শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Zubeen Garg Death Live Updates: আজি অসমলৈ আনিব জুবিন গাৰ্গৰ নশ্বৰ দেহ

Assamese Singer Zubeen Garg Death News Live Updates: জুবিন গাৰ্গ আৰু নাই, চিৰদিনৰ বাবে গভীৰ নিদ্ৰাত জুবিন! বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ মৃত্যুত অজস্ৰ গুণমুগ্ধই শোকত ভাঙি পৰিছে। অনামিকাৰ পৰা আৰম্ভ হোৱা জুবিনৰ সুৰীয়া যাত্ৰা ছিংগাপুৰত অন্ত পৰে।

barasha-misra
Barasha Misra | Updated On: 20 Sep 2025 09:25 AM
Zubeen Garg Death Live Updates: আজি অসমলৈ আনিব জুবিন গাৰ্গৰ নশ্বৰ দেহ
জুবিন গাৰ্গৰ প্ৰতিমুহূৰ্তৰ আপডেট

LIVE NEWS & UPDATES

  • 20 Sep 2025 09:25 AM (IST)

    জুবিনৰ মৃত্যুত T-Series ৰ পোষ্ট

    জুবিনৰ মৃত্যুত বিখ্যাত মিউজিক কোম্পানী T-Series এ দিছে পোষ্ট।

  • 20 Sep 2025 09:10 AM (IST)

    চৌদিশে হুমুনিয়াহ, জুবিনৰ মৃত্যুত সকলো ভাষাহীন

    চৌদিশে হুমুনিয়াহ, জুবিনৰ মৃত্যুত সকলো ভাষাহীন। সামাজিক মাধ্যমত সংগীত শিল্পী জিত গাংগুলীয়েও কৰে শোক প্ৰকাশ।

  • 20 Sep 2025 08:50 AM (IST)

    টানজানিয়াৰ কিলি পলৰ শোক প্ৰকাশ

    হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ জনপ্ৰিয় ইন্ফুৱেঞ্চাৰ কিলি পলৰ…

     

    View this post on Instagram

     

    A post shared by Kili Paul (@kili_paul)

  • 20 Sep 2025 08:35 AM (IST)

    জুবিনৰ মৃত্যুৰ খবৰটো সহ্য কৰিব পৰা নাই বলীউডৰ সংগীত শিল্পী প্ৰীতমে

    জুবিনৰ মৃত্যুৰ খবৰটো সহ্য কৰিব পৰা নাই বলীউডৰ সংগীত শিল্পী প্ৰীতমে। তেওঁ কয়, দুৰ্ঘটনাত জুবিনৰ প্ৰাণ হেৰুওৱাটো মাথোঁ আটাইতকৈ ভয়ংকৰ আৰু দুখজনক খবৰ।

  • 20 Sep 2025 08:17 AM (IST)

    জুবিনৰ মৃত্যুত শোক প্ৰকাশ মিকা সিঙৰ

    জুবিনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বলীউডৰ সংগীত শিল্পী মিকা সিঙে…

  • 20 Sep 2025 08:05 AM (IST)

    জুবিন বিহীন আজি প্ৰথমটো পুৱা

    জুবিন বিহীন আজি প্ৰথমটো পুৱা। সকলোৱে সামাজিক মাধ্যমত শোক প্ৰকাশ কৰিছে। হিয়াৰ আমঠু জুবিনক হেৰুৱাই নিশা শান্তিত শুৱ পৰা নাই অসমবাসীয়ে।

আজি বিয়লি গুৱাহাটীলৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰদেহ। সৰুসজাইত ৰখা হ’ব জুবিনৰ নশ্বৰদেহ। জুবিন গাৰ্গৰ বাসগৃহত মুখ্যমন্ত্ৰীৰ ঘোষণা। নিশা একাংশ জুবিন অনুৰাগীয়ে জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসভৱনত ভিৰ কৰিছে আৰু পত্নী গৰিমা শইকীয়া গাৰ্গক সান্তনা দিছে। ইফালে পত্নীসহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো উপস্থিত হয় জুবিনৰ বাসগৃহত।

 

Published On - Sep 20,2025 8:02 AM