অনুৰাগীৰ ভিৰ ফালি জুবিনৰ শেষ যাত্ৰা, বিমান বন্দৰৰ পৰা প্ৰাণৰ গ’ল্ডিক আদৰিলে গৰিমাই
বৰঝাৰ আহি পোৱাৰ পাছতে অশ্ৰুসিক্ত নয়নে জুবিন দাক অসমলৈ আদৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে। অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক বিমানবন্দৰৰ পৰা আদৰি অনিবৰ বাবে উপস্থিত হৈছিল গৰিমা শইকীয়া।

শেষ যাত্ৰাৰ সময়ত যিধৰণৰ জনসমুদ্ৰ দেখা গৈছে, ই এটা কথা প্ৰতিফলিত কৰে যে, অমৰ জুবিন দা ! কাহিলি পুৱাতে মাতৃভূমিত উপস্থিত হয় প্ৰাণৰ শিল্পী জুবিন। কোনেও মানি ল’ব নোৱাৰা এটা ঘটনা। ভাষাৰে বুজাব নোৱাৰা অনুভৱ। সকলোৰে চকুত চকুলো। তেওঁ আমাৰ মাজত সদায় থাকিব।
বৰঝাৰ আহি পোৱাৰ পাছতে অশ্ৰুসিক্ত নয়নে জুবিন দাক অসমলৈ আদৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে। অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক বিমানবন্দৰৰ পৰা আদৰি অনিবৰ বাবে উপস্থিত হৈছিল গৰিমা শইকীয়া। তেওঁৰ প্ৰাণৰ গ’ল্ডিক এখন গামোচাৰে অসমলৈ স্বাগতম জনায়। ইয়াৰ পাছতে অনুৰাগীৰ ভিৰ ফালি বৰঝাৰ পৰা কাহিলীপাৰা বাসগৃহলৈ শেষ যাত্ৰা কৰিছে প্ৰাণৰ জুবিন দাই।
ইফালে, এই বিশাল মনৰ মানুহজনৰ নশ্বৰ দেহ কঢ়িয়াই অনাৰ বাবে সক্ষম নহ’ল কোনো চাৰ্টাৰ্ড বিমান। মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছিল যে, ছিংগাপুৰৰ পৰা অহা আমাৰ মৰমৰ জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া কফিনটো কোনো চাৰ্টাৰ্ড বিমানত নিব পৰাৰ জোখাৰে যথেষ্ট ডাঙৰ আছিল৷ আমি দুঘণ্টাতকৈও অধিক সময় ধৰি অবিৰাম প্ৰচেষ্টা চলাইছিলোঁ ৷ তেওঁৰ নশ্বৰ দেহ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমান IX 1197 ত গুৱাহাটীলৈ লৈ অহা হয়।
বৰঝাৰ পৰা কাহিলীপাৰালৈ জুবিনৰ শেষ যাত্ৰাৰ সময়ত দেখা গৈছে অজস্ৰ গুণমুগ্ধৰ ভিৰ । এখন পুষ্পসজ্জিত বাহনেৰে জুবিন গাৰ্গক লৈ যোৱা হৈছে কাহিলীপাৰা বাসগৃহলৈ। সকলো ফালে জনসমুদ্ৰ, কেতিয়াও নেদেখা এক অভাৱনীয় দৃশ্য। আচলতে জুবিন গাৰ্গ সেইজনে মানুহ।