Zubeen garg: সোণাপুৰৰ হাতীমূৰা হ’ব পাৰে জুবিন গাৰ্গৰ শেষ ঠিকনা! স্থান পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

Zubeen garg: সোণাপুৰৰ হাতীমূৰা হ'ব পাৰে জুবিন গাৰ্গৰ শেষ ঠিকনা। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এই স্থান পৰিদৰ্শন কৰে। বৰ্তমান কাহিলীপাৰাৰ বাসগৃহত আছে জুবিনৰ নশ্বৰ দেহ আৰু পাছত লৈ যোৱা হ'ব সৰুসজালৈ।

Zubeen garg: সোণাপুৰৰ হাতীমূৰা হব পাৰে জুবিন গাৰ্গৰ শেষ ঠিকনা! স্থান পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...

জুবিন গাৰ্গ

Updated On: 

21 Sep 2025 | 03:15 PM

বহু অপেক্ষাৰ অন্তত দেওবাৰে পুৱা অসম পালেহি সকলোৰে আপোন জুবিন গাৰ্গৰ নশ্বৰ দেহ। ইতিমধ্যে প্ৰায় চূড়ান্ত হৈছে জুবিন গাৰ্গৰ শেষকৃত কৰাৰ স্থান। পৰিয়ালৰ সন্মতি সাপক্ষে চৰকাৰ তথা প্ৰশাসনে লোৱা সিদ্ধান্ত অনুসৰি সোণাপুৰৰ হাতীমূৰা হ’ব পাৰে জুবিন গাৰ্গৰ অন্তিম ঠিকনা। কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই স্থান পৰিদৰ্শন কৰে আৰু সবিশেষ বুজ লয়।

অৱশ্যে এতিয়াও আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, “আমাৰ তিনিগৰাকী কেবিনেট সতীৰ্থ ডা: ৰণোজ পেগু, শ্ৰীকেশৱ মহন্ত আৰু শ্ৰীবিমল বৰাই সোনকালেই শ্ৰীমতী গৰিমা গাৰ্গ আৰু আমাৰ মৰমৰ জুবিন গাৰ্গৰ নিকটাত্মীয় পৰিয়ালক লগ কৰিব। গৰিমা আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে আলোচনা কৰি আমি আজি সন্ধিয়ালৈ অন্ত্যোষ্টিক্ৰিয়াৰ স্থান চূড়ান্ত কৰিম” ৷

উল্লেখ্য যে, আজি পুৱা প্ৰায় ৬.৪০ বজাত জুবিন গাৰ্গক কঢ়িয়াই অনা বিমান গুৱাহাটী বিমান বন্দৰত অৱতৰণ কৰে। তাৰ পাছতে জুবিনক প্ৰথমে কাহিলীপাৰাৰ ঘৰলৈ আৰু পাছত ৯বজাত সৰুসজালৈ নিয়া কথা আছিল। কিন্তু জনসমুদ্ৰৰ বাবে বিমান বন্দৰৰ পৰা কাহিলীপাৰাৰ ঘৰ পোৱাৰ বাবে সময় লাগে প্ৰায় ৭ ঘন্টা। ২.৩০ মান বজাত কাহিলীপাৰাত উপস্থিত হোৱাৰ পাছতে জুবিনৰ পৰিয়াল আৰু আত্মীয় স্বজনে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াত কিছু সময় ৰখাৰ পাছতে তেওঁৰ নশ্বৰ দেহ সৰুসজালৈ লৈ যোৱা হ’ব। য’ত অনুৰাগীৰ বাবে জুবিনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ ব্যৱস্থা কৰা হৈছে।

যোৱা ১৯ ছেপ্টেম্বৰতে মৃত্যুক সাৱতি লৈছিল সকলোৰে হেঁপাহৰ জুবিন গাৰ্গে। তাৰ পাছতে লাখ লাখ অনুৰাগীয়ে ভিৰ কৰিছে কাহিলীপাৰাৰ ঘৰৰ পৰা সৰুসজাই পৰ্যন্ত। অসম এতিয়া স্তব্ধ হৈ পৰিছে। সকলোৰে চকুত কেৱল চকুলোয বহু অনুৰাগীয়ে প্ৰায় ডেৰটা দিন নাখাই-নবৈ কেৱল প্ৰিয় শিল্পীজনক শেষ দেখা কৰিবলৈ ৰৈ আছে। অৱশেষত সেই অপেক্ষাৰ অন্ত পৰাৰ দৰে। শীঘ্ৰেই অনুৰাগীয়ে শেষ দৰ্শন কৰিব পাৰিব শ্ৰদ্ধাৰ জুবিন গাৰ্গক।  অৱশ্যে তেওঁৰ অন্ত্যোষ্টিক্ৰিয়া কেতিয়া হ’ব সেই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই। সম্ভৱতঃ আজি সন্ধিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ঘোষণা কৰিব পাৰে।

 

অন্য খবৰ পঢ়কঃ Zubeen garg: অৱশেষত অসম পালেহি সকলোৰে হেঁপাহৰ জুবিন গাৰ্গৰ প্ৰাণহীন শৰীৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...