ত্ৰিপুৰা, মিজোৰাম, গোৱা আৰু লাডাখৰ পাছত দেশৰ সম্পূৰ্ণ সাক্ষৰ ৰাজ্যৰ তালিকাত যোগ হ’ল আন এখন ৰাজ্য

এখন ৰাজ্যক "সম্পূৰ্ণ সাক্ষৰ" বুলি তেতিয়াহে কোৱা হয়, যেতিয়া ইয়াৰ ১৫ বছৰৰ ওপৰৰ জনসংখ্যাৰ ৯৫ শতাংশতকৈ অধিক লোকে পঢ়িব আৰু লিখিব পাৰে, লগতে মৌলিক হিচাপ-নিকাচ কৰিব পাৰে। এই তালিকাত ত্ৰিপুৰা, মিজোৰাম, গোৱা আৰু লাডাখৰ পাছত যোগ হ'ল আন এখন ৰাজ্য।

ত্ৰিপুৰা, মিজোৰাম, গোৱা আৰু লাডাখৰ পাছত দেশৰ সম্পূৰ্ণ সাক্ষৰ ৰাজ্যৰ তালিকাত যোগ হল আন এখন ৰাজ্য

হিমাচল প্ৰদেশ হ'ল দেশৰ চতুৰ্খন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য

Published: 

09 Sep 2025 13:33 PM

সোমবাৰে দেশৰ এখন ৰাজ্যক “সম্পূৰ্ণ সাক্ষৰ ৰাজ্য” হিচাপে ঘোষণা কৰা হয়। এই ৰাজ্যখনৰ পূৰ্বে ভাৰতৰ আন তিনিখন ৰাজ্য ত্ৰিপুৰা, মিজোৰাম, গোৱা আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখক সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে ঘোষণা কৰা হৈছে। নতুনকৈ সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে ঘোষণা কৰা হৈছে হিমাচল প্ৰদেশক। ৰাজ্যখনক “সম্পূৰ্ণ সাক্ষৰ ৰাজ্য” হিচাপে ঘোষণা কৰাটো শিক্ষাৰ ক্ষেত্ৰত এক ঐতিহাসিক কৃতিত্ব বুলি অভিহিত কৰা হৈছে। এই সাফল্যৰ কথা ঘোষণা কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে।

এই সাফল্যৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে কয়, “ৰাজ্যৰ সাক্ষৰতাৰ হাৰ ৯৯.৩০ শতাংশ হৈছেগৈ, যিটো ৰাষ্ট্ৰীয় মানদণ্ড ৯৫ শতাংশতকৈ বহু বেছি। ন্যূনতম সাক্ষৰতাৰ হাৰৰ প্ৰায় সাত শতাংশৰ পৰা সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হোৱাৰ যাত্ৰা প্ৰত্যাহ্বানেৰে ভৰা আছিল। তথাপিও গুণগত শিক্ষা প্ৰদানৰ লক্ষ্যৰে ৰাজ্যখন অবিৰতভাৱে আগবাঢ়িছে।”

কোন ৰাজ্যক “সম্পূৰ্ণ সাক্ষৰ” বুলি গণ্য কৰা হয়?

মুখ্যমন্ত্ৰী সুখুৱে আৰু কয় যে ছাত্ৰ-শিক্ষকৰ অনুপাততো হিমাচল প্ৰদেশ দেশৰ ভিতৰতে প্ৰথম স্থানত আছে। কেন্দ্ৰীয় চৰকাৰৰ ‘উল্লাস’ আঁচনিৰ অধীনত এই সাফল্য লাভ কৰা হৈছে। এই আঁচনিৰ অধীনত এখন ৰাজ্যক “সম্পূৰ্ণ সাক্ষৰ” বুলি তেতিয়াহে কোৱা হয়, যেতিয়া ইয়াৰ ১৫ বছৰৰ ওপৰৰ জনসংখ্যাৰ ৯৫ শতাংশতকৈ অধিক লোকে পঢ়িব আৰু লিখিব পাৰে, লগতে মৌলিক হিচাপ-নিকাচ কৰিব পাৰে।

ধৰ্মেন্দ্ৰ প্ৰধানে চাৰিখন ৰাজ্যক অভিনন্দন জ্ঞাপন কৰে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বক্তব্যৰ পিছতেই মুখ্যমন্ত্ৰী সুখুৱে এই ঘোষণা কৰিছে, য’ত তেওঁ কয় যে ভাৰতৰ সাক্ষৰতাৰ হাৰ ২০১১ চনত ৭৪ শতাংশৰ পৰা ২০২৩-২৪ চনত ৮০.৯ শতাংশলৈ বৃদ্ধি পাইছে। ধৰ্মেন্দ্ৰ প্ৰধানে ২০২৫ চনৰ আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস উপলক্ষে দিল্লীত আয়োজিত এক কাৰ্যসূচীত ভাৰ্চুৱেলী ভাষণ দি লাডাখ, মিজোৰাম, গোৱা, ত্ৰিপুৰা আৰু হিমাচল প্ৰদেশক পূৰ্ণ সাক্ষৰতা লাভ কৰাৰ বাবে অভিনন্দন জনায়। এই সফলতাক তেওঁ চৰকাৰ, সমাজ আৰু স্বেচ্ছাসেৱকসকলৰ সামূহিক প্ৰচেষ্টাৰ শক্তিৰ নিশ্চয়তা বুলি অভিহিত কৰে।

কেতবোৰ অনুষ্ঠানৰ ভূমিকাক আলোকপাত

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে উল্লাস-নৱ ভাৰত সাক্ষৰতা কাৰ্যসূচীৰ ভূমিকাক আলোকপাত কৰে, যাৰ অধীনত ৩ কোটিতকৈ অধিক শিক্ষাৰ্থী আৰু ৪২ লাখ স্বেচ্ছা সেৱকৰ নামভৰ্তি কৰা হৈছে। তেওঁ কয়, “প্ৰায় ১.৮৩ কোটি শিক্ষাৰ্থীয়ে ইতিমধ্যে মৌলিক সাক্ষৰতা আৰু সংখ্যাৰ মূল্যায়ন লাভ কৰিছে, সফলতাৰ হাৰ ৯০ শতাংশ। এই কাৰ্যসূচীয়ে এতিয়া ২৬টা ভাৰতীয় ভাষাত শিক্ষণ সামগ্ৰী প্ৰদান কৰে, যাৰ ফলত সাক্ষৰতাক সঁচাকৈয়ে সৰ্বাংগীন কৰি তোলা হৈছে।”

সাধাৰণভাৱে নল'ব, কি কি ৰোগৰ ফলত সঘনাই এচিডিটিৰ সমস্যা হ’ব পাৰে? জানক...
আজিৰ পৰাই সৱাধান হওক... মহিলাৰ মেদবহুলতাৰ আঁৰত লুকাই থকা তিনিটা প্ৰধান কাৰণ জানক...
গুপ্তাংগত ওলোৱা ফোঁহা সহজে কেনেকৈ দূৰ কৰিব?
ধুনীয়া আৰু আকৰ্ষণীয় শৰীৰৰ বাবে কি কি কৰিব, ভুলতো নকৰিব মাথোঁ ভুল!