চিন্তা নকৰিবা, কৰ্ণেল পুনৰ ঘূৰি আহিব- আজিৰ দিনটোতেই ৮ বছৰ আগতে কি লিখিছিল জুবিনে?

Zubeen garg: সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় মাগিলে জুবিন গাৰ্গে। মাত্ৰ ৫২ বছৰ বয়সত মৃত্যুক সাৱতি লয় জুবিনে। এই সময়ত জুবিন গাৰ্গৰ এটি পুৰণি পোষ্ট পোহৰলৈ আহিছে।

চিন্তা নকৰিবা, কৰ্ণেল পুনৰ ঘূৰি আহিব- আজিৰ দিনটোতেই ৮ বছৰ আগতে কি লিখিছিল জুবিনে?

জুবিন গাৰ্গ

Updated On: 

19 Sep 2025 20:08 PM

সকলোকে কন্দুৱাই গুচি গ’ল সকলোৰে মৰমৰ জুবিন গাৰ্গ। মাত্ৰ ৫২ বছৰ বয়সত মৃত্যুক সাৱতি লয় তেওঁ। ছিংগাপুৰত সাগৰত সাঁতুৰি থকা সময়ত হঠাতে অসুস্থ হৈ পৰে জুবিন। পাছত তেওঁক হাস্পাতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে ৰক্ষা কৰিব নোৱাৰিলে তেওঁৰ প্ৰাণ। লাখ লাখ অনুৰাগীত কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় মাগিলে জুবিন গাৰ্গে। এই খবৰ যেন কাৰো কাম্য নাছিল। জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে কন্দুৱাই গৈছে লাখ লাখ অনুৰাগীক। বিভিন্নজনে জুবিনক সমবেদনা জ্ঞাপন কৰি তেওঁৰ আত্মাৰ সদগতি কামনা কৰিছে।

ইয়াৰ মাজতে জুবিন গাৰ্গৰ পুৰণি পোষ্ট এটা পোহৰলৈ আহিছে। ৮ বছৰ পূৰ্বে ২০১৭ চনৰ ১৯ ছেপ্টেম্বৰত জুবিনে এই পোষ্টটো কৰিছিল। সেই পোষ্টটোত তেওঁ লিখিছিল-“চিন্তা নকৰিবা, কৰ্ণেল পুনৰ ঘূৰি আহিব। সুস্থ হৈ উঠিবলৈ মাত্ৰ অলপ সময়ৰ প্ৰয়োজন।কামৰ অধিক বোজা হোৱাৰ মোৰ মন, মোৰ মগজু অভাৰলোডেড হৈ আছে। জয় হিন্দ”।

জুবিনৰ পোষ্ট

এই পোষ্ট়টি কৰাৰ ৮ বছৰ পাছত সেই দিনটোতে জুবিনৰ মৃত্যু হ’ল। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি জুবিন গাৰ্গ অসুস্থ হৈ আছিল। বিগত বহু সময়ত জুবিনক হাস্পাতালতো ভৰ্তি কৰিবলগীয়া হৈছিল। কিন্তু তাৰ পাছতো নৰ্থইষ্ট ফেষ্টিভেলৰ বাবে জুবিনক ছিংগাপুৰলৈ লৈ যোৱা হৈছিল। যাৰ বাবে এতিয়া জুবিনৰ অনুৰাগীসকলে এই ফেষ্টিভেলৰ আয়োজকক প্ৰশ্ন কৰিছে।

ইফালে জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ অনাৰ বাবে চেষ্টা কৰি আছে ভাৰত চৰকাৰে। ছিংগাপুৰত মৰণোত্তৰ পৰীক্ষা কৰিলে মৃতদেহ আহি পোৱাত পলম হব। যাৰ বাবে সম্ভৱত আজিয়ে এয়াৰ এম্বুলেন্সযোগে তেওঁৰ মৃতদেহ অসমলৈ আনিব পাৰে। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে ছিংগাপুৰৰ বৈদেশিক মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰি আছে।

 

অন্য খবৰ পঢ়কঃ Zubeen garg: সকলো অনুৰাগীৰ হৈ জুবিন গাৰ্গৰ বাবে এটি বিশেষ লেখা…

প্ৰতিদিনে খাওক ডালিম, ৰক্তহীনতাৰপৰা পাচনতন্ত্ৰৰ সমস্যা হ'ব নিৰাময়!
ভৰি ফুলা, ছালৰ খজুৱতি, অনিদ্ৰা... এয়া কি ৰোগৰ ইংগিত?
ফেন, তেজ...বৃক্ক বিকল হ'লে প্ৰস্ৰাৱত দেখা দিয়ে এইসমূহ লক্ষণ, জানক
দূৰ হ'ব আৰ্থিক সমস্যা, আহিব সফলতা! মাত্ৰ ঘৰত ৰাখক এই ৫ বিধ বস্তু...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী
বৰপেটাতো হব বৃহৎ উচ্ছেদঃ মুখ্যমন্ত্ৰী
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...