পাকিস্তান, চীনৰ পিছত এইবাৰ ভাৰতৰ লক্ষ্য বাংলাদেশ! সামগ্ৰী আমদানি-ৰপ্তানিৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ
বৰ্তমান চুবুৰীয়া দেশক উচিত শিক্ষা দিবলৈ প্ৰস্তুতি চলাইছে ভাৰতে। পাকিস্তান আৰু চীনক পাঠ শিকোৱাৰ পাছত এতিয়া বাংলাদেশৰ বিৰুদ্ধে লোৱা হৈছে এটাৰ পাছত আনটো পদক্ষেপ । চীন আৰু পাকিস্তানৰ সৈতে বন্ধুত্ব বৃদ্ধি কৰা বাংলাদেশৰ সামগ্ৰীৰ ওপৰত কেতবোৰ বাধা আৰোপ কৰিছে ভাৰতে। চৰকাৰে কেনেধৰণৰ সিদ্ধান্ত লৈছে জানক।

প্ৰধানমন্ত্ৰী মোদী, বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছ
অপাৰেশ্যন সেন্দূৰৰ অন্তত চাৰিদিন ধৰি আকাশযুদ্ধত পাকিস্তানক পৰাস্ত কৰাৰ পাছত এতিয়া ভাৰত চৰকাৰে বাংলাদেশৰ মুখ বন্ধ কৰাৰ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে। বাংলাদেশৰ পৰা অহা সামগ্ৰীৰ ক্ষেত্ৰত কেতবোৰ বাধা আৰোপ কৰিছে ভাৰতে। যাৰ বাবে বাংলাদেশৰ ইউনুছ চৰকাৰে অনাগত দিনত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। শ্বেখ হাছিনাৰ চৰকাৰ উৎখাত হোৱাৰ পিছত বাংলাদেশৰ সৈতে ভাৰতৰ সম্পৰ্ক বেয়াৰ দিশে গতি কৰিছে। যাৰ প্ৰভাৱ এতিয়া দুয়োখন দেশৰ ব্যৱসায়ত দেখা গৈছে। আনহাতে পাকিস্তান আৰু চীনৰ সৈতে বাংলাদেশৰ ঘনিষ্ঠতা বৃদ্ধি পোৱাটোও ভাৰতৰ বাবে ভাল লক্ষণ নহয়। এনে পৰিস্থিতিত ভাৰত চৰকাৰে বাংলাদেশৰ বিৰুদ্ধে কূটনৈতিক আৰু ব্যৱসায়িক ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লৈছে। বাংলাদেশক শিক্ষা দিবলৈ ভাৰতে কেনেধৰণৰ সিদ্ধান্ত লৈছে জানো আহক।
বাংলাদেশী সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ বৈদেশিক বাণিজ্য সঞ্চালকাল (DGFT)-এ শনিবাৰে বাংলাদেশৰ পৰা নিৰ্বাচিত সামগ্ৰী আমদানিৰ ক্ষেত্ৰত নতুন বন্দৰ নিষেধাজ্ঞা ঘোষণা কৰে, যিটো তৎক্ষণাত কাৰ্যকৰী হ’ব। অধিসূচনা অনুসৰি বাংলাদেশৰ পৰা ৰেডিমেড গাৰ্মেণ্ট আমদানি এতিয়া কেৱল নভা শ্বেভা আৰু কলকাতা বন্দৰৰ জৰিয়তেহে সম্ভৱ হ’ব আৰু কোনো স্থল বন্দৰৰ জৰিয়তে নহয়। ইয়াৰ উপৰিও প্ৰচেছড খাদ্য, ফল-মূল আৰু ফলৰ সোৱাদযুক্ত বা কাৰ্বনেটেড পানীয়, কপাহ আৰু কপাহী সূতাৰ আৱৰ্জনা, প্লাষ্টিক আৰু পিভিচি সম্পূৰ্ণ সামগ্ৰী (কেঁচা ইনপুট যেনে পিগমেণ্ট, ডাই, প্লাষ্টিচাইজাৰ বাদ দি) আৰু কাঠৰ আচবাবকে ধৰি অন্যান্য শ্ৰেণীৰ সামগ্ৰীও নিৰ্দিষ্ট বন্দৰৰ নিষেধাজ্ঞাৰ অধীনত অনা হৈছে।
এই সামগ্ৰীসমূহ নিষেধাজ্ঞামুক্ত হৈ থাকিব
এই সামগ্ৰীসমূহ অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰামত অৱস্থিত ভূমি শুল্ক ষ্টেচন (LCS) বা সংহত চেক পোষ্ট (ICP)ৰ লগতে পশ্চিম বংগৰ চাংৰাবন্ধা আৰু ফুলবাৰী ভূমি শুল্ক ষ্টেচনৰ জৰিয়তে আমদানি কৰিব নোৱাৰিব। অৱশ্যে DGFT-এ স্পষ্ট কৰি দিয়ে যে এই বন্দৰ নিষেধাজ্ঞা ভাৰতৰ মাজেৰে নেপাল আৰু ভূটানলৈ ট্ৰেনজিট কৰা বাংলাদেশী সামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব। ইয়াৰ উপৰিও বাংলাদেশৰ পৰা মাছ, এল পি জি, খোৱা তেল আৰু গুড়ি শিল আমদানি এই নিষেধাজ্ঞাৰ পৰা মুক্ত হৈ থাকিব। এই ঘটনা যোৱা মাহত ট্ৰেন্সশ্বিপমেণ্ট সুবিধাৰ অন্ত পেলোৱাৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ পিছতে সংঘটিত হৈছে, যাৰ অধীনত বাংলাদেশক জাহাজ বন্দৰ আৰু বিমানবন্দৰত প্ৰৱেশৰ বাবে ভাৰতীয় স্থল বন্দৰ ব্যৱহাৰ কৰি তৃতীয় দেশলৈ সামগ্ৰী ৰপ্তানি কৰাৰ অনুমতি দিয়া হৈছিল।
কিয় এই সিদ্ধান্ত লোৱা হৈছিল?
ইয়াৰ পূৰ্বেও ভাৰতীয় বস্ত্ৰ খণ্ডই উদ্বেগ প্ৰকাশ কৰি বাণিজ্যিক ভাৰসাম্যহীনতাৰ কাৰণৰ বাবে বাংলাদেশক দিয়া এনে ট্ৰেনজিট বিশেষাধিকাৰ প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক আহ্বান জনাইছিল। শেহতীয়াকৈ বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ওপৰত কৰা মন্তব্যৰ ফল বুলি কোৱা হৈছে। চীনত এক অনুষ্ঠানত ভাষণ দি থকা সময়ত ইউনুছে কৈছিল যে ভাৰতৰ পূব অংশত ৭খন ভূমি আৱদ্ধ ৰাজ্য আছে, যাক সাতভনী বুলি কোৱা হয়। যিবোৰৰ সাগৰত প্ৰৱেশৰ কোনো সুবিধা নাই। আমি সাগৰৰ (বংগ উপসাগৰ) ৰক্ষক। ইয়াৰ জৰিয়তে চীনক সমগ্ৰ বিশ্বতে সামগ্ৰী প্ৰেৰণ কৰিবলৈ তেওঁ চীনক আমন্ত্ৰণ জনায়।