19 NOV 2025
Photos Credit: Getty, Unsplash
TV9 ASSAM
মানুহে প্ৰায়ে ঘৰত পাৰৰ বাহ বিচাৰি পায়। পাৰ চৰাইৰ বাহ সাজিলে প্ৰায়ে বিভ্ৰান্ত হৈ পৰে যে ইয়াক কি কৰিব লাগে।
মানুহে চিন্তা কৰে যে বাহটো আঁতৰাই দিব লাগে নে যিদৰে আছে তেনেকৈয়ে থাকিব দিব লাগে। বহুতে পাৰৰ বাহক দুৰ্ভাগ্যৰ প্ৰতীক হিচাপে গণ্য কৰে।
কিন্তু কোনো কোনো ঠাইত বেলকনি বা ছাদত পাৰ চৰায়ে বাহ সাজিলেও শুভ লক্ষণ বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ হ’ল ব্যক্তিজনক দেৱী লক্ষ্মীয়ে আশীৰ্বাদ দিয়া।
কেতিয়াবা বেলকনি বা ছাদত পাৰ চৰায়ে বাহ সাজি কণী পাৰে। এই বিষয়ে বাস্তু শাস্ত্ৰই কি বুজাইছে জানো আহক।
কোৱা হয় যে পাৰ চৰায়ে বাহ সাজি ঘৰৰ বেলকনি বা ছাদত কণী পাৰিলে সেই ঠাইখন পবিত্ৰ হৈ পৰে। ইয়াৰ দ্বাৰা ঘৰত ধনাত্মক শক্তি বৃদ্ধি পোৱাৰ লক্ষণ।
ধৰ্মীয়ভাৱে পাৰৰ ক্ষতি কৰা বা কণী পেলাই দিয়াটো পাপ বুলি গণ্য কৰা হয়। গতিকে পোৱালিবোৰ ফুটাৰ পিছতহে বাহটো আঁতৰাই দিব লাগে।
অৱশ্যে বিজ্ঞানৰ মতে পাৰ চৰায়ে বহু ৰোগৰ সৃষ্টি কৰিব পাৰে। গতিকে কোনো ঘৰৰ বেলকনি বা ছাদত যদি পাৰ চৰায়ে কণী পাৰিছে তেন্তে সেই কণী আঁতৰাই দিব লাগিব।
চাবলৈ ক্লিক কৰক