী বিবাহৰ অনুমতি দিয়া হয়।
  7. ২০১২ চনৰ আজিৰ দিনটোতে চীনে মহাকাশযান শ্বেনঝৌ ৯ উৎক্ষেপণ কৰে।
  8. ২০১২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ বায়ুসেনাৰ ৰবটিক বয়িং এক্স-৩৭বি মহাকাশযানখনে নিজৰ অভিযান সম্পূৰ্ণ কৰি পৃথিৱীলৈ উভতি আহে।
নিমিষতে মুখৰ আলচাৰৰ পৰা উপশম পোৱাৰ ঘৰুৱা উপায়...জানক
পুৰীৰ ৰথ যাত্ৰাৰ আছে বহু ৰহস্য, জানিলে আপোনাৰ মন ভৰি পৰিব …
ভাৰতৰ ১০০ টকাৰ মূল্য ইৰাণত কিমান হয় জানেনে? জানক...
ঘৰৰ বাৰীত নাৰিকলৰ গছ থাকিলে কি হয় ? পৰিয়ালটোৰ ভৱিষ্যতৰ বাবে ভাল নে বেয়া ?