১৫ আগষ্টৰ পৰিৱৰ্তে ১৯ ডিচেম্বৰত স্বাধীনতা দিৱস উদযাপন কৰে ভাৰতৰ এইখন ৰাজ্যই

১৫ আগষ্ট, ভাৰতৰ স্বাধীনতা দিৱস। সমগ্ৰ দেশে এই দিনটো অতি উলহ-মালহেৰে উদযাপন কৰে। কিন্তু ভাৰতৰে এখন ৰাজ্যই এই দিনটোৰ পৰিৱৰ্তে ১৯ ডিচেম্বৰতহে স্বাধীনতা দিৱস পালন কৰে। কোনখন ৰাজ্য, আৰু কিয় এনে কৰা হয়, জানো আহক-

১৫ আগষ্টৰ পৰিৱৰ্তে ১৯ ডিচেম্বৰত স্বাধীনতা দিৱস উদযাপন কৰে ভাৰতৰ এইখন ৰাজ্যই

ভাৰতৰ এইখন ৰাজ্যই ১৯ ডিচেম্বৰত পালন কৰে স্বাধীনতা দিৱস

Published: 

13 Aug 2025 16:18 PM

প্ৰতি বছৰে ১৫ আগষ্টত সমগ্ৰ দেশতে স্বাধীনতা দিৱস উদযাপন কৰা হয়। ১৯৪৭ চনৰ ১৫ আগষ্ট, সমগ্ৰ দেশৰ জনতা স্বাধীনতা লাভৰ আনন্দত আত্মহাৰা হৈ পৰিছিল। এই দিনটো গোৱাৰ বাবেও উৎসাহৰ দিন, কিন্তু সেই দিনটোত এইখন ৰাজ্যই স্বাধীনতা নাপালে। ইয়াৰ এক ঐতিহাসিক কাৰণ আছে। ভাৰতীয়সকলে ব্ৰিটিছ শাসনৰ পৰা মুক্তি লাভ কৰা এই দিনটোক স্বাধীনতা দিৱস হিচাপে উদযাপন কৰে, কিন্তু গোৱা ১৫১০ চনৰ পৰা পৰ্তুগীজ উপনিবেশৰ অধীনত আছিল।

ইংৰাজে ভাৰতত ভৰি দি দেশ এৰি যোৱাৰ পিছতো ইয়াত পৰ্তুগীজসকলে শাসন কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছতো পৰ্তুগীজসকলে ক্ষমতা গতাই দিবলৈ অস্বীকাৰ কৰিছিল। এই কাৰণেই ১৯৪৭ চনৰ ১৫ আগষ্টৰ মাজনিশা গোৱাৰ বাহিৰে ভাৰতৰ সকলো প্ৰান্তই ইংৰাজৰ পৰা স্বাধীনতা লাভ কৰিছিল। এতিয়া গোৱাই কেতিয়া কেনেকৈ স্বাধীনতা পালে জানো আহক।

গোৱাই স্বাধীনতা লাভ কৰিবলৈ কিয় ১৪ বছৰ সময় লাগিল?

ভাৰতে ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰাৰ ১৪ বছৰৰ পাছত ১৯৬১ চনৰ ১৯ ডিচেম্বৰলৈকে গোৱা ঔপনিৱেশিক শাসনৰ অধীনত আছিল। ১৬০০ চনত ইংৰাজে ভাৰতত ভৰি দিয়াৰ বহু আগতেই গোৱা ১৫১০ চনৰ পৰা পৰ্তুগীজৰ উপনিবেশ আছিল। ইংৰাজ গুচি যোৱা আৰু ভাৰত সাৰ্বভৌম ৰাষ্ট্ৰ হোৱাৰ বহুদিনৰ পাছতো পৰ্তুগীজসকলে নিজৰ ক্ষমতা গতাই দিবলৈ অস্বীকাৰ কৰিছিল।

১৯ শতিকাত বিদ্ৰোহ অধিক তীব্ৰতৰ হৈ পৰে গোৱাত। কিন্তু গোৱা মুক্তি আন্দোলনে দেশজুৰি চলি থকা আন্দোলনৰ দৰে ইউৰোপীয় শক্তিসমূহক ৰাষ্ট্ৰৰ পৰা খেদি পঠিয়াবলৈ একত্ৰিত হ’ব পৰা নাছিল। তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নেতৃত্বত কেইবাখনো ব্যৰ্থ আলোচনাৰ অন্তত ভাৰতে গোৱাক দেশৰ বাকী অংশৰ সৈতে একত্ৰিত কৰি ইয়াত দশক দশক ধৰি চলি থকা পৰ্তুগীজ শাসনৰ অন্ত পেলোৱাৰ সিদ্ধান্ত লয়।

ইয়াত পৰ্তুগীজ শাসনৰ অন্ত পেলাবলৈ সামৰিক হস্তক্ষেপ অতি প্ৰয়োজনীয় বুলি সিদ্ধান্ত লোৱা হৈছিল। ১৯৬১ চনৰ ১৮ ডিচেম্বৰত ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাই একেলগে সশস্ত্ৰ ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ নাম আছিল ‘অপাৰেচন বিজয়’।

সমগ্ৰ অভিযানৰ সময়ছোৱাত গোৱাত মাত্ৰ ৩৩০০ পৰ্তুগীজ সৈনিক আছিল। পৰ্তুগীজসকলে ভাৰতৰ আগত আঁঠু ল’ব কৰিবলগীয়া হৈছিল আৰু পদচ্যুত গৱৰ্ণৰ জেনেৰেল মেনুৱেল এণ্টনিঅ’ ভাছালো-ই ছিলভাই আত্মসমৰ্পণ কৰিছিল। ১৮ ডিচেম্বৰৰ সন্ধিয়া ৬ বজাত সচিবালয়ৰ সন্মুখত থকা পৰ্তুগীজ পতাকা আঁতৰাই আত্মসমৰ্পণৰ ইংগিত দিবলৈ এখন বগা পতাকা উত্তোলন কৰা হয়।

ভাৰতীয় ত্ৰিৰংগ কেতিয়া উত্তোলন কৰা হৈছিল?

১৯ ডিচেম্বৰৰ পুৱা মেজৰ জেনেৰেল কেণ্ডেথে সচিবালয়ৰ সন্মুখত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰে। এই অভিযানত ভাৰতৰ সাতজন যুৱ বীৰ নাৱিক আৰু অন্যান্য জোৱান শ্বহীদ হয়। এই দিৱসটো গোৱা মুক্তি দিৱস হিচাপে পালন কৰা হয়।

ভাৰতীয় নৌসেনাৰ অফিচিয়েল ৱেবছাইট অনুসৰি, “১৯৬১ চনৰ ১৯ ডিচেম্বৰত ভাৰতীয় নৌসেনাৰ “অপাৰেচন বিজয়”ত প্ৰাণ আহুতি দিয়া সাতজন যুৱ সাহসী নাৱিক আৰু অন্যান্য কৰ্মীৰ স্মৃতিত ভাৰতীয় নৌসেনাৰ জাহাজ গোমন্তকত যুদ্ধ স্মৃতিসৌধ নিৰ্মাণ কৰা হৈছে।” ১৯ ডিচেম্বৰ বা গোৱা মুক্তি দিৱস ৰাজ্যখনত অতি তাৎপৰ্যপূৰ্ণ আৰু ইয়াক অতি উৎসাহেৰে পালন কৰা হয়।

লাভ কৰিব শ্ৰীকৃষ্ণৰ আশীৰ্বাদ! কৰক মাত্ৰ এই কাম...
এই ৩ বিধ খাদ্যই দুৰ্বল কৰি তুলিব পাৰে আপোনাৰ যকৃত! জানক সকলো...
জৰায়ুৰ সংক্ৰমণ কিয় হয়? জানক কেনেকৈ কৰিব প্ৰতিৰোধ
বাৰে বাৰে ভোক লাগে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ...