Zubeen Garg: আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন, ৰাজ্যজুৰি বিশেষ কাৰ্যসূচীৰ আয়োজন…

Zubeen Garg's Birthday: প্ৰাণৰ শিল্পীগৰাকীৰ অবৰ্তমানত প্ৰথমটি জন্মদিন পালন কৰিব ৰাজ্যবাসীয়ে। প্ৰিয় শিল্পীগৰাকীৰ জন্মদিনত গীতে-মাতে সুৱৰিব ৰাজ্যবাসীয়ে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সোঁৱৰণ-শ্ৰদ্ধাঞ্জলিৰে জন্মদিন পালনৰ প্ৰস্তুতি।কাহিলিপাৰাৰ বাসগৃহ চৌহদত জন্মদিনটোত স্থাপন কৰা হ'ব আৱক্ষ মূৰ্তি।

Zubeen Garg: আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন, ৰাজ্যজুৰি বিশেষ কাৰ্যসূচীৰ আয়োজন...

আজি জুবিন গাৰ্গৰ ওপজা দিন

Published: 

18 Nov 2025 06:30 AM

অসমীয়াই কল্পনা নকৰা এটা দিন। ১৮ নৱেম্বৰৰ দিনটো আছিল সকলোৰে বাবে বিশেষ। কাৰণ এই দিনটোত আমাৰ প্ৰাণ শিল্পীগৰাকীৰ ওপজা দিন। ১৭ নৱেম্বৰৰ সন্ধিয়াৰ পৰা জুবিন গাৰ্গৰ জন্মদিন উদযাপনৰ বাবে বাসগৃহৰ সন্মুখত ভিৰ কৰেহি অজস্ৰ অনুৰাগীয়ে। বাকী সকলোবোৰ আগৰ দৰেই আছে। কিন্তু তেওঁ নাই। তেওঁ অবিহনে জন্মদিন পালনৰ প্ৰস্তুতি চলাইছে অসমবাসীয়ে। ১৯৭২ চনৰ ১৮ নৱেম্বৰৰ দিনটোতে মেঘালয়ৰ তুৰাত কপিল ঠাকুৰৰ ঔৰসত আৰু মাতৃ প্ৰয়াত ইলি বৰঠাকুৰৰ গৰ্ভত জন্ম হৈছিল জুবিন গাৰ্গৰ।

প্ৰাণৰ শিল্পীগৰাকীৰ অবৰ্তমানত প্ৰথমটি জন্মদিন পালন কৰিব ৰাজ্যবাসীয়ে। প্ৰিয় শিল্পীগৰাকীৰ জন্মদিনত গীতে-মাতে সুৱৰিব ৰাজ্যবাসীয়ে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সোঁৱৰণ-শ্ৰদ্ধাঞ্জলিৰে জন্মদিন পালনৰ প্ৰস্তুতি।কাহিলিপাৰাৰ বাসগৃহ চৌহদত জন্মদিনটোত স্থাপন কৰা হ’ব আৱক্ষ মূৰ্তি। জ্যোতি শংকৰ ভট্টাচাৰ্যই নিৰ্মাণ কৰিছে জুবিন গাৰ্গৰ আবক্ষ মূৰ্তিটো। তেওঁৰ নেতৃত্বত থকা দলটোৱেও প্ৰায় দিনে-নিশাই কাম কৰি আছে। কাইলৈ প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিনটোতে পিতৃ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গে উন্মোচন কৰিব মূৰ্তিটো। কাহিলীপাৰাৰ বাসগৃহৰ দেৱালত অংকন কৰা হৈছে জুবিন গাৰ্গৰ আলোকচিত্ৰ ।

ইফালে অনুৰাগীয়ে সুন্দৰকৈ সজাই-পৰাই তুলিছে জুবিন ক্ষেত্ৰ। ফুলৰে সজাই তুলিছে শেষ বিশ্ৰামৰ স্থান। সেউজীয়াৰ মাজত থাকি ভাল পোৱা সেই বিশেষ ঠাইখিনি সোণাপুৰৰ কমাৰকুছি পৰিস্কাৰ কৰিছে অনুৰাগীয়ে। সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিও সমাগম ঘটিছে অজস্ৰলোকৰ। বিভিন্ন প্ৰান্তৰ পৰা আহিছে মানুহ। কেৱল অসমৰে নহয় অসমৰ বাহিৰৰ পৰাও আহিছে বিভিন্ন গুণমুগ্ধ।

কাইলৈ ডিমৰীয়াৰ বিভিন্ন প্ৰান্তত ৰোপন কৰা হ’ব নাহৰৰ পুলি। জুবিনক্ষেত্রত অনুষ্ঠিত হ’ব ৰক্তদান শিবিৰ। প্রজ্জ্বলন কৰা হ’ব ৫ হাজাৰ বন্তি,লগতে জ্বলোৱা হ’ব ৫০০ আকাশবন্তি। পৰিৱেশিত হ’ব আমন্ত্রিত ভাওনা। থাকিব স্থানীয় শিল্পীৰ সাংস্কৃতিক কাৰ্যসূচী। ইফালে ৰাজ্য চৰকাৰৰ উদ্যোগ ৰাজ্যজুৰি পালন কৰা হ’ব জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন । ৰাজ্যৰ ৫৩ টা স্থানত হ’ব ৰক্তদান শিবিৰ।

৫, ৩০০ ইউনিট ৰক্ত সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে ৰক্ত নিৰ্ণয় শিবিৰৰো আয়োজন কৰিব ৰাজ্যিক বিজেপিয়ে। ৰাতিপুৱা ৯:৪৫ বজাত খানাপাৰা পশু চিকিৎসা মহাবদ্যালয় খেলপথাৰত ৰক্তদান শিবিৰৰ শুভাৰম্ভণি কৰিব ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে। উক্ত শিবিৰতে বিয়লি ১:০০ বজাত ৰক্তদান কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

আপোনাৰো আছে নেকি ডায়েবেটিছৰ সমস্যা, শীতকালত এনে ভুল কৰি নচপাব নিজৰ বিপদ
দ্বিতীয়বাৰ গৰম কৰি খাব নালাগে এইসমূহ খাদ্য! জানক সকলো...
এইসকল লোকে ভুলতো খাব নালাগে ৰঙালাউৰ গুটি! জানক সকলো...
শীতকালত ৰাতি গাখীৰৰ লগত খাওক এই বস্তু, আছে বহু উপকাৰ...