8th Pay Commission: অষ্টম দৰমহা আয়োগত পেঞ্চনাৰসকলে নাপাব নেকি DA আৰু অন্যান্য সুবিধা? জানক…
শেহতীয়াকৈ অষ্টম দৰমহা আয়োগৰ সৈতে জড়িত বিভিন্ন উৰাবাতৰি ওলাইছে। যিয়ে দাবী কৰিছে যে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে আৰু অষ্টম দৰমহা আয়োগ আৰু ডি এ বৃদ্ধিৰ দৰে সুবিধা লাভ নকৰিব। বিত্ত আইন ২০২৫ সন্দৰ্ভত বিভ্ৰান্তি বৃদ্ধি কৰিছে উত্থাপিত এই প্ৰশ্নসমূহে। কিন্তু এই কথাত কিমান সত্যতা আছে জানি লওঁ আহক..

অষ্টম দৰমহা আয়োগ
শেহতীয়াকৈ ছ’চিয়েল মিডিয়া আৰু হোৱাটছএপত ভাইৰেল হোৱা এটা বাৰ্তাই অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাজত উদ্বেগ প্ৰকাশ কৰিছে। এই বাৰ্তাত দাবী কৰা হৈছে যে ২০২৫ চনৰ বিত্ত আইনৰ জৰিয়তে চৰকাৰে পেঞ্চনাৰসকলৰ বাবে উপলব্ধ কেইবাটাও সুবিধা নাইকিয়া কৰিছে। বিশেষকৈ ইয়াত ডিয়াৰনেছ এলাৱেন্স (ডি এ), ভৱিষ্যতৰ দৰমহা কমিচন, আৰু প্ৰস্তাৱিত অষ্টম দৰমহা আয়োগৰ সৈতে জড়িত সুবিধাসমূহ বন্ধ কৰাৰ কথা উল্লেখ কৰা হৈছে। কিন্তু প্ৰশ্ন হয় এই দাবী সঁচা নেকি? বাস্তৱতা কি জানো আহক…
ভাইৰেল মেছেজে কি কৈছে?
ভাইৰেল বাৰ্তা অনুসৰি বিত্ত আইন ২০২৫ কাৰ্যকৰী হোৱাৰ পিছত অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ বৃদ্ধি নহয় ডি এ। ইয়াৰ উপৰিও দাবী কৰা হৈছিল যে পেঞ্চনাৰসকলে অষ্টম দৰমহা আয়োগকে ধৰি ভৱিষ্যতৰ দৰমহা আয়োগৰ সুবিধা লাভ নকৰে। আনকি এই সিদ্ধান্তৰ ফলত লাখ লাখ পেঞ্চনাৰ প্ৰভাৱিত হ’ব বুলিও বাৰ্তাটোত উল্লেখ কৰা হৈছে।
তথ্য পৰীক্ষাই কি প্ৰকাশ কৰিলে?
চৰকাৰী চৰকাৰী সংস্থা প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো (পি আই বি)ৰ ফেক্ট চেক ইউনিটে এই দাবীসমূহ সম্পূৰ্ণ মিছা আৰু বিভ্ৰান্তিকৰ বুলি ঘোষণা কৰিছে। পিআইবিৰ মতে, ২০২৫ চনৰ বিত্ত আইনত পেঞ্চনাৰসকলৰ ডি এ বা পে কমিছনৰ সুবিধা কাঢ়ি লোৱাৰ কোনো ব্যৱস্থা নাই। চৰকাৰে স্পষ্ট কৰি দিছে যে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে পূৰ্বৰ দৰেই ডি এ বৃদ্ধি লাভ কৰি থাকিব, আৰু ভৱিষ্যতৰ পে কমিছনৰ পৰামৰ্শসমূহো পেঞ্চনাৰসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব, যিদৰে বিগত সময়ত হৈছিল।
গতিকে বিভ্ৰান্তি কিয়?
এই বিভ্ৰান্তিৰ মূলতে হৈছে চিচিএছ (পেঞ্চন) নিয়ম ২০২১ৰ ৩৭ নং নিয়মৰ সংশোধনী।এই নিয়ম চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য যিসকলক যি কাৰণতেই নহওক কিয়, ৰাজহুৱা খণ্ডৰ উদ্যোগ (পিএছইউ)লৈ বদলি কৰা হৈছে। এই নিয়মত কোৱা হৈছে যে যদি কোনো কৰ্মচাৰীক গুৰুতৰ অসৎ আচৰণৰ বাবে দোষী সাব্যস্ত কৰা হয় তেন্তে অৱসৰৰ কিছুমান সুবিধা জব্দ কৰা হ’ব পাৰে। কিন্তু নিয়মীয়া পেঞ্চনাৰ, ডি এ বৃদ্ধি, কমিছন দিয়াৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।
ডি এ বা ৮ম পে কমিছনৰ সুবিধা বন্ধ কৰা হ’বনে?
একেবাৰে নহয়। চৰকাৰে ডি এ বৃদ্ধি বন্ধ কৰা নাই, পেঞ্চনাৰসকলকো ভৱিষ্যতৰ দৰমহা কমিচনৰ পৰা বাদ দিয়া নাই। যেতিয়াই নতুন পে কমিছন কাৰ্যকৰী কৰা হয়, তেতিয়াই ইয়াৰ পৰামৰ্শ বৰ্তমানৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ উভয়ৰে ক্ষেত্ৰত প্ৰয়োগ কৰা হয়, যদিহে চৰকাৰে অনুমোদন দিয়ে।