শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মুকেশ আম্বানীৰ মাষ্টাৰ ষ্ট্ৰ’ক, এইবাৰ ভাৰতত হ্ৰাস পাব নেকি পেট্ৰ’ল-ডিজেলৰ দাম?

নায়াৰা এনাৰ্জীত ৰাছিয়াৰ ৰছনেফ্ট অইল কোম্পানীৰ ৪৯.১৩ শতাংশ অংশীদাৰিত্ব আছে। তেওঁলোকে এতিয়া নিজৰ এই মালিকীস্বত্ব বিক্ৰীৰ বাবে সিদ্ধান্ত হৈছে। প্ৰকাশিত খবৰ অনুসৰি, ইতিমধ্যে কোম্পানীটোৱে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সৈতে আলোচনাত মিলিত হ'ব পাৰে বুলি চৰ্চা হৈছে।

মুকেশ আম্বানীৰ মাষ্টাৰ ষ্ট্ৰ’ক, এইবাৰ ভাৰতত হ্ৰাস পাব নেকি পেট্ৰ’ল-ডিজেলৰ দাম?
Image Credit source: TV9 Bangla
manas-borah
Manas Borah | Published: 02 Jul 2025 13:24 PM

বিক্ৰী হ’ব নেকি তেল শোধন কোম্পানী নায়াৰা এনাৰ্জী (Nayara Energy)। এই কোম্পানীটোৱে তেল শোধন কৰাৰ লগতে পৰিচালনা কৰে প্ৰায় ৬ হাজাৰ ৭৫০টা পেট্ৰ’ল পাম্প। এই কোম্পানীয়ে ভাৰতত বছৰি ২ কোটি টন তেল শোধন কৰে।

নায়াৰা এনাৰ্জীত ৰাছিয়াৰ ৰছনেফ্ট অইল কোম্পানীৰ ৪৯.১৩ শতাংশ অংশীদাৰিত্ব আছে। তেওঁলোকে এতিয়া নিজৰ এই মালিকীস্বত্ব বিক্ৰীৰ বাবে সিদ্ধান্ত হৈছে। প্ৰকাশিত খবৰ অনুসৰি, ইতিমধ্যে কোম্পানীটোৱে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সৈতে আলোচনাত মিলিত হ’ব পাৰে বুলি চৰ্চা হৈছে।

ভাৰতৰ কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৰাছিয়াৰ ৰছনেফ্টে ৰিলায়েন্সৰ সৈতে আলোচনাৰ বাবে আগবাঢ়িছে । আৰু এই খবৰ যদি সঁচা হয়,তেন্তে দুয়োটা কোম্পানীৰ বাবে ভাল খবৰ।

ইউৰোপ আৰু আমেৰিকাৰ নিষেধাজ্ঞাৰ বাবে কোম্পানীটোৱে ভাৰতত কাম কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। ফলত তেওঁলোকে ভাৰতৰ পৰা নিজৰ দেশলৈ নিজৰ লভ্যাংশ লৈ যাব পৰা নাই। আৰু সেইবাবেই তেওঁলোকে এই ভাৰতীয় কোম্পানীটোৰ অংশীদাৰিত্ব বিক্ৰী কৰিব বিচাৰিছে বুলি খবৰ প্ৰকাশ পাইছে।

কোৱা হৈছে যে, নায়াৰা এনাৰ্জীৰ সন্দৰ্ভত ৰিলায়েন্সৰ সৈতে প্ৰাৰম্ভিক আলোচনা কৰিছে ৰছনেফ্টে। সূত্ৰ অনুসৰি, ৰছনেফ্টে এই কোম্পানীটোৰ মূল্য হঠাতে ১৭ বিলিয়ন ডলাৰলৈ হ্ৰাস কৰিছে। অৱশ্যে মুকেশ আম্বানীৰ কোম্পানীয়ে এই সন্দৰ্ভত আৰু অধিক আলোচনা হোৱাটো বিচাৰিছে। যদিও ৰছনেফ্টে এই সন্দৰ্ভত এতিয়াও কোনো বিবৃতি প্ৰকাশ কৰা নাই। কিন্তু বিশেষজ্ঞসকলৰ মতে, এই চুক্তিৰ ফলত ভাৰতত তেলৰ মূল্য দীৰ্ঘকালীনভাৱে অলপ কম হ’ব পাৰে।