শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Huma Qureshi: কোন যুৱকে ওচৰলৈ টানি সাৱতি ধৰিলে হুমাক, কৰিলে চুম্বন!

Huma Qureshi: কোন যুৱকে ওচৰলৈ টানি সাৱতি ধৰিলে হুমাক, কৰিলে চুম্বন!

barasha-misra
Barasha Misra | Published: 18 Nov 2025 22:29 PM

শেহতীয়াকৈ বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী, সংগীত পৰিচালক তথা অভিনেতা হিমেশ ৰেশমিয়াই মুম্বাইত এক কনচাৰ্ট অনুষ্ঠিত কৰিছিল। হুমা কুৰেশ্বীয়ে তেওঁৰ প্ৰেমিক ৰচিতৰ সৈতে কনচাৰ্ট চাবলৈ গৈছিল। তাৰ পৰা এটি ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত।

বলীউডৰ অভিনেত্ৰী হুমা কুৰেশ্বী আৰু কাষ্টিং ডাইৰেক্টৰ ৰচিত সিঙৰ প্ৰেম কাহিনী বহুদিনৰ পৰাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। আনকি অতি সোনকালে হুম আৰু ৰচিতৰ বিয়া হ’ব বুলিও চৰ্চা চলিছে। অৱশ্যে এই উৰাবাতৰিৰ মাজতো হুম বা ৰচিত কোনোৱেই কেতিয়াও এই বিষয়ে কোনো কথা কোৱা নাই। ইয়াৰ বিপৰীতে বাৰে বাৰে বিষয়টো এৰাই চলিছে। কিন্তু এইবাৰ তেওঁলোকে আৰু সকলো লুকুৱাব নোৱাৰিলে। বৰঞ্চ তেওঁলোকৰ প্ৰেম কাহিনী কেমেৰাৰ সন্মুখত স্পষ্ট হৈ পৰিল।

শেহতীয়াকৈ বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী, সংগীত পৰিচালক তথা অভিনেতা হিমেশ ৰেশমিয়াই মুম্বাইত এক কনচাৰ্ট অনুষ্ঠিত কৰিছিল। হুমা কুৰেশ্বীয়ে তেওঁৰ প্ৰেমিক ৰচিতৰ সৈতে কনচাৰ্ট চাবলৈ গৈছিল। তাৰ পৰা এটি ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’