কৃষকলৈ প্ৰধানমন্ত্ৰী মোদীৰ উপহাৰ, ৪২ হাজাৰ কোটি টকাৰ আঁচনিৰে হ’ব লাভৱান

দীপাৱলীৰ পূৰ্বে কৃষকক এক উল্লেখযোগ্য উপহাৰ দিবলৈ সাজু হৈছে প্ৰধানমন্ত্ৰী মোদী। আজি ১১ অক্টোবৰত তেওঁ ৪২,০০০ কোটি টকাৰ আঁচনি মুকলি কৰিব। তদুপৰি তেওঁ প্ৰধানমন্ত্ৰী ধন-ধন্য কৃষি যোজনা আৰু দালিৰ বাবে আত্মনিৰ্ভৰশীল অভিযান আৰম্ভ কৰিব।

কৃষকলৈ প্ৰধানমন্ত্ৰী মোদীৰ উপহাৰ, ৪২ হাজাৰ কোটি টকাৰ আঁচনিৰে হব লাভৱান

কৃষকলৈ প্ৰধানমন্ত্ৰী মোদীৰ উপহাৰ

Published: 

11 Oct 2025 12:25 PM

দীপাৱলীৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকক এক বৃহৎ উপহাৰ দিবলৈ সাজু হৈছে। আজি ২০২৫ চনৰ ১১ অক্টোবৰত তেওঁ দেশৰ কৃষকসকলৰ বাবে ৪২,০০০ কোটি টকাৰ নতুন আঁচনি আৰম্ভ কৰিব, যাৰ ফলত তেওঁলোক প্ৰত্যক্ষভাৱে উপকৃত হ’ব। এই তথ্য দি দেশৰ কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে উল্লেখ কৰে যে, এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দুখন ডাঙৰ কাৰ্যসূচী আৰম্ভ কৰিব। ইয়াৰে এখন হৈছে Mission for Aatmanirbharta in Pulses আৰু PM Dhan Dhaanya Krishi Yojana।

প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনাৰ অধীনত সমগ্ৰ দেশৰ ১০০খন পিছপৰা আৰু কম উৎপাদনক্ষম জিলাত কৃষিৰ প্ৰসাৰ আৰু কৃষকৰ আয় উন্নত কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হ’ব। এই আঁচনিখনে জলসিঞ্চন, মজুতকৰণ, উৎপাদন, আৰু কৃষি ঋণৰ দৰে সুবিধাসমূহৰ অধিক উন্নতি সাধন কৰিব।

এইবোৰ উদ্বোধন কৰা হ’ব

ইয়াৰ উপৰিও এই কাৰ্যসূচীয়ে ১১০০ৰো অধিক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। যাৰ মুঠ মূল্য ৪২,০০০ কোটি টকাতকৈ অধিক। ইয়াৰ ভিতৰত পশুপালন, মীনপালন, খাদ্য প্ৰক্ৰিয়াকৰণ, কৃষি সম্পৰ্কীয় আন্তঃগাঁথনি উন্নয়ন আদি অন্যতম। প্ৰধানমন্ত্ৰীয়ে কৃষক উৎপাদক সংস্থা (এফ পি অ’), সমবায় সমিতি, কৃষি উদ্ভাৱককো সন্মান জনাব।

এই চৰকাৰী পদক্ষেপে কৃষকসকলক কেৱল উৎপাদন বৃদ্ধি কৰাত সহায় কৰাই নহয়, তেওঁলোকৰ আয় বৃদ্ধি, নতুন প্ৰযুক্তিৰ ব্যৱহাৰ, আৰু গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাত সহায় কৰিব। ই ভাৰতীয় কৃষিৰ বাবে এক বৃহৎ গেম চেঞ্জাৰ হ’ব, খাদ্য সুৰক্ষা শক্তিশালী কৰিব আৰু কৃষকৰ জীৱনশৈলী উন্নত কৰিব।

এই বৈঠকৰ সময়ত কৃষিক্ষেত্ৰত ডিজিটাইজেচন আৰু বিত্তীয় আন্তঃগাঁথনিৰ ওপৰতো আলোচনা কৰা হ’ব, যাতে কৃষকসকলে সহজে সেৱা আৰু আৰ্থিক সাহায্য লাভ কৰিব পাৰে। এই পদক্ষেপে কৃষকসকলক বিশ্ব বজাৰৰ সৈতে সংযোগ কৰাৰ লগতে কৃষিজাত সামগ্ৰীৰ মান উন্নত কৰাত সহায় কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ এই পদক্ষেপ কৃষিক্ষেত্ৰত লাভজনক পৰিৱৰ্তন আনি খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত দেশখনক স্বাৱলম্বী কৰি তোলাৰ দিশত এক বৃহৎ অভিযান, যিয়ে অনাগত বছৰবোৰত ভাৰতীয় কৃষিক নতুন উচ্চতালৈ লৈ যাব।

অনিয়মিত ঋতুস্ৰাৱৰ পৰা পৰিত্ৰাণ পাবলৈ কৰক এই কাম...
দীপাৱলীত বিৰল সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!
এই লক্ষণবোৰ আওকাণ নকৰিব, কিডনী দুৰ্বল হ'লে চকুৰ কি কি সমস্যা হয়? জানক
সুস্থ মন এটাৰ বাবে মানসিক চাপ নিয়ন্ত্ৰণ কৰাৰ টিপছ জানক