যোৰহাটত হ’ব নেকি জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া ? জনালে মুখ্যমন্ত্ৰীয়ে…

যোৰহাটবাসীৰ লগতে উজনিৰ জুবিন অনুৰাগীয়ে দাবী কৰিছে যে,জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া যোৰহাটত সম্পন্ন হওক। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

যোৰহাটত হব নেকি জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া ? জনালে মুখ্যমন্ত্ৰীয়ে...

জুবিন গাৰ্গ

Published: 

20 Sep 2025 12:54 PM

কাইলৈ পুৱা অসম পাবহি অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। ইতিমধ্যে যোৰহাটবাসীৰ লগতে উজনিৰ জুবিন অনুৰাগীয়ে দাবী কৰিছে যে,জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া যোৰহাটত সম্পন্ন হওক। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “যোৰহাটৰ পৰা ৰাইজে দাবী কৰিছে যে, তেজপুৰত জ্যোতি-বিষ্ণু আছে, গুৱাহাটীত ভূপেন হাজৰিকা আছে আৰু যোৰহাটত জুবিন গাৰ্গ থাকিব লাগে। জুবিনৰ অনুৰাগী যোৰহাটৰ ৰাইজে, বিশেষকৈ উজনিৰ ৰাইজে আমাক যথেষ্ট অনুৰোধ কৰিছে।”

এই সন্দৰ্ভত তেওঁ কয় যে, “এই বিষয়ত যোৱা কালি কোৱা হৈছে যে, চৰকাৰে অকলে সিদ্ধান্ত ল’ব খোজা নাই। অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা বা শিল্পী সমাজৰ লগত আমি আলোচনা কৰিম। পৰিয়ালৰ ইচ্ছা আটাইতকৈ গুৰুত্বপূৰ্ণ যে, পৰিয়ালে কি বিচাৰে? গতিকে এই সকলো কথা আলোচনা কৰাৰ পিছত জুবিনৰ অন্ত্যেষ্টিক্ৰিয়াৰ সিদ্ধান্ত লোৱা হ’ব।”

তেওঁ জানিবলৈ দিয়ে যে, এই বিষয়ত আলোচনা কৰাৰ বাবে মন্ত্ৰী ৰণোজ পেগু আৰু বিমল বড়াক দায়িত্ব দিছে মুখ্যমন্ত্ৰীয়ে। তেওঁলোকে দল-সংগঠন, শিল্পী সমাজ সকলোৰে লগত কথা পাতিব। তেওঁ এই কথাও স্পষ্ট কৰি দিছে যে, “জুবিনৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত চৰকাৰীভাৱে নকৰি, ৰাইজৰ দ্বাৰা কৰিব বিচৰা হৈছে। যাতে ৰাইজে বিচৰা ধৰণে আমি কৰিব পাৰোঁ।”

ইফালে, জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ যোৰহাটতে হোৱাটো বিচাৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে। সেই বাবে জুবিন গাৰ্গৰ অন্তিম সৎকাৰৰ বাবে ভূমি দান সিদ্ধান্ত লৈছে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ে। অসম চৰকাৰক প্ৰস্তাৱ দিছে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই।

ঘৰুৱা উপায়েৰে চিকচিকিয়া কৰি তোলক আপোনাৰ দাঁত...
খাতিৰ নকৰাকৈ গ'লগৈ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ...
ওজন বৃদ্ধি, আৰু ভাগৰ... এয়া বৃক্কজনীত সমস্যাৰ লক্ষণ নেকি?
১০ বছৰ পাছত বিৰল সংযোগ! নৱেম্বৰত কপাল ফুলিব এই ৰাশিৰ লোকৰ...