14 June 2025
TV9 ASSAM
Photos Credit: Getty Images
গৰমৰ দিনত প্ৰায় সংখ্যক লোকৰে বিয়েৰ খোৱাৰ অভ্যাস আছে । গৰমৰ পৰা সকাহ পাবলৈ বহু লোকে বিয়েৰ খায় ।
বহুতে বিয়েৰ খাই ভাল পায় । কলকাতা, দিল্লী বা মুম্বাই নহয়, কিন্তু বিয়েৰ খোৱাৰ ক্ষেত্ৰত শীৰ্ষ স্থানত থকা চহৰখনৰ নাম কি জানেনে ?
উত্তৰ প্ৰদেশৰ আলিগড় চহৰে আন সকলো ডাঙৰ চহৰক অতিক্ৰম কৰিছে । চৰকাৰী তথ্য অনুসৰি, যোৱা ৪৩ দিনত চহৰখনৰ মানুহে ২৬ কোটি টকাৰ বিয়েৰ সেৱন কৰিছিল ।
তথ্য অনুসৰি, আলিগড়ত ৪৯ খন সুৰা বিপনী আছে । চহৰখনত ৪৩ দিনত বিক্ৰী হয় ৭.৯৫ লাখ বিয়েৰ ক্ৰেট ।
এটা ক্ৰেটত ১২ টা বিয়েৰ থাকে । গতিকে আলিগড়ত ৯৫ লাখ বিয়েৰ বিক্ৰী হৈছিল । গড়ে প্ৰতিদিনে ২.২ লাখ বিয়েৰ বিক্ৰী হৈছিল চহৰখনত ।
যোৱা বছৰ মে' মাহত ১১ কোটি টকাৰ বিয়েৰ বিক্ৰী হৈছিল । জুন মাহৰ প্ৰথম ১১ দিনত ৬ কোটি ৩০ লাখ টকাৰ বিয়েৰ বিক্ৰী হৈছিল।
এইবাৰ মে' মাহত ১৯ কোটি টকাৰ বিয়েৰ বিক্ৰীৰ হোৱাৰ লগতে জুনৰ প্ৰথম ১১ দিনত ৬ কোটি ৮৫ লাখ টকা বিয়েৰ বিক্ৰী হয় । চহৰখনত ১৯.৭ শতাংশ বৃদ্ধি পাইছে বিয়েৰ বিক্ৰী ।
পঢ়িবলৈ ক্লিক কৰক