৯০ দিনৰ পিছত কিয় আপোনাৰ চিম কাৰ্ড নিষ্ক্ৰিয় কৰিব পাৰে ? সঠিক সময়ত এই ব্যৱস্থা গ্ৰহণ কৰক…

আপুনি পূৰ্বে ব্যৱহাৰ কৰা নম্বৰটো আন এজন লোকৰ হাতলৈ যাব পাৰে। ই কেনেকৈ সম্ভৱ? এই সন্দৰ্ভত কিছুমান নিয়ম আছে। আপোনাৰ প্ৰয়োজনীয় যোগাযোগৰ নম্বৰটো সক্ৰিয়া বা আন কোনো লোকৰ হাতলৈ যোৱাৰ পৰা ৰক্ষা কৰিবলৈ কিছুমান কথা গুৰুত্ব দিব লাগিব।

৯০ দিনৰ পিছত কিয় আপোনাৰ চিম কাৰ্ড নিষ্ক্ৰিয় কৰিব পাৰে ? সঠিক সময়ত এই ব্যৱস্থা গ্ৰহণ কৰক...
Published: 

16 Sep 2025 12:46 PM

কল্পনা কৰক, এজন বন্ধুক আপুনি ফোন কৰিছে আৰু তেওঁৰ সলনি আন কোনো এজন অচিনাক্ত লোকে ফোনটো ৰিচিভ কৰিছে। অথবা আপোনাৰ কোনো আত্মীয়ক ফোন কৰি জানিলে যে, সেই নম্বৰটো এতিয়া তেওঁৰ লগত নাই। তেতিয়া আপোনাৰ কেনে অনুভৱ হ’ব? আপুনি পূৰ্বে ব্যৱহাৰ কৰা নম্বৰটো আন এজন লোকৰ হাতলৈ যাব পাৰে। ই কেনেকৈ সম্ভৱ? এই সন্দৰ্ভত কিছুমান নিয়ম আছে। আপোনাৰ প্ৰয়োজনীয় যোগাযোগৰ নম্বৰটো সক্ৰিয়া বা আন কোনো লোকৰ হাতলৈ যোৱাৰ পৰা ৰক্ষা কৰিবলৈ কিছুমান কথা গুৰুত্ব দিব লাগিব।

যদি আপুনি একেৰাহে ৯০ দিন চিম ব্যৱহাৰ নকৰে, তেন্তে সেই চিম কাৰ্ডখন নিষ্ক্ৰিয় হৈ পৰে। এই নিয়ম কেৱল জিঅ’, এয়াৰটেল বা ভোডাফোনৰ লগতে নহয়, সকলো টেলিকম অপাৰেটৰৰ চিমতহে প্ৰযোজ্য। আৰু যদি কোনো ফোন নম্বৰ বহুদিন সক্ৰিয় নহয়, তেন্তে টেলিকম সেৱা প্ৰদানকাৰীয়ে সেই চিমটো আন কাৰোবাক বিক্ৰী কৰে।

আচলতে যদি কোনো চিম ৯০ দিন ব্যৱহাৰ নোহোৱাকৈ থাকে তেন্তে কোম্পানীয়ে ইয়াক নিষ্ক্ৰিয় কৰি পেলায়। অৱশ্যে চিমত বেলেঞ্চ থাকিলে তেতিয়া ২০ টকা কৰ্তন কৰে। টেলিকম কোম্পানীসমূহে আৰু ৩০ দিনৰ সময়ো দিয়ে। এইদৰে টেলিকম সেৱা প্ৰদানকাৰী কোম্পানীসমূহে প্ৰতি ৩০ দিনৰ মূৰে মূৰে ২০ টকা কৰ্তন কৰিবলৈ আৰম্ভ কৰে। বেলেঞ্চ শেষ হ’লে কোম্পানীসমূহে চিমটো নিষ্ক্ৰিয় কৰে।

এবাৰ মোবাইল চিম নিষ্ক্ৰিয় হ’লে ১৫ দিনৰ ভিতৰত এই চিম সক্ৰিয় কৰিব লাগিব। অন্যথা সেই চিমটো পিছত ব্যৱহাৰ কৰিব নোৱাৰিব। ইয়াৰ পিছত টেলিকম কোম্পানীয়ে এই নিষ্ক্ৰিয় চিমটো আন কাৰোবাক বিক্ৰী কৰে। ফলত আপোনাৰ ছেকেণ্ডাৰী চিম সক্ৰিয় কৰি ৰাখিবলৈ আপুনি নূন্যতম বেলেঞ্চ ৰাখিব লাগিব বা ৰিচাৰ্জ কৰিব লাগিব। সেই চিমটো মাজে মাজে ব্যৱহাৰ কৰিব লাগিব। এইদৰে আপোনাৰ যোগযোগৰ নম্বৰ অন্য লোকৰ হাতলৈ যোৱাৰ পাৰ ৰক্ষা কৰিব পাৰে।

শনিৰ শুভ অৱস্থান, এই ৩ ৰাশিয়ে লাভ কৰিব ভাগ্যৰ সমৰ্থন!
কাইলৈ জন্মদিন উদযাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে, জানেনে তেওঁৰ সৰ্বকালৰ প্ৰিয় ছবি কোনখন?
এই ৬ টা অভ্যাসে নষ্ট কৰি পেলাব পাৰে বৃক্ক! জানক...
সূৰ্যৰ স্থান পৰিবৰ্তন! প্ৰভাৱ পৰিব এই ৪ ৰাশিৰ ওপৰত...