ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…
আজিৰ দিনটোতে খিলজী বংশৰ মুৰব্বী জালালুদ্দিন ফিৰোজ শ্বাহে দিল্লীৰ সিংহাসনত বহে । আজিৰ দিনটোতে ছুইডিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হয়। আজিৰ দিনটোতে জাৰ্মানীৰ পৰা নেতাজী সুভাষ চন্দ্ৰ বসু টকিঅ'ত উপস্থিত হয়। ইয়াৰ লগতে চাওঁ আহক ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা ।

আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজিৰ দিনটোতে খিলজী বংশৰ মুৰব্বী জালালুদ্দিন ফিৰোজ শ্বাহে দিল্লীৰ সিংহাসনত বহে । আজিৰ দিনটোতে ছুইডিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হয়। আজিৰ দিনটোতে জাৰ্মানীৰ পৰা নেতাজী সুভাষ চন্দ্ৰ বসু টকিঅ’ত উপস্থিত হয়। ইয়াৰ লগতে চাওঁ আহক ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা ।
দিনটোৰ ইতিহাস
- ১২৯০ চনত খিলজী বংশৰ মুৰব্বী জালালুদ্দিন ফিৰোজ শ্বাহে দিল্লীৰ সিংহাসনত বহে আৰু ইয়াৰ লগে লগে দাস বংশৰ শাসনৰ অন্ত পৰে। দীৰ্ঘদিন ধৰি আফগানিস্তানত বসতি স্থাপন কৰা খিলজী বংশই ১৩২০ চনলৈকে শাসন কৰিছিল।
- ১৭৩১ চনৰ আজিৰ দিনটোতে ছুইডিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হয়।
- ১৭৫৭ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰবাৰ্ট ক্লাইভে বংগ, বিহাৰ আৰু ওড়িশাৰ নবাব ছিৰাজ-উদ-দৌলাৰ বিৰুদ্ধে যুঁজিবলৈ মুৰ্ছিদাবাদ অভিমুখে যাত্ৰা কৰে। সেই সময়ত তেওঁৰ হাতত আঠটা কামানৰ উপৰিও ১০০০ ইউৰোপীয় আৰু ২০০০ ভাৰতীয় সৈনিক আছিল।
- ১৮৮৮ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ কংগ্ৰেছে শ্ৰম বিভাগ গঠন কৰে।
- ১৯৩২ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনে ৭২ বছৰ ধৰি নিজৰ লগত ৰাখি ছুৱেজ খালৰ নিয়ন্ত্ৰণ ইজিপ্তক অৰ্পণ কৰে।
- ১৯৪০ চনত লণ্ডনত দেশৰ মহান বিপ্লৱী উধম সিংক ফাঁচী দিয়া হয়। জেনেৰেল অ’ ডয়েৰৰ হত্যাৰ গোচৰত তেওঁক দোষী সাব্যস্ত কৰা হয়। জালিয়ানৱালা বাগ ট্ৰেজেডীৰ সময়ত জেনেৰেল ডয়েৰ পঞ্জাৱৰ গৱৰ্ণৰ আছিল আৰু সেই হত্যাকাণ্ডৰ প্ৰতিশোধ ল’বলৈ উধম সিঙে জেনেৰেল ডয়েৰক হত্যা কৰিছিল।
- ১৯৪৩ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ পৰা নেতাজী সুভাষ চন্দ্ৰ বসু টকিঅ’ত উপস্থিত হয়।
- ২০০২ চনৰ আজিৰ দিনটোতে আমেৰিকাই এণ্টি বেলিষ্টিক মিছাইল চুক্তিৰ পৰা নিজকে পৃথক কৰে।
- ২০১২ চনৰ আজিৰ দিনটোতে বিখ্যাত পাকিস্তানী গজল গায়ক মেহদী হাছানৰ মৃত্যু হয়।