IDBI Bank: বিক্ৰী হ’বলৈ গৈ আছে দেশৰ আন এটা বেংক, লাখ লাখ গ্ৰাহকৰ কি হ’ব ?
চৰকাৰী সূত্ৰ অনুসৰি, IDBI বেংক বিক্ৰী হ’বলৈ গৈ আছে। ইয়াৰ অংশীদাৰিত্ব বিক্ৰী কৰা হ’ব। ইতিমধ্যে ইন্টাৰ-মিনিষ্টেৰিয়েল গোটে শ্বেয়াৰ বিক্ৰী আৰু ক্ৰয় চুক্তিৰ বাবে ক্লিয়াৰেন্স দিছে। ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা নিলাম বা নিলাম প্ৰক্ৰিয়া আৰম্ভ হ’ব পাৰে।

প্ৰতীকী ফটো
বিক্ৰী হ’বলৈ গৈ আছে দেশৰ আন এটা বেংক! সলনি হ’ব মালিকীস্বত্ব। জানিব পৰা মতে, IDBI বেংকৰ কৌশলগত ডিচইনভেষ্টমেণ্ট প্ৰক্ৰিয়াৰ চূড়ান্ত পৰ্যায় আৰম্ভ হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে এই খবৰ। ইয়াৰ লগে লগে প্ৰশ্ন উত্থাপন হৈছে যে, যদি বিক্ৰী হয় এই বেংকৰ লাখ লাখ গ্ৰাহকৰ কি হ’ব ?
চৰকাৰী সূত্ৰ অনুসৰি, IDBI বেংক বিক্ৰী হ’বলৈ গৈ আছে। ইয়াৰ অংশীদাৰিত্ব বিক্ৰী কৰা হ’ব। ইতিমধ্যে ইন্টাৰ-মিনিষ্টেৰিয়েল গোটে শ্বেয়াৰ বিক্ৰী আৰু ক্ৰয় চুক্তিৰ বাবে ক্লিয়াৰেন্স দিছে। ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা নিলাম বা নিলাম প্ৰক্ৰিয়া আৰম্ভ হ’ব পাৰে।
মনি কণ্ট্ৰ’লৰ এক প্ৰতিবেদন অনুসৰি, IDBI বেংক ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ডুবাইৰ এমিৰেটছ এনবিডি বেংকে (Emirates NBD)। অৱশ্যে এই চুক্তি এতিয়াও চূড়ান্ত কৰা নাই কোম্পানীটোৱে। সূত্ৰ অনুসৰি, এই অংশীদাৰিত্ব ৪০,০০০ৰ পৰা ৫০,০০০ কোটি টকাত বিক্ৰী হ’ব পাৰে।
বৰ্তমান আইডিবিআই বেংকত কেন্দ্ৰীয় চৰকাৰ আৰু জীৱন বীমা নিগমৰ (LIC) ৯৫ শতাংশ অংশীদাৰিত্ব আছে। ইয়াৰে ৬০.৭২ শতাংশ অংশীদাৰিত্ব বিক্ৰী কৰাৰ পৰিকল্পনা কৰা হৈছে।
অৱশেষত শ্বেয়াৰ ক্ৰয় চুক্তি বা SPA অনুমোদন জনোৱাৰ পিছত নিবিদা প্ৰকাশ কৰা হ’ব। কোৱা হয় যে, শ্বেয়াৰ বিক্ৰী আৰু ক্ৰয় চুক্তিখন হৈছে এক আইনী নথি যিয়ে কোম্পানীটোৰ শ্বেয়াৰ বিক্ৰী আৰু ক্ৰয়ৰ চৰ্তসমূহ নিৰ্দিষ্ট কৰে। এই অংশীদাৰিত্ব বিক্ৰীৰ প্ৰক্ৰিয়া ২০২৪ চনৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হৈছিল।
ইয়াৰ ফলত গ্ৰাহকৰ ওপৰত প্ৰভাৱ পৰিব? বেংকৰ ষ্টেক সলনি হ’লে গ্ৰাহকৰ একাউণ্ট বন্ধ নহয়। কিন্তু বেংকৰ নীতিৰ পৰিৱৰ্তন হ’ব পাৰে। যাৰ ফলত গ্ৰাহকৰ লাভ বা লোকচান হ’ব পাৰে। বেংকৰ সুতৰ হাৰ বৃদ্ধি পাব পাৰে, যাৰ ফলত গ্ৰাহকৰ খৰচ আৰু বৃদ্ধি পাব পাৰে।