Zubeen garg footprint collection: জুবিন গাৰ্গৰ ভৰিৰ চাপঃ সংৰক্ষণ কৰি ৰখা হ’ব প্ৰিয় শিল্পীগৰাকীৰ পদযুগলৰ চিহ্ন…

Zubeen garg footprints Collection: সংগ্ৰহ কৰা হ'ল সকলোৰে হেঁপাহৰ জুবিন গাৰ্গৰ পদচিহ্ন। ভাস্কৰ্য শিল্পী দিগন্ত মাধৱ গোস্বামীয়ে তেওঁৰ পদযুগলৰ চিহ্ন সংগ্ৰহ কৰে আৰু পাছলৈ ইয়াক নিৰ্মাণ কৰি উলিয়াব।

Zubeen garg footprint collection: জুবিন গাৰ্গৰ ভৰিৰ চাপঃ সংৰক্ষণ কৰি ৰখা হব প্ৰিয় শিল্পীগৰাকীৰ পদযুগলৰ চিহ্ন...

জুবিন গাৰ্গৰ ভৰিৰ চাপ

Published: 

21 Sep 2025 | 04:50 PM

সংগ্ৰহ কৰা হ’ল হেঁপাহৰ শিল্পী জুবিন গাৰ্গৰ পদচিহ্ন। ভাস্কৰ্য শিল্পী দিগন্ত মাধৱ গোস্বামীয়ে বৈজ্ঞানিক পদ্ধতিৰে সংগ্ৰহণ কৰিলে জুবিনৰ পদচিহ্ন। ইয়াৰ পূৰ্বে এইগৰাকী ভাস্কৰ্য শিল্পীয়ে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আৰু হাতৰ চাপ তৈয়াৰ কৰি উলিয়াইছে। এতিয়া তেওঁ জুবিনৰ পদযুগল নিৰ্মাণ কৰি উলিয়াব।

এই সন্দৰ্ভত গোস্বামীয়ে কয় যে, “দাদাই আগৰ পৰা ইচ্ছা কৰিছিল। মোক কৈছিল, মানুহৰ মৃত্যুৰ পাছত প্ৰতিমূৰ্তি বনাই, মই জীয়াই থাকোতে বনাবি। এবাৰ দাদা হাস্পাতালত থাকোতে ডিবগৈৰ বিধায়ক সুৰণ ফুকনৰ সৈতে প্ৰতিমূৰ্তি সন্দৰ্ভত কথা পাতিছিলো। পাছত হাস্পাতালৰ বিচনাৰ পৰা দাদাই ফোন কৰি প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ কথা কৈছিল। যিমান পাৰি সিমান চেষ্টা কৰি বনালো। জুবিন দাই চাই নিজেই কৈছিল কেনেকৈ চকু, হাত, মুখ ৰাখিব লাগে। পাছত দাদাই সেই প্ৰতিমূৰ্তি উন্মোচন কৰিছিল”।

উল্লেখ্য যে, এইগৰাকী ভাস্কৰ্য শিল্পীয়ে জুবিন গাৰ্গ হস্ত চিহ্নও সংৰক্ষণ কৰি নিৰ্মাণ কৰি উলিয়াইছে। জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বে তেওঁৰ অনুমতি সাপেক্ষে দিগন্ত মাধৱ গোস্বামীয়ে এই সকলোবোৰ কৰিছিল। কিন্তু এতিয়া জুবিনৰ মৃত্যুৰ পাছত তেওঁ জুবিনৰ পদযুগল প্ৰস্তুত কৰি উলিয়াব।

ইফালে বৰ্তমান কাহিলীপাৰাতে আছে জুবিনৰ নশ্বৰ দেহ। কিছু সময় পাছতেই সৰুসজাইলৈ নিয়া হ’ব জুবিনৰ পাৰ্থিৱ শৰীৰ। তাতেই সকলো অনুৰাগীয়ে জুবিনক শেষ শ্ৰদ্ধা জনাব পাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, আজি ওৰে নিশা অনুৰাগীয়ে জুবিনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব। কাইলৈও এই স্থানতে ৰখা হ’ব জুবিনৰ মৃতদেহ।

অৱশ্যে জুবিনৰ শেষকৃত ক’ত কৰা হয় সেই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই। কিছু সময় পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত অৱগত কৰাব পাৰে।

 

 

 

অন্য খবৰ পঢ়কঃ Zubeen garg: আজি ওৰে নিশা…কেতিয়ালৈ অনুৰাগীয়ে জুবিনক জনাব পাৰিব শেষ শ্ৰদ্ধা? ক’লে মুখ্যমন্ত্ৰীয়ে…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...