Zubeen garg: সোণাপুৰৰ কমাৰকুছি হ’ব জুবিন গাৰ্গৰ শেষ ঠিকনা, ভস্ম লৈ যোৱা হ’ব যোৰহাটলৈ…

Zubeen garg: অৱশেষত ঠিক হ'ল জুবিন গাৰ্গৰ শেষ ঠিকনা। জুবিনৰ পৰিয়ালৰ সন্মতিমৰ্মে সোণাপুৰত হ'ব গুৱাহাটীৰ অন্ত্যোষ্টিক্ৰিয়া। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে।

Zubeen garg: সোণাপুৰৰ কমাৰকুছি হব জুবিন গাৰ্গৰ শেষ ঠিকনা, ভস্ম লৈ যোৱা হব যোৰহাটলৈ...

জুবিন গাৰ্গ

Published: 

21 Sep 2025 | 08:16 PM

অৱশেষত নিৰ্ধাৰণ হ’ল জুবিনৰ অন্ত্যোষ্টিক্ৰিয়াৰ স্থান। সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, সোণাপুৰৰ  কমাৰকুছিত হ’ব জুবিন গাৰ্গৰ অন্ত্য়োষ্টিক্ৰিয়া। ২৩ ছেপ্টেম্বৰৰ দিনা তাতেই জুবিনৰ শেষকৃত্য কৰা হ’ব। ইয়াৰোপৰি জুবিনৰ ভস্ম লৈ যোৱা হ’ব যোৰহাটলৈ, য’ত তেওঁৰ সমাধিক্ষেত্ৰ স্থাপন কৰা হ’ব।

শৰ্মাই কয় যে, ২২ ছেপ্টেম্বৰলৈ ৰাজ্যিক শোক ঘোষণা কৰা হৈছিল। কিন্তু কাইলৈও ভোগেশ্বৰ বৰুৱা কমপ্লেক্সত জুবিনৰ নশ্বৰ দেহ ৰখা হ’ব। জুবিনৰ অন্ত্যোষ্টিক্ৰিয়া ২৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব। গতিকে ৰাজ্যিক শোক ২৩ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, পৰিয়ালৰ সন্মতিমৰ্মে  গুৱাহাটীৰ ওচৰত হ’ব জুবিনৰ অন্ত্যোষ্টিক্ৰিয়াৰ স্থান নিৰ্ধাৰণ কৰা হয়। অৱশ্যে জুবিনৰ ভস্ম যোৰহাটলৈ নিয়া হ’ব আৰু তাতো সমাধিস্থল নিৰ্মাণ কৰা হ’ব। ৰাইজৰ আবেগক সন্মান জনাই শৰ্মাই যোৰহাটবাসীৰ ওচৰত ক্ষমা খোজে।

তেওঁ কয় যে, শেষকৃত্য কৰিবলৈ ৰাজ্য চৰকাৰে দুটা স্থান বাছি উলিয়াইছিল। আমি ভাবিছিল জুবিন গাৰ্গক যোৰহাটত শেষ স্থান দিম। অসম সাহিত্য সভা, আছুৰ সৈতে আলোচনা কৰিছিলো। সাহিত্য সভাই সমৰ্থন দিছিল। কিন্তু আছুই গৰিমা শইকীয়াৰ সৈতে আলোচনা কৰি কয় যে জুবিনক যোৰহাটলৈ লৈ যাব নালাগে। কিয়নো পৰিয়ালে জুবিনক চাব বিচাৰিলে গুৱাহাটীৰ পৰা যোৰহাটত গৈ থাকিব নোৱাৰিব। ইয়াৰোপৰি জুবিনৰ দেউতাকৰ বয়স ৮০ ৰ উৰ্ধত। যোৰহাটলৈ লৈ যোৱাত স্বাস্থ্যই অনুমতি নিদিব তেওঁ। ইয়াৰোপৰি এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলেও গৰিমা শইকীয়া আৰু পৰিয়ালৰ লোকৰ সৈতে কথা পাতে আৰু পাছত স্থান নিৰ্ধাৰণ কৰে।

অন্ত্যোষ্টিক্ৰিয়াৰ স্থান সন্দৰ্ভক শৰ্মাই কয়, কমাৰকুছি দিছাং ৰিজৰ্টৰ ওচৰত আছে। ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰতে প্ৰায় ১০ বিঘা চৰকাৰী মাটি আছে। এই ঠাইখিনিত বহুতে নাৰ্ছাৰী, শ্মশান আদি পাতিছিল। কিন্তু সেই মাটি ৰাইজে জুবিনৰ বাবে এৰি দিছে। ব্যক্তিগত মাটিও ৰাইজে এৰি দিয়া বুলি কয় শৰ্মাই। লগতে জনাই যে, কমাৰকুছিতো থাকিব জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ।

ইয়াৰোপৰি শেষকৃতৰ সময়ত ৰাইজক ভিৰ নকৰিবলৈ আহ্বান জনাই শৰ্মাই। তেওঁ কয় যে, ঠাইখিনিত খুব বেছি ৫-১০০০০ মানুহ থাকিব। গতিকে আত্মীয় লোক, সাংবাদিক আদিকে সেই স্থানলৈ যাব পাৰিব। সকলোকে এই ক্ষেত্ৰত সহযোগ কৰিবলৈ আহ্বান জনাই শৰ্মাই।

 

অন্য খবৰ পঢ়কঃ Zubeen garg: চকু মেলা, সাৰ পোৱা…জুবিনক শেষবাৰৰ বাবে চাবলৈ সৰুসজাইত লাখ লাখ অনুৰাগী…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...