আকৌ ফেচবুকত ভুমুকি শ্যামকানুৰ, লটৰ-পটৰ কথাৰে নিজকে বচোৱাৰ চেষ্টা!
জুবিন গাৰ্গৰ সৈতে পুৰণি ব্যক্তিগত সম্পৰ্ক আৰু নৰ্থইষ্ট ফেষ্টিভেলৰ সৈতে জুবিনৰ সম্পৰ্কৰ কথা দোহাৰি শ্যামকানুৱে লগতে জুবিন গাৰ্গক ছিংগাপুৰলৈ মাতি নিয়াটো ভুল আছিল নেকি বুলি ওলোটাই প্ৰশ্নহে কৰিছে অসমবাসীক। বাৰ্তাটোত লগতে শ্যামকানুৱে জুবিন গাৰ্গৰ ছিংগাপুৰ ভ্ৰমণ সন্দৰ্ভত পুনৰ বাৰ এক পৃথক মন্তব্য কৰিছে।

শ্যামকানু মহন্ত
অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ শোকত আজিও শোকস্তব্ধ ৰাজ্য। এই ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজ্যৰ ভিন্নস্থানত অব্যাহত আছে প্ৰতিবাদ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে ৰাজ্যজুৰি নৰ্থইষ্ট ফেষ্টিভেলৰ মূল উদ্যোক্তা শ্যামকানু মহন্ত আৰু শিল্পীজনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কেইবাখনো এজাহাৰ দাখিল কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই গোচৰৰ চি আই ডি তদন্ত ঘোষণা কৰিছে, লগতে এক SIT- ও গঠন কৰা হৈছে। তাৰ মাজতে আজি ফেচবুক যোগে নিজকে নিৰ্দোষী দাবী কৰিছে শ্যামকানু মহন্তই।
জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা একপ্ৰকাৰে অন্তৰ্ধান হৈ আছিল নৰ্থইষ্ট ফেষ্টিভেলৰ মূল উদ্যোক্তা শ্যামকানু মহন্ত। ফেচবুকত আজি সন্ধিয়া এক ভিডিঅ’ বাৰ্তা যোগে শ্যামকানু মহন্তই নিজকে এই গোচৰত নিৰ্দোষী দাবী কৰি ন্যায় বিচাৰে। জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পিছৰে পৰা শ্যামকানু মহন্তক জবাবদিহি কৰি আহিছে।
এতিয়া ৰাইজৰ ৰোষক শ্যামকানুৱে তেওঁৰ বিৰুদ্ধে কোনোৱে কেম্পেইন চলোৱা বুলি দাবী কৰে। লগতে বহু লোকে তেওঁক ভাবুকি দিয়াৰ বাবে গুৱাহাটীলৈ অহাৰ পৰা বিৰত থকা বুলিও উল্লেখ কৰে শ্যামকানুৱে। সেয়ে ভয়তে ইচ্ছা থকাৰ পিছতো জুবিন গাৰ্গৰ পৰিয়ালৰ কাষত থিয় হ’ব পৰা নাই বুলিও তেওঁ কয়।
ইফালে জুবিন গাৰ্গৰ সৈতে পুৰণি ব্যক্তিগত সম্পৰ্ক আৰু নৰ্থইষ্ট ফেষ্টিভেলৰ সৈতে জুবিনৰ সম্পৰ্কৰ কথা দোহাৰি শ্যামকানুৱে লগতে জুবিন গাৰ্গক ছিংগাপুৰলৈ মাতি নিয়াটো ভুল আছিল নেকি বুলি ওলোটাই প্ৰশ্নহে কৰিছে অসমবাসীক। বাৰ্তাটোত লগতে শ্যামকানুৱে জুবিন গাৰ্গৰ ছিংগাপুৰ ভ্ৰমণ সন্দৰ্ভত পুনৰ বাৰ এক পৃথক মন্তব্য কৰিছে।
ইতিপূৰ্বে শ্যামকানুৱে জুবিনে নিজ ইচ্ছামতেহে ছিংগাপুৰ ভ্ৰমণলৈ যোৱা বুলি উল্লেখ কৰিছিল। তেওঁ কেৱল মাত্ৰ হোটেলহে ঠিক কৰি দিয়া বুলি উল্লেখ কৰিছিল। কিন্তু আজি ভিডিঅ’ বাৰ্তাটোত শ্যামকানুৱে জুবিন গাৰ্গক ছিংগাপুৰলৈ আমন্ত্ৰণ কৰা বুলি উল্লেখ কৰে। ইয়াৰ পিছতে তেওঁৰ ভাষ্য সলনিক লৈ ক্ষোভ প্ৰকাশ কৰিছে সকলোৱে।
লক্ষণীয়ভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো নৰ্থইষ্ট ফেষ্টিভেল অনুষ্ঠিত হৈ থকা বুলি প্ৰকাশ পোৱা বাতৰিকো ভুল আখ্যা দিছে শ্যামকানুৱে। সমান্তৰালকৈ শ্যামকানুৱে তেওঁৰ ফেক ভিডিঅ’ আৰু ফোনকল ভাইৰেল কৰা হৈছে বুলি দাবী কৰিছে। এই গোচৰত তদন্ত সমিতিক পূৰ্ণ সহযোগিতাৰো প্ৰতিশ্ৰুতি দিছে শ্যামকানুৱে।
কেৱল ইমানেই নহয়, তেওঁক মিছা অপবাদ দিয়া বুলিও দাবী কৰিছে শ্যামকানুৱে। ন্যায় বিচাৰি ৰাইজৰ লগতে চৰকাৰৰ ওচৰতো শ্যামকানুৱে জনাইছে গোহাৰি। শ্যামকানুৰ ভাষ্য, দেশত আইন বুলি এটা বস্তু আছে। মিছা অপবাদত তেওঁক নিজ ঘৰলৈ যাব নোৱাৰা অৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি শ্যামকানুৱে লগতে ন্যায় বিচাৰি ন্যায়ালয়ৰ কাষ চপাৰ ইঙ্গিত দিছে।