১০০ টকীয়া আৰু ২০০ টকীয়া নোটৰ বাবে এটিএমে আৰু নিৰাশ নকৰে আপোনাক!
দেশৰ ২ লাখ ১৫ হাজাৰ এটিএমৰ ভিতৰত ৭৩ হাজাৰ এটিএম পৰিচালনা কৰা ভাৰতৰ সৰ্ববৃহৎ নগদ ধন ব্যৱস্থাপনা কোম্পানী চিএমএছ ইনফ’ চিষ্টেমছৰ তথ্য অনুসৰি ২০২৪ চনৰ ডিচেম্বৰ মাহত ৬৫ শতাংশৰ তুলনাত এই সংখ্যা বৃদ্ধি পাইছে।

প্ৰতীকী ছবি
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এক সিদ্ধান্তৰ প্ৰভাৱ এতিয়া বজাৰত দেখা পোৱা গৈছে। দেশৰ ৭৩ শতাংশ এটিএমত ১০০-২০০ টকীয়া নোট ওলাবলৈ আৰম্ভ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে সাধাৰণ ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব দি ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত এটিএমত ১০০ আৰু ২০০ টকীয়া নোটৰ সংখ্যা বৃদ্ধিৰ বাবে সময়সীয়া বান্ধি দিছিল, য’ত কোৱা হৈছিল যে ইয়াৰ পূৰ্বে দেশৰ ৭৫ শতাংশ এটিএমত ১০০ আৰু ২০০ টকীয়া নোট ওলাব লাগে। আৰ বি আইৰ এই সিদ্ধান্তৰ প্ৰভাৱ দেখা গৈছে।
দেশৰ ২ লাখ ১৫ হাজাৰ এটিএমৰ ভিতৰত ৭৩ হাজাৰ এটিএম পৰিচালনা কৰা ভাৰতৰ সৰ্ববৃহৎ নগদ ধন ব্যৱস্থাপনা কোম্পানী চিএমএছ ইনফ’ চিষ্টেমছৰ তথ্য অনুসৰি ২০২৪ চনৰ ডিচেম্বৰ মাহত ৬৫ শতাংশৰ তুলনাত এই সংখ্যা বৃদ্ধি পাইছে।
ইকনমিক টাইমছৰ প্ৰতিবেদন অনুসৰি নগদ ব্যৱস্থাপনা কোম্পানী চি এম এছ ইনফ’ চিষ্টেমছৰ অধ্যক্ষ অনুষ ৰাঘৱনে কয় যে গ্ৰাহকৰ ব্যয়ৰ ৬০ শতাংশ এতিয়াও নগদ ধনৰ ওপৰত ভিত্তি কৰিয়েই, বিশেষকৈ গাঁও আৰু চহৰত ১০০ আৰু ২০০ টকীয়া নোটৰ উপলব্ধতাই দৈনন্দিন লেনদেনৰ প্ৰয়োজনীয়তা প্ৰত্যক্ষভাৱে পূৰণ কৰিছে।
এটিএমৰ নগদ ধন বিতৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰে আৰ বি আইয়ে
২০২৫ চনৰ এপ্ৰিল মাহৰ শেষৰ ফালে আৰ বি আইয়ে জাৰি কৰা এক বিজ্ঞপ্তিযোগে ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত কমেও ৭৫% এ টি এমত ১০০ বা ২০০ টকীয়া নোটৰ এটা কেছেট বিতৰণ কৰিবলৈ নিৰ্দেশ দিছিল। এই নিৰ্দেশনাৰ লক্ষ্য হৈছে দৈনিক লেনদেনত ব্যৱহাৰ কৰা কম মূল্যৰ নোটৰ উপলব্ধতা বৃদ্ধি কৰা। এই প্ৰয়োজনীয়তা ২০২৬ চনৰ ৩১ মাৰ্চলৈকে অধিক কঠোৰ হ’ব, তেতিয়া ৯০% এটিএমে এই মানদণ্ড মানি চলিব লাগিব।
আৰ বি আইয়ে বৃদ্ধি কৰিলে এটিএমৰ আদান-প্ৰদানৰ মাচুল
আৰ বি আইয়ে এ টি এম লেনদেনৰৰ মাচুল বৃদ্ধি কৰিছে, যাৰ ফলত ২০২৫ চনৰ ১ মে’ৰ পৰা নগদ ধন উলিওৱাটো অধিক ব্যয়বহুল হৈ পৰিছে। এই পৰিৱৰ্তনে বিশেষকৈ প্ৰতিমাহে বিনামূলীয়া লেনদেনৰ সীমা অতিক্ৰম কৰা ব্যৱহাৰকাৰীসকলক অসুবিধাত পেলাব। লেনদেনৰ মাচুল হৈছে এটিএমৰ লেনদেন প্ৰক্ৰিয়াকৰণৰ বাবে এটা বেংকে আন এটা বেংকক দিয়া চাৰ্জ, আৰু এই চাৰ্জসমূহ ব্যৱহাৰকাৰীলৈ প্ৰেৰণ কৰা হয়। উদাহৰণস্বৰূপে, যদি কোনো এইচ ডি এফ চি বেংক ব্যৱহাৰকাৰীয়ে তিনিটা বিনামূলীয়া মাহিলী লেনদেনৰ পিছত এছ বি আই এ টি এমৰ পৰা নগদ ধন উলিয়ায়, তেন্তে এইচ ডি এফ চিয়ে অতিৰিক্ত ধন উলিওৱাৰ বাবে মাচুল ল’ব পাৰে।