চিন্তা নকৰিবা, কৰ্ণেল পুনৰ ঘূৰি আহিব- আজিৰ দিনটোতেই ৮ বছৰ আগতে কি লিখিছিল জুবিনে?

Zubeen garg: সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় মাগিলে জুবিন গাৰ্গে। মাত্ৰ ৫২ বছৰ বয়সত মৃত্যুক সাৱতি লয় জুবিনে। এই সময়ত জুবিন গাৰ্গৰ এটি পুৰণি পোষ্ট পোহৰলৈ আহিছে।

চিন্তা নকৰিবা, কৰ্ণেল পুনৰ ঘূৰি আহিব- আজিৰ দিনটোতেই ৮ বছৰ আগতে কি লিখিছিল জুবিনে?

জুবিন গাৰ্গ

Updated On: 

19 Sep 2025 | 08:08 PM

সকলোকে কন্দুৱাই গুচি গ’ল সকলোৰে মৰমৰ জুবিন গাৰ্গ। মাত্ৰ ৫২ বছৰ বয়সত মৃত্যুক সাৱতি লয় তেওঁ। ছিংগাপুৰত সাগৰত সাঁতুৰি থকা সময়ত হঠাতে অসুস্থ হৈ পৰে জুবিন। পাছত তেওঁক হাস্পাতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে ৰক্ষা কৰিব নোৱাৰিলে তেওঁৰ প্ৰাণ। লাখ লাখ অনুৰাগীত কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় মাগিলে জুবিন গাৰ্গে। এই খবৰ যেন কাৰো কাম্য নাছিল। জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে কন্দুৱাই গৈছে লাখ লাখ অনুৰাগীক। বিভিন্নজনে জুবিনক সমবেদনা জ্ঞাপন কৰি তেওঁৰ আত্মাৰ সদগতি কামনা কৰিছে।

ইয়াৰ মাজতে জুবিন গাৰ্গৰ পুৰণি পোষ্ট এটা পোহৰলৈ আহিছে। ৮ বছৰ পূৰ্বে ২০১৭ চনৰ ১৯ ছেপ্টেম্বৰত জুবিনে এই পোষ্টটো কৰিছিল। সেই পোষ্টটোত তেওঁ লিখিছিল-“চিন্তা নকৰিবা, কৰ্ণেল পুনৰ ঘূৰি আহিব। সুস্থ হৈ উঠিবলৈ মাত্ৰ অলপ সময়ৰ প্ৰয়োজন।কামৰ অধিক বোজা হোৱাৰ মোৰ মন, মোৰ মগজু অভাৰলোডেড হৈ আছে। জয় হিন্দ”।

জুবিনৰ পোষ্ট

এই পোষ্ট়টি কৰাৰ ৮ বছৰ পাছত সেই দিনটোতে জুবিনৰ মৃত্যু হ’ল। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি জুবিন গাৰ্গ অসুস্থ হৈ আছিল। বিগত বহু সময়ত জুবিনক হাস্পাতালতো ভৰ্তি কৰিবলগীয়া হৈছিল। কিন্তু তাৰ পাছতো নৰ্থইষ্ট ফেষ্টিভেলৰ বাবে জুবিনক ছিংগাপুৰলৈ লৈ যোৱা হৈছিল। যাৰ বাবে এতিয়া জুবিনৰ অনুৰাগীসকলে এই ফেষ্টিভেলৰ আয়োজকক প্ৰশ্ন কৰিছে।

ইফালে জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ অনাৰ বাবে চেষ্টা কৰি আছে ভাৰত চৰকাৰে। ছিংগাপুৰত মৰণোত্তৰ পৰীক্ষা কৰিলে মৃতদেহ আহি পোৱাত পলম হব। যাৰ বাবে সম্ভৱত আজিয়ে এয়াৰ এম্বুলেন্সযোগে তেওঁৰ মৃতদেহ অসমলৈ আনিব পাৰে। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে ছিংগাপুৰৰ বৈদেশিক মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰি আছে।

 

অন্য খবৰ পঢ়কঃ Zubeen garg: সকলো অনুৰাগীৰ হৈ জুবিন গাৰ্গৰ বাবে এটি বিশেষ লেখা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...