মাহৰ প্ৰথমটো দিনতে দেশবাসীলৈ সকাহ! দাম কমিল গেছ চিলিণ্ডাৰৰ, এতিয়া পাব ইমান মূল্যতে…
যোৱা মাহত দাম বৃদ্ধি পোৱাৰ পিছত নৱেম্বৰ মাহত গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰত গ্ৰাহকে লাভ কৰিছে সামান্য সকাহ। আজি হোৱা মূল্য পৰিৱৰ্তনৰ দ্বাৰা দেশৰ গ্ৰাহকসকলে গেছ চিলিণ্ডাৰ কিছু কম মূল্যত ক্ৰয় কৰিব পাৰিব। পিছে আজি গেছ চিলিণ্ডাৰত কিমান দাম কমিল, চাওক।

দাম কমিল গেছ চিলিণ্ডাৰৰ
প্ৰতি মাহৰ প্ৰথমটো দিনটো মূল্য পৰিৱৰ্তন হয় গেছ চিলিণ্ডাৰৰ। ঘৰুৱা গেছ চিলিণ্ডাৰত পৰিৱৰ্তন নঘটিলেও শেহতীয়া সময়ছোৱাত প্ৰতিটো মাহতে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যৰ সালসলনি দেখা গৈছে। যোৱা মাহত ১৫ টকা বৃদ্ধি পোৱাৰ পিছত নৱেম্বৰ মাহত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰত গ্ৰাহকে লাভ কৰিছে সামান্য সকাহ। আজি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ৪.৫ টকাৰ পৰা ৬.৫ টকালৈ হ্ৰাস পাইছে। অৱশ্যে এইবাৰো ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে।
আমেৰিকা আৰু ইউৰোপীয় ইউনিয়নে ৰাছিয়াৰ তেল আৰু গেছ কোম্পানীসমূহৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত ঘৰুৱা তেল আৰু পেট্ৰলিয়াম কোম্পানীসমূহৰ বাবে মধ্যপ্ৰাচ্য আৰু আমেৰিকাৰ কোম্পানীসমূহৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি পাইছে। ইয়াৰ ফলত মূল্যৰ ওপৰত প্ৰভাৱ পৰিছে।
আন্তঃৰাষ্ট্ৰীয় বজাৰত গেছৰ মূল্য বৃদ্ধি হোৱাৰ লগতে ডলাৰৰ মূল্য হ্ৰাস পোৱা বুলিও বিশেষজ্ঞসকলে কয়। এই কাৰণতে ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম অপৰিৱৰ্তিত হৈ আছে। এতিয়া মূল্য পৰিৱৰ্তনৰ পিছত দেশৰ চাৰিখন প্ৰধান মহানগৰত গেছ চিলিণ্ডাৰৰ দাম কিমান হৈ পৰিছে কওঁ।
বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম
IOCLৰ ৱেবছাইট অনুসৰি নৱেম্বৰ মাহত চাৰিওখন মহানগৰতে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ৪.৫ টকাৰ পৰা ৬.৫ টকালৈ হ্ৰাস পাইছে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী আৰু মুম্বাইত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য প্ৰতি চিলিণ্ডাৰত ৫ টকাকৈ হ্ৰাস পাইছে। এইদৰে দুয়োখন মহানগৰৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ক্ৰমে ১,৫৯০.৫০ আৰু ১,৫৪২ টকা হৈছে।
কলকাতাত সৰ্বাধিক ৬.৫ টকা হ্ৰাস পোৱা দেখা গৈছে। এইদৰে চহৰখনত এটা বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১৬৯৪ টকা হৈছে। আনহাতে দক্ষিণ ভাৰতৰ সৰ্ববৃহৎ মহানগৰ চেন্নাইত ৪.৫ টকা হ্ৰাস পোৱা দেখা গৈছে, এইদৰে চহৰখনত এটা বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য এতিয়া ১৭৫০ টকা হৈছে বুলি IOCLৰ ৱেবছাইটত প্ৰকাশ পাইছে। গুৱাহাটীত এতিয়া নতুন দৰ হ’ব ১৭৮৬ টকা।