পুনৰ হ্ৰাস পালে সোণৰ দাম, চিন্তা কমিল মধ্যবিত্তৰ…

শনিবাৰে দিনটো সোণৰ দাম হ্ৰাস পোৱা দেখা গ'ল। কিন্তু এফালে যদি সোণৰ দান হ্ৰাস পাইছিল, আনফালে আকৌ ৰূপৰ দাম দাম বদ্ধি হোৱা দেখা যায়।

পুনৰ হ্ৰাস পালে সোণৰ দাম, চিন্তা কমিল মধ্যবিত্তৰ...
Published: 

16 Nov 2025 13:58 PM

আঘোণ মানেই বিয়াৰ বতৰ। এই শুভ ক্ষণত বহুতে আপোনজনক উপহাৰ হিচাপে সোণ বা ৰূপৰ সামগ্ৰী দি ভাল পায়। বিয়াৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে মধ্যবিত্ত শ্ৰেণীয়ে কিছু সকাহ পাব পাৰে। দেখা গৈছে যে, সামান্য হ্ৰাস পাইছে সোণৰ দাম। ইফালে বাঢ়িছে ৰূপৰ দাম। আজি দেওবাৰৰ দিনটোত সোণ-ৰূপৰ দামত কোনো পৰিৱৰ্তন হোৱা নাই যদিও শনিবাৰৰ দিনটো সোণৰ দাম কিছু হ্ৰাস পোৱা দেখা গৈছিল। যদি আপুনি আপোনাৰ আপোনজনৰ বাবে বা নিজৰ বাবে সোণ বা ৰূপৰ গহনা কিনিব বিচাৰে, ইয়াৰ দাম কিমান জানোঁ আহক।

২৪ কেৰেট সোণৰ মূল্য-

১৫ নৱেম্বৰৰ দিনটোত ২৪ কেৰেটৰ ১ গ্ৰাম সোণৰ মূল্য ১২ হাজাৰ ৭০৩ টকা আছিল। একেদৰে ১০ গ্ৰাম সোণৰ মূল্য ১ লাখ ২৭ হাজাৰ ৩০ টকা। ১০০ গ্ৰাম সোণৰ মূল্য ১২ লাখ ৭০ হাজাৰ ৩০০ টকা। ১০০ টকা হ্ৰাস পাইছে মূল্য।

শনিবাৰে ২২ কেৰেট সোণৰ মূল্য-

২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১ হাজাৰ ৬৪৪ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১ লাখ ১৬ হাজাৰ ৪৪০ টকা। ১০০ গ্ৰাম সোণৰ মূল্য ১১ লাখ ৬৪ হাজাৰ ৪০০ টকা। ১০০ টকা হ্ৰাস পাইছে মূল্য।

১৮ কেৰেট সোণৰ মূল্য-

১৮ কেৰেট সোণৰ ১ গ্ৰামৰ মূল্য ৯ হাজাৰ ৫২৭ টকা। ১০ গ্ৰাম সোণৰ মূল্য ৯৫ হাজাৰ ২৭০ টকা। ১০০ গ্ৰাম সোণৰ মূল্য ৯ লাখ ৫২ হাজাৰ ৭০০ টকা। ১০০ টকা হ্ৰাস পাইছে মূল্য।

ৰূপৰ মূল্য-

যদিও শনিবাৰৰ দিনটোচ সোণৰ মূল্য হ্ৰাস পাইছে, তথাপিও ৰূপৰ মূল্য বৃদ্ধি পাইছে। ১৫ নৱেম্বৰত ১০০ গ্ৰাম ৰূপৰ মূল্য ১৭ হাজাৰ ৩২০ টকা। ১ কেজি ৰূপৰ মূল্য ১ লাখ ৭৩ হাজাৰ ২০০ টকা। ৰূপৰ মূল্য ১০০ টকা বৃদ্ধি।

আপোনাৰ গাহৰিৰ পাম আছে নেকি? আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ কেনেকৈ ৰোধ কৰিব? জানক
চুলিত লগাওক এইবিধ সামগ্ৰী, হৈ পৰিব দীঘল আৰু চিকমিকিয়া!
তেজৰ কৰ্কট ৰোগ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
শীতকালত চুগাৰৰ সমস্যা থকাসকল সাৱধান হওক, নিয়ন্ত্ৰণৰ বাবে চিকিৎসকৰ ৬ টা পৰামৰ্শ