অনলাইন জুৱা আৰু ২৭,০০০ কোটিৰ প্ৰৱঞ্চনা! যুৱৰাজ সিং, চনু ছুদ, উৰ্বশী ৰাউটেলাকে ধৰি একাংশক ED ৰ চমন…
প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে এই প্ৰচাৰৰ ফলত তথ্য প্ৰযুক্তি (আই টি) আইন, বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন (ফেমা), ধন সৰবৰাহৰ প্ৰতিৰোধ আইন (পিএমএলএ) আৰু বেনামি লেনদেন আইন আদিকে ধৰি কেইবাখনো আইন উলংঘা কৰিছে।

ইডিৰ জেৰা
অবৈধ অনলাইন বেটিং প্লেটফৰ্মৰ তদন্ত কৰি আছে ইডিয়ে। এই সময়চোৱাত ইডিয়ে প্ৰাক্তন ক্ৰিকেটাৰ আৰু চলচ্চিত্ৰ জগতৰ লগত জড়িত লোকসকলৰ প্ৰচাৰৰো তদন্ত কৰি আছে। এনডিটিভি প্ৰফিটৰ এক প্ৰতিবেদন অনুসৰি ইডিয়ে ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিং, সুৰেশ ৰাইনা, যুৱৰাজ সিঙৰ লগতে অভিনেতা চনু ছুদ আৰু উৰ্বশী ৰাউটেলাক 1xBet, FairPlay, Parimatch, Lotus365ৰ দৰে নিষিদ্ধ বেটিং প্লেটফৰ্মৰ প্ৰচাৰৰ সৈতে জড়িতৰ ক্ষেত্ৰত সোধা পোছা কৰে। ইডিৰ তথ্য অনুসৰি প্ৰতি বছৰে বেটিং প্লেটফৰ্মৰ পৰা প্ৰায় ২৭ হাজাৰ কোটি টকা প্ৰৱঞ্চনা কৰা হয়।
ইডিৰ এজন বিষয়াৰ উদ্ধৃতিৰে কোৱা হৈছে যে এই বেটিং প্লেটফৰ্মসমূহে 1xbat আৰু 1xbat স্প’ৰ্টছ লাইনৰ দৰে ভুৱা নাম ব্যৱহাৰ কৰি বিজ্ঞাপন অভিযান চলাই আছে। এই বিজ্ঞাপনসমূহত প্ৰায়ে QR ক’ড থাকে, যিয়ে ব্যৱহাৰকাৰীক বেটিং চাইটলৈ লৈ যায়। এই দিশটোৱে ভাৰতীয় আইনৰ প্ৰত্যক্ষ উলংঘা কৰে। এই সন্দৰ্ভত কেইবাগৰাকী তাৰকাক ইতিমধ্যে ইডিয়ে জাননী জাৰি কৰিছে। কিছুমানে জাননী লাভ কৰিছে আৰু কিছুমানে লাভ কৰিবলৈ বাকী আছে।
প্ৰতিবেদনত কোৱা হৈছে যে এই প্লেটফৰ্মসমূহে নিজকে দক্ষতাভিত্তিক গেমিং প্লেটফৰ্ম হিচাপে উপস্থাপন কৰে। কিন্তু বাস্তৱক্ষেত্ৰত এইবোৰে ভাগ্যভিত্তিক ফলাফলৰ ওপৰত কাম কৰে আৰু ৰিগড এলগৰিদম ব্যৱহাৰ কৰে। এই সকলোবোৰ দিশক ভাৰতীয় আইনত জুৱা বুলি ধৰা হয়।
প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে এই প্ৰচাৰৰ ফলত তথ্য প্ৰযুক্তি (আই টি) আইন, বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন (ফেমা), ধন সৰবৰাহৰ প্ৰতিৰোধ আইন (পিএমএলএ) আৰু বেনামি লেনদেন আইন আদিকে ধৰি কেইবাখনো আইন উলংঘা কৰিছে। ইয়াৰোপৰি ইয়াৰ প্ৰচাৰৰ ফলত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় তথা ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনা উলংঘা কৰে।
শেহতীয়াকৈ ইডিয়ে ৭৬০টাতকৈও অধিক ম্যুল বেংক ছীজ কৰিছিল। ইয়াৰ লগতে বহু ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড জব্দ কৰিছিল। আই পি এল আৰু টি-২০ ক্ৰিকেট বিশ্বকাপৰ খেলত অবৈধ জুৱাৰ ধন সৰবৰাহৰ ক্ষেত্ৰত দুজন লোকো গ্ৰেপ্তাৰ হয়। ইয়াৰ পূৰ্বে ২০২৫ চনৰ মাৰ্চ মাহত তেলেগু চলচ্চিত্ৰ জগতৰ অভিনেতা ৰাণা ডাগ্গুবাটি, প্ৰকাশ ৰাজ, বিজয় দেৱেৰাকোণ্ডা, মাঞ্চু লক্ষ্মী আৰু নিধি আগৰৱালৰ বিৰুদ্ধে বেটিং এপৰ প্ৰচাৰৰ বাবে গোচৰ ৰুজু হৈছিল।
ইডিৰ মতে, বৰ্তমান অবৈধ অনলাইন জুৱাৰ বজাৰ ১০০ আৰৱ ডলাৰৰ। যি যিটো বছৰি ৩০ শতাংশ হাৰত বৃদ্ধি পাইছে। ২০২৫ চনৰ জানুৱাৰীৰ পৰা ২০২৫ চনৰ মাৰ্চ মাহৰ ভিতৰত এই প্লেটফৰ্মসমূহত ১.৬ বিলিয়নতকৈ অধিক ভিজিট লাভ কৰিছিল। এই প্লেটফৰ্মসমূহৰ পৰা বছৰি প্ৰায় ২৭,০০০ কোটি টকা কৰ ফাঁকি হোৱাৰ অনুমান কৰা হৈছে।
অন্য খবৰ পঢ়কঃ ইজৰাইল-ইৰাণৰ যুদ্ধৰ মাজতে ভাৰতে দেখুৱালে শক্তি! এছিয়াত নতুন যুদ্ধৰ উকমুকনি…