শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

HSLC Exam Date 2026: মেট্ৰিক পৰীক্ষাৰ দিন ঘোষণাঃ কোনটো পৰীক্ষা কোনদিনা অনুষ্ঠিত হ’ব, চাওক তালিকা…

HSLC Exam Date 2026: অৱশেষত ঘোষণা হ'ল মেট্ৰিক পৰীক্ষাৰ দিন। শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে পৰীক্ষাৰ তাৰিখৰ লগতে সময়সূচী ঘোষণা কৰে। ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব পৰীক্ষা।

HSLC Exam Date 2026: মেট্ৰিক পৰীক্ষাৰ দিন ঘোষণাঃ কোনটো পৰীক্ষা কোনদিনা অনুষ্ঠিত হ’ব, চাওক তালিকা…
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিনImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 19 Nov 2025 18:09 PM

অৱশেষত ঘোষণা হ’ল মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ চূড়ান্ত দিন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই ঘোষণা কৰে। সেই অনুসৰি অহা বছৰৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। মেট্ৰিক পৰীক্ষা ১০ ফেব্ৰুৱাৰীৰ পৰা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা ১১ ফেব্ৰুৱাৰীৰ পৰা।

ইফালে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে পৰীক্ষাৰ দিন আৰু সময়সূচী ঘোষণা কৰে। ঘোষণা কৰা অনুসৰি, ১০ ফেব্ৰুৱাৰী, ২০২৬ ৰ পৰা আৰম্ভ হোৱা মেট্ৰিক পৰীক্ষা শেষ হ’ব ২৭ ফেব্ৰুৱাৰীত।  মেট্ৰিকৰ পুৱাৰ ভাগৰ পৰীক্ষাসমূহ পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈ দুপৰীয়া ১২ বজাত শেষ হ’ব। ইফালে আবেলিৰ পৰীক্ষাসমূহ দুপৰীয়ে ১.৩০ বজাৰ পৰা আৰম্ভ হৈ আবেলি ৪.৩০ বজালৈ চলিব।

 

পৰীক্ষাৰ সময়সূচী

  • ১০ ফেব্ৰুৱাৰীঃ মাতৃভাষা (পুৱা)
  • ১৩ ফেব্ৰুৱাৰীঃ সমাজ বিজ্ঞান (পুৱা)
  • ১৪ ফেব্ৰুৱাৰীঃ ঐচ্ছিক বিষয়ৰ সংগীত, নৃত্য, উদক্ৰাফ্ট, হোম চাইন্সৰ পৰীক্ষা। (পুৱা)
  • ১৪ ফেব্ৰুৱাৰীঃ ফাইন আৰ্ট আৰু ৱেভিং এণ্ড টেক্সটাইল ডিজাইন বিষয়ৰ পৰীক্ষা। (আবেলি)
  • ১৬ ফেব্ৰুৱাৰীঃ ইংৰাজী (পুৱা)
  • ২০ ফেব্ৰুৱাৰীঃ সাধাৰণ গণিত (পুৱা)
  • ২৩ ফেব্ৰুৱাৰীঃ সাধাৰণ বিজ্ঞান (পুৱা)
  • ২৪ ফেব্ৰুৱাৰীঃ ঐচ্ছিক বিষয়ৰ মণিপুৰী, চান্থালি (পুৱা)
  • ২৫ ফেব্ৰুৱাৰীঃ ঐচ্ছিক বিষয়ৰ হিন্দী, গাৰমেণ্ট ডিজাইন বিষয়ৰ পৰীক্ষা (পুৱা)
  • ২৬ ফেব্ৰুৱাৰীঃ ঐচ্ছিক বিষয়ৰ ঐচ্ছিক গণিত, ভুগোল, ইতিহাস, সংস্কৃত, কম্পিউটাৰ বিজ্ঞান, বাণিজ্য, নেপালী, আৰৱী, পাৰ্ছী আৰু অসমীয়াৰ পৰীক্ষা (পুৱা)
  • ২৬ ফেব্ৰুৱাৰীঃ ঐচ্ছিক অসমীয়াৰ পৰীক্ষা অনুষ্ঠিত হ’ব। (আবেলি)
  • ২৭ ফেব্ৰুৱাৰীঃ Retail Trade NSQF, IT/ITES NSQF, Private Security NSQF, Health Care NSQF, Agriculture & Horticulture NSQF, Tourism & Hospitality NSQF, Beauty and Wellness NSQF, Automotive NSQF, Electronics and Hardware NSQF, Agriculture Dairy Worker NSQF, Apparel, Made-Ups & Home Furnishing NSQF, Yoga & Physical Education, Artificial Intelligence & Robotics (পুৱা)

 

অন্য খবৰ পঢ়কঃ ওলাইছে চাকৰিঃ আৰম্ভণি দৰমহা ৩৫,০০০ ৰ অধিক! ক’ত, কেনেকৈ আবেদন কৰিব জানক…