Loan on UPI: UPI ৰ জৰিয়তে লওক ঋণ, নিমিষতে আপোনাৰ একাউণ্টত সোমাব ধন!

Loan on UPI: নেশ্যনেল পেমেন্ট কর্পোৰেশন ইতিমধ্যে সকলো ইউপিআই বেংক, পেমেণ্ট চাৰ্ভিচ প্ৰভাইডাৰ, ক্ৰেডিট লাইন ইছ্যুয়াৰ আৰু থাৰ্ড পাৰ্টি এপ প্ৰভাইডাৰক ৩১ আগষ্টৰ পূৰ্বে প্ৰয়োজনীয় সকলো পৰিৱৰ্তন কৰিবলৈ কোৱা হৈছে।

Loan on UPI: UPI ৰ জৰিয়তে লওক ঋণ, নিমিষতে আপোনাৰ একাউণ্টত সোমাব ধন!

UPI ৰ জৰিয়তে লওক ঋণ

Published: 

21 Jul 2025 09:16 AM

শীঘ্ৰে ইউপিআইত এটা ডাঙৰ পৰিৱৰ্তন আহিব। ইতিমধ্যে প্ৰি-এপ্ৰুভেল ক্ৰেডিট লাইনৰ বাবে ইউপিআইৰ নিয়ন্ত্ৰক নেশ্যনেল পেমেন্ট কর্পোৰেশনে নতুন গাইডলাইন জাৰি কৰিছে।

কিন্তু আপুনি জানেনে ইউ পি আইত কি পৰিৱৰ্তন হ’ব? অহা মাহৰ পৰা ইউ পি আইৰ জৰিয়তে ঋণ ল’ব পাৰিব। ফিক্সড ডিপ’জিট, শ্বেয়াৰ, বণ্ড, গোল্ড বা প্রপার্টিৰ বিনিময়ত ইউ পি আইৰ জৰিয়তে ঋণ ল’ব পাৰিব। সহজ ভাষাত ক’বলৈ গ’লে পেটিএম, ফোনপে বা G-payৰ দৰে বিভিন্ন ইউপিআই এপসমূহ লোন একাউণ্টৰ সৈতে সংযোগ কৰিব পৰা যাব।

ইতিমধ্যে নেশ্যনেল পেমেন্ট কর্পোৰেশনে সকলো ইউপিআই বেংক, পেমেণ্ট চাৰ্ভিচ প্ৰভাইডাৰ, ক্ৰেডিট লাইন ইছ্যুয়াৰ আৰু থাৰ্ড পাৰ্টি এপ প্ৰভাইডাৰক ৩১ আগষ্টৰ পূৰ্বে প্ৰয়োজনীয় সকলো পৰিৱৰ্তন কৰিবলৈ কৈছে।

ইউপিআইয়ে পূৰ্বে পি2পি লেনদেনৰ বাবে পূৰ্ব অনুমোদিত ক্ৰেডিট লাইন প্ৰদান কৰিছিল। এতিয়া বেংক ক্ৰেডিট লাইন ব্যৱহাৰ কৰি নগদ ধন উলিওৱা, পি2পি লেনদেন, আৰু পি2এম লেনদেন কৰিব পৰা যায়।

এই ঋণৰ সুবিধা কেনেকৈ পাব?

ধৰি লওক আপুনি এখন দোকানৰ বাবে ব্যৱসায়িক ঋণ লৈছে আৰু এতিয়া ২ লাখ টকা দিব লাগিব। পূৰ্বে এই ধন বেংকৰ দ্বাৰা ট্ৰেন্সফাৰ কৰিবলগীয়া হৈছিল। কিন্তু ঋণ একাউণ্টটো ইউ পি আইৰ সৈতে লিংক কৰিব পৰা নাছিল। আগষ্টৰ পৰা ব্যৱসায়িক ঋণ একাউণ্টৰ পৰা ইউপিআই পেমেণ্ট কৰিব পাৰিব। অৱশ্যে এই ব্যৱস্থা কেনেদৰে কাৰ্যকৰী হ’ব সেই সম্পৰ্কে এতিয়াও স্পষ্ট ধাৰণা হোৱা নাই।

ক্ৰেডিট লাইন কি?

ইউপিআইত প্রি-চ্যাংচন ক্ৰেডিট লাইনৰ অৰ্থ হ’ল বেংকৰ পৰা প্ৰি-এপ্ৰুভড ক্ৰেডিট লাইন, য’ৰ পৰা আপুনি লেনদেনৰ বাবে আপোনাৰ ইউপিআই একাউণ্ট লিংক কৰিব পাৰে। ক্ৰেডিট লাইন হ’ল বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ ল’ব পৰা পূৰ্বনিৰ্ধাৰিত ধনৰ পৰিমাণ। ই আপোনাৰ আয় বা ক্ৰেডিট স্ক’ৰৰ ওপৰত ভিত্তি কৰি কৰা হয়।

অৱশ্যে ইউ পি আইৰ ধন পৰিশোধৰ ক্ষেত্ৰত এতিয়াও কিছু বাধা আছে। উল্লেখ্য যে, এদিনত ইউ পি আইৰ জৰিয়তে সৰ্বাধিক ১ লাখ টকা খৰচ কৰিব পাৰিব। আনহাতে সৰ্বাধিক ১০ হাজাৰ টকা উলিয়াব পাৰিব। ২০টাতকৈ অধিক পি ২ পি পেমেণ্ট অৰ্থাৎ ব্যক্তিৰ পৰা ব্যক্তিলৈ পেমেণ্ট এদিনতে কৰিব নোৱাৰি।

পূৰ্বে ইউপিআই ব্যৱহাৰ কৰি কেৱল অভাৰড্ৰাফ্ট একাউণ্ট বা ৰূপে ক্ৰেডিট কাৰ্ডহে ব্যৱহাৰ কৰিব পৰা গৈছিল। ৩১ আগষ্টৰ পৰা আৰু অধিক সংযোজন কৰা হ’ব। ইয়াৰ ভিতৰত আছে:

  • ক্রেডিট অন ফিক্সড ডিপোজিট
  • ক্ৰেডিট অন বণ্ড/শ্বেয়াৰ
  • ক্রেডিট অন প্রপার্টি
  • ক্রেডিট অন গোল্ড
  • ব্যক্তিগত ঋণ
  • ব্যৱসায়িক ঋণ
  • কিষাণ ক্ৰেডিট কাৰ্ড ঋণ।
মুখৰ দুৰ্গন্ধ হ’ব পাৰে এনে ৰোগসমূহৰ প্ৰাৰম্ভিক লক্ষণ, আওকাণ নকৰি এতিয়াই হওক সাৱধান
ব্ৰেকফাষ্টৰ পৰা আৰম্ভ কৰি নিশাৰ আহাৰতো কণী! পিছে দিনটোত কিমান কণী খাব লাগে জানেনে?
চুলি সৰা সমস্যাৰ পৰা উপশম পাবলৈ এইকেইটা ঘৰুৱা উপায় গ্ৰহণ কৰক...
কেন্সাৰৰ এই প্ৰাৰম্ভিক লক্ষণসমূহ আপুনি কেতিয়াও আওকাণ কৰিব নালাগে