২৫ আগষ্টৰ পৰা ৩১ আগষ্টলৈ চাৰিদিন বন্ধ থাকিব বেংক, চাওক RBI ৰ হলিডে কেলেণ্ডাৰ…

২৫ আগষ্টৰ পৰা ৩১ আগষ্টৰ ভিতৰত দেশৰ বহু ৰাজ্যত চাৰিদিন ধৰি বেংক বন্ধ থাকিব । যদি আপুনিও কোনো কামৰ বাবে বেংকলৈ যোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে এই তালিকাখন এবাৰ পৰীক্ষা কৰক।

২৫ আগষ্টৰ পৰা ৩১ আগষ্টলৈ চাৰিদিন বন্ধ থাকিব বেংক, চাওক RBI ৰ হলিডে কেলেণ্ডাৰ...

প্ৰতীকী ফটো

Published: 

24 Aug 2025 17:05 PM

অহা সপ্তাহত সমগ্ৰ দেশতে ৪ দিন বন্ধ থাকিব বেংক। ২৫ আগষ্টৰ পৰা ৩১ আগষ্টৰ ভিতৰত দেশৰ বহু ৰাজ্যত চাৰিদিন ধৰি বেংক বন্ধ থাকিব । যদি আপুনিও কোনো কামৰ বাবে বেংকলৈ যোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে এই তালিকাখন এবাৰ পৰীক্ষা কৰক। কোন তাৰিখে বেংক বন্ধ থাকিব আৰু কিয় বন্ধ থাকিব জানোঁ আহক।

ভাৰতীয় ৰিজাৰ্ভ বেংকে মাহটোৰ বন্ধদিনৰ তথ্য প্ৰকাশ কৰে, সেই অনুসৰি অহা সপ্তাহত ৪ দিনৰ বাবে বেংক বন্ধ থাকিব। অৱশ্যে এই বন্ধৰ দিনবোৰ চহৰ আৰু ৰাজ্য অনুসৰি বেলেগ বেলেগ হ’ব।

কাইলৈ বেংক বন্ধ

সপ্তাহটোৰ প্ৰথম দিনটো ২৫ আগষ্ট অৰ্থাৎ সোমবাৰে বন্ধ থাকিব বেংক। এই দিনটোত গুৱাহাটীৰ কোনো বেংক খোলা নাথাকিব । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ উপলক্ষে বন্ধ থাকিব বেংক।

২৭-২৮ আগষ্টত বন্ধ থাকিব বেংক

২৭ আগষ্ট অৰ্থাৎ বুধবাৰে গণেশ চতুৰ্থীৰ বাবে বহু ৰাজ্য আৰু চহৰত বেংক বন্ধ থাকিব। ইয়াৰ ভিতৰত মুম্বাই, বেলাপুৰ, নাগপুৰ, ভুৱনেশ্বৰ, চেন্নাই, হায়দৰাবাদ, বিজয়াৱাড়া আৰু পানাজী। আন চহৰত বেংকসমূহ সাধাৰণভাৱে খোলা থাকিব। ইয়াৰ উপৰিও ২৮ আগষ্ট অৰ্থাৎ বৃহস্পতিবাৰে গণেশ চতুৰ্থীৰ বাবে ভুৱনেশ্বৰ আৰু পানাজীত বেংক বন্ধ থাকিব যদিও বাকী চহৰসমূহত বেংকিং সেৱা উপলব্ধ হ’ব।

৩১ আগষ্টত বন্ধ

একে সময়তে ৩১ আগষ্টত দেওবাৰ পৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চাৰ্কুলাৰ অনুসৰি দেওবাৰে দেশৰ সকলো বেংক বন্ধ হৈ থাকে। সেই অনুসৰি ৩১ আগষ্ট, দেওবাৰে বেংক বন্ধ থাকিব। অৱশ্যে যিদিনা বেংক বন্ধ থাকিব, অনলাইন সেৱা উপলদ্ধ থাকিব।

অনলাইন সেৱা উপলব্ধ থাকিব

এই সপ্তাহত চাৰিদিন বেংক বন্ধ থাকিব যদিও আপুনি নেট বেংকিঙৰ জৰিয়তে অনলাইন পেমেণ্ট কৰিব পাৰিব। এটিএম, অনলাইন বেংকিং আৰু নেট বেংকিংৰ সুবিধা উপলব্ধ হ’ব।

কম দিনত ফলাফল পাব, এই সহজ ঘৰুৱা উপায়েৰে অকালতে চুলি পকা সমস্যা ৰোধ কৰক
বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ শুভ এই ৰাশিৰ বাবে! জানক সকলো...
ছেপ্টেম্বৰ মাহটোৱে শুভ ফল লৈ আহিব এই ৩ ৰাশিৰ জীৱনলৈ...
সঘনাই জ্বৰ বা সংক্রমণ, দুৰ্বলতা অনুভৱ কৰে নেকি ? ব্লাড কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ চিনাক্ত কৰক