জুবিন গাৰ্গ ন্যাস গঠন, খাৰঘূলিৰ বাসগৃহ ন্যাসক দান গৰিমা শইকীয়া গাৰ্গৰ
গৰিমাই লগতে কয়, এই কামত জুবিনৰ পৰিয়ালৰ লগতে বন্ধু-বৰ্গই তাকি সঁহাৰি জনাব। এই ন্যাস পৰিচালনা কৰিব আমাৰ খুড়া মনোজ বৰঠাকুৰ, পাৰ্থ সাৰথি মহন্ত, গৌতম শৰ্মা দাদা আৰু আমাৰ কামত সহায় কৰিব জুবিন ফেন ক্লাৱে। আপোনালোকৰ সহায়-সহযোগিতাৰে কামখিনি আগবঢ়াই নিব পাৰিম।

সকলোকে চিৰ বিদায় জনাই আঁতৰি গ’ল জুবিন গাৰ্গ। কিন্তু জুবিনৰ মহাপ্ৰয়াণৰ দিনটো আজিও পাহৰিব পৰা নাই অসমবাসীয়ে। জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰাৰ প্ৰয়াস পত্নী গৰিমাৰ লগতে অনুৰাগীৰ। এতিয়া জুবিনৰ নামত ন্যাস গঠন হ’ব , ঘোষণা কৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে।
কাহিলীপাৰাৰ বাসগৃহত এক সংবাদমেলযোগে আজি সকলো কথা জনালে গৰিমাই। গৰিমা শইকীয়া গাৰ্গৰ সৈতে উপস্থিত থাকে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ। সংবাদমেলত গৰিমা শইকীয়া গাৰ্গে কয় যে, সংবাদমেলত গৰিমাই কয়, ‘‘বহু দুখৰ বোজা লৈ আমি আগবাঢ়িব বিচাৰো আৰু জুবিনৰ সকলো কাম সুচাৰু ৰূপে হোৱাটো বিচাৰো, তেতিয়াও আমাৰ ঘৰৰ বাবে আশা ঘূৰি আহিব। জুবিনে কৈছিল মোক মনত ৰকাতকৈ মোৰ কামক মনত ৰখা ভাল। জুবিনে বহু ধুমুহাৰ সন্মুখীন হৈছিল আৰু প্ৰতিটো কাম নিজৰ আদৰ্শেৰে সম্পন্ন কৰিছিল। আজি আমিও তেওঁৰ আদৰ্শেৰে আগুৱাই যাব লাগিব। জুবিন সকলো অসমীয়াৰ প্ৰাণে প্ৰাণে আছে আৰু থাকিব। তেওঁৰ বাবে বহু ঠাইত বহুজনে বহুকাম হাতত লৈছে। আজি জুবিনৰ পৰিয়াল আৰু বন্ধু-বৰ্গই একত্ৰিত হৈছোঁ।
গৰিমাই কয়, জুবিন গাৰ্গৰ নামত ন্যাস গঠন হ’ব। জুবিন গাৰ্গৰ সৃষ্টিৰাজি সংৰক্ষণ কৰিব ন্যাসে। পৰিয়াল, বন্ধু, শুভাকাংক্ষী থাকিব এই ন্যাসত। জুবিনৰ সপোনৰ ঠাইখন দান কৰা হ’ব। ভাল কামৰ বাবে জুবিনৰ এই ঘৰটো আমি আগবঢ়াই দিছোঁ। আমি থকা ফ্লেটটোতেই আগলৈ থাকি যাম কিন্তু খাৰঘূলিৰ ঘৰটো সমজৰ ভাল কামৰ বাবে ব্যৱহৃত হওক।
গৰিমাই লগতে কয়, এই কামত জুবিনৰ পৰিয়ালৰ লগতে বন্ধু-বৰ্গই তাকি সঁহাৰি জনাব। এই ন্যাস পৰিচালনা কৰিব আমাৰ খুড়া মনোজ বৰঠাকুৰ, পাৰ্থ সাৰথি মহন্ত, গৌতম শৰ্মা দাদা আৰু আমাৰ কামত সহায় কৰিব জুবিন ফেন ক্লাৱে। আপোনালোকৰ সহায়-সহযোগিতাৰে কামখিনি আগবঢ়াই নিব পাৰিম।
ৰৈ ৰৈ বিনালে ছবি সন্দৰ্ভতো বহু কথা জনায় গৰিমা শইকীয়া গাৰ্গে। তেওঁ কয়, কালি বছৰৰ প্ৰথম দিনটোতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ কথা ৰাখি ‘ৰৈ ৰৈ বিনালে’ৰ ৰাজ্যিক GSTৰ ২ কোটি ৯০ লাখ টকা কলাগুৰু ফাউণ্ডেচনে ৰাজ্য চৰকাৰলৈ হস্তান্তৰ কৰে। এই ফাউণ্ডেচন অসমৰ শিল্পীৰ কল্যানৰ বাবে গঠন হোৱা এক মঞ্চ। কিন্তু সেয়া অকল শিল্পীৰ বাবে সিমিত নাৰাখি জুবিনে সকলোৰে বাবে কাম কৰিছিল। জুবিনে প্ৰকৃতি আৰু সমাজৰ বাবে কৰা কামবোৰ এই ফাউণ্ডেচনৰ জৰিয়তে আগবঢ়াই নিবলৈ সংকল্পবদ্ধ হৈছোঁ। জুবিনৰ ন্যায় প্ৰক্ৰিয়াটো ক্ষিপ্ৰতাৰে আগবঢ়াই নিবলৈ ফাষ্টট্ৰেক আদালতৰ আবেদন ৰাজ্য চৰকাৰৰ। নিয়োগ কৰিব বিশেষ চৰকাৰী অধিবক্তা।