Zubeen Garg’s Funeral: পঞ্চভূতত বিলীন জুবিন গাৰ্গ, মায়াবিনীৰ সুৰেৰে প্ৰাণৰ শিল্পীক চিৰবিদায়

প্ৰাণৰ শিল্পীগৰাকীৰ বিদায়ৰ এই অকল্পনীয় তথা অনাকাংক্ষিত ক্ষণৰ সাক্ষী হৈ ৰ'ল সমগ্ৰ অসম। চিৰদিনলৈ ধৰাৰ বুকু বিলীন হৈ গ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। সোণাপুৰৰ কমাৰকুছিত সম্পন্ন হ'ল জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া।

Zubeen Garg’s Funeral: পঞ্চভূতত বিলীন জুবিন গাৰ্গ, মায়াবিনীৰ সুৰেৰে প্ৰাণৰ শিল্পীক চিৰবিদায়

পঞ্চভূতত বিলীন হ'ল জুবিন গাৰ্গ

Updated On: 

23 Sep 2025 12:50 PM

শেষ বুলিলেই শেষ হয় জানো…। নাই নহয়, কিন্তু আজি যেন সকলো হেৰুৱালে অসমীয়াই। চিৰ দিনৰ বাবে গুচি গ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। আজিৰ পৰা অসমীয়া সমাজ-জীৱনৰ এক চিৰস্মৰণীয় ইতিহাসলৈ পৰিণত হ’ব হিয়াৰ আমঠু জুবিন গাৰ্গ। প্ৰাণৰ শিল্পীগৰাকীৰ বিদায়ৰ এই অকল্পনীয় তথা অনাকাংক্ষিত ক্ষণৰ সাক্ষী হৈ ৰ’ল সমগ্ৰ অসম। চিৰদিনলৈ ধৰাৰ বুকু বিলীন হৈ গ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। সোণাপুৰৰ কমাৰকুছিত সম্পন্ন হ’ল জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া। ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় দিয়া হ’ল শিল্পীগৰাকীক।

মানিব নোখোজা সত্য এটা এতিয়া নামানি উপায় নাই। সকলো নিৰুপায়। অন্তিমবাৰৰ বাবে পত্নী গৰিমা শইকীয়া গাৰ্গে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিলে ৰাইজৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। নিজ পুত্ৰলৈ অন্তিমবাৰৰ বাবে মৰম যাঁচিলে পিতৃয়ে। এই কৰুণ দৃশ্যই চকু সেমেকাই তুলিছে প্ৰতিজন লোকৰে। সকলোৱে থিয় হৈ এই কৰুণ ক্ষণত শ্ৰদ্ধা নিবেদিলে সকলোৱে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পিছত প্ৰতিজন সন্মানীয় ব্যক্তিয়ে জুবিন গাৰ্গৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু প্ৰধানমন্ত্ৰীৰ হৈ এই বিশেষ ক্ষণত উপস্থিত থাকে। জুবিন গাৰ্গৰ নশ্বৰ দেহত শ্ৰদ্ধাৰ্ঘ অৰ্পণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কিৰেণ ৰিজিজুৰ লগতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণাৱালসহ জাতীয়-জনগোষ্ঠীয় সংগঠনসমূহে শ্ৰদ্ধাঞ্জলি জনায়।

যুগ-যুগান্তৰলৈ অসমীয়াৰ হৃদয়ত জ্বলা একুৰা জুই জ্বলি উঠিল সোণাপুৰত। ভগ্নী পামি বৰঠাকুৰ আৰু ৰাহুল গৌতম শৰ্মাই অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ চিতাত কৰিলে মুখাগ্নি। পুনৰবাৰ অসমীয়াৰ বুকুত বাজি উঠিল প্ৰাণৰ শিল্পীগৰাকীৰ সেই উক্তি, “মোৰ সকলো দি থৈ যাম, কেৱল চিতাখন মোৰ হ’ব।” জাতীয় জীৱনৰ হৃদস্পন্দন মহাশিল্পীগৰাকীৰ চিতাত মুখাগ্নিৰ পিছতে বাজি উঠিছে মায়াবিনী। প্ৰাণৰ শিল্পীগৰাকীৰ ইচ্ছা মতেই সমস্বৰে চিঞ্চৰি উঠিছে মায়াবিনীৰ তালে তালে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে পত্নী গৰিমাসহ প্ৰতিজন লোকৰে মুখত মায়াবিনীৰ ধ্বনি।

ৰঙা চন্দন কাঠেৰে সৎকাৰ কৰা হ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। মন্ত্ৰোচ্চাৰণ, গীতা পাঠ, দবা-শংখ, বেদ ধ্বনি, ধৰ্মীয় ৰীতি-নীতিয়ে সম্পন্ন সমগ্ৰ প্ৰক্ৰিয়া।  শেষবাৰলৈ প্ৰিয় শিল্পীজনক চাবলৈ সোণাপুৰলৈ ওলাই আহিছে লক্ষ লক্ষ অনুৰাগী। গাইছে জুবিন গাৰ্গৰ প্ৰিয় গীতসমূহ। মহামানৱৰ বিদায় ক্ষণত প্ৰাণভৰি কান্দিছে অনুৰাগীয়ে। কিন্তু সকলোৰে দুখ বেদনাক আওকাণ কৰি পঞ্চভূতত বিলীন হৈ গ’ল জনতাৰ শিল্পী।

লগতে পঢ়ক: সেই সময়, এই সময়! ১১ বছৰ আগতে সেই ঠাইখনতে অলপ জিৰাইছিল, আজি চলিছে শেষ শয়নৰ প্ৰস্তুতি…

এই ৫ টা সাধাৰণ অভ্যাস হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণ! জানক সকলো...
নৱৰাত্ৰিত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!
খজুৱতি, বমি, প্ৰস্ৰাৱৰ ৰং সলনি...কি ৰোগৰ লক্ষণ জানেনে? জানক...
বগা স্ৰাৱ বেছি হ'লে সাৱধান! এয়া কোনো ৰোগৰ সংকেত হ'ব পাৰে!