“জুবিনক ন্যায় দিয়াত ব্যৰ্থ হ’লে মোক শাস্তি দিব”- ফেচবুকযোগে ক’লে মুখ্যমন্ত্ৰীয়ে
Assam CM on Zubeen Garg: শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ৬ অক্টোবৰৰ ভিতৰত চিআইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ইতিমধ্যেই ফ্ৰীজ কৰা হৈছে শ্যামকানু মহন্তৰ একাউণ্ট। জুবিন গাৰ্গক ন্যায় নিদিয়ালৈকে এইখন চৰকাৰ বহি নাথাকে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।

জুবিনক ন্যায় দিয়াৰ সংকল্প
ফেচবুক লাইভযোগে আজি জনতাৰ কাষলৈ আহিল মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে জুবিন গাৰ্গৰ মৃত্যুক লৈ যি ন্য়ায়ৰ দাবী উত্থাপন হৈছে, সেই অনুসৰি ন্যায় প্ৰদানৰো আশ্বাস দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ মৃত্যুত নাম সাঙোৰ খোৱা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক দুৰ্গাপূজাৰ পাছতেই ৬ অক্টোবৰত চিআইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰো নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
“যোৱা ৬ বছৰ আগতে এদিন মই কৈছিলোঁ, জুবিনক বিপথে পৰিচালিত কৰাত তেওঁৰ আশে-পাশে থকা মানুহখিনি জড়িত হৈ আছে। গোটেই ঘটনা সন্দৰ্ভত মোৰ মতামত ছবছৰ আগতেই মই ৰাইজক জনাইছিলোঁ। জুবিন গাৰ্গ অসমৰ জাতীয় সম্পদ। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু ভূপেন হাজৰিকাৰ সমকক্ষ বুলি মই তেওঁৰ সমুখতেই এটি ভাষণত কৈছিলোঁ। জুবিনক গীত-মাত আৰু সংস্কৃতিৰ মাজেৰে আমি সকলো গৌৰৱী অসমীয়াই জীয়াই ৰাখিম।” মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়।
তেওঁ আৰু কয়, “জুবিনৰ ঘটনাৰ ন্যায় লাগে। ৰাইজৰ দৃষ্টিত আৰু আৰক্ষীৰ হাতলৈ অহা নথি-পত্ৰৰ দৃষ্টিৰ পৰা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু কেবাজনকো আমি বহুতো কথা সুধিব লাগিব। আইনে আইনৰ ৰাস্তা ল’ব। এই ফেচবুক লাইভৰ জৰিয়তে মই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক ক’ব বিচাৰো, যে আপোনালোকে জনতাৰ ধৈৰ্যৰ সৈতে খেলিবলৈ চেষ্টা নকৰিব। ৬ অক্টোবৰত আমি আপোনালোকক অসমত বিচাৰিছোঁ। আপোনালোকে ফেচবুক লাইভ কৰি বা পত্ৰ লিখি জনতা আৰু আইনৰ পৰা সাৰিব নোৱাৰিব। যদি আপোনালোক নিৰ্দোষী তেন্তে সাহসেৰে চি আই ডিৰ কাৰ্যালয়লৈ আহক। আপোনালোকে যদি চি আই ডিক ক’ব নোখোজে তেন্তে আদালতত কওক। কিন্তু ৰাইজৰ যি ক্ষোভ সেয়া এতিয়া অগনিলৈ পৰিণত হৈছে, ক্ষোভৰ সৈতে খেলা নকৰিব। মই অসমৰ মুখ্য়মন্ত্ৰী হিচাপে আপোনালোকক স্পষ্ট সকীয়নি দিব খুজিছোঁ, অহা ৬ অক্টোবৰ তাৰিখে চি আই ডিৰ কাৰ্যালয়লৈ আহি আপোনালোকৰ কথা স্পষ্ট কৰক।”
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “মই আজি পুনৰ এবাৰ প্ৰতিশ্ৰুতি দিছোঁ, জুবিন ঘটনাৰ সৈতে জড়িত আটাইকেইগৰাকী ব্যক্তিক আইনৰ সন্মুখলৈ অনাৰ দায়িত্ব মুখ্যমন্ত্ৰী হিচাপে মোৰ। সেই দায়িত্ব মই কৰ্তব্য হিচাপে নিষ্ঠাৰে পালন কৰিম। এইখন চৰকাৰে জুবিন ন্যায় দিয়াৰ চেষ্টা নকৰিব, এইখন চৰকাৰে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ দৰে ব্যক্তিৰ ওচৰত শিৰনত নকৰিব বুলি কোনেও ধাৰণা ল’ব নালাগে। এইখন চৰকাৰে অসমৰ ৰাইজৰ ওচৰত শিৰনত কৰিব, কিন্তু শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ ওচৰত শিৰনত নকৰে। জুবিনৰ হত্যাৰ প্ৰতিটো মুহূৰ্তৰ ঘটনা তন্ন-তন্নকৈ অসমৰ ৰাইজৰ আগত ক’ব লাগিব। আইনৰ বাহিৰত গৈ শাস্তি দিয়া নহয়। আইনৰ দৃষ্টিত দোষী হ’লে শাস্তি দিয়া হ’ব।”
“এইখন জুবিনৰ অসম, এইখন আমাৰ জননী জন্মভূমি। এইখন অসমক আমি কোনো কাৰণতে নেপাল কৰিব নোৱাৰোঁ। যোৱা কেইদিনমানৰ পৰা সামাজিক মাধ্যমত নেপালৰ উদাহৰণ দিয়া হৈছে। আমি অসমত লাচিতৰ উদাহৰণ দিম, পৃথুৰ উদাহৰণ দিম, আমি ভগদত্তৰ উদাহৰণ দিম, আমি ভূপেন হাজৰিকাৰ উদাহৰণ দিম, আমি জুবিন গাৰ্গৰ উদাহৰণ দিম। আমি নেপালৰ উদাহৰণেৰে অসম নচলাওঁ। এটাও যদি অসমৰ সম্পত্তিক আমি হানি কৰোঁ, আটাইতকৈ দুখ জুবিন গাৰ্গে পাব।” – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
জুবিন গাৰ্গক ন্যায় প্ৰদানৰ সন্দৰ্ভত হোৱা প্ৰতিবাদৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, “কেইজনমান ব্যক্তিয়ে জুবিনৰ ন্যায় বিচাৰি ৰাস্তাত আন্দোলন কৰিছে। পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। মানুহে সুধিছে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা হ’ল? এজন ব্যক্তিৰ নাম অজয় ফুনক। জুবিন গাৰ্গে নিজে এই ব্যক্তিগৰাকীৰ বিষয়ে কোৱা কথাকেইটা আপোনালোকে শুনিব। জুবিন গাৰ্গে কৈ গৈছে, এইগৰাকী ব্যক্তিৰ দ্বাৰা কোনেও মোক যোগাযোগৰ চেষ্টা নকৰিব। এইগৰাকীয়েই কংগ্ৰেছৰ দলৰ হৈ যোৱা নিৰ্বাচনত চাবুৱা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আছিল। আনজন ন্যায় বিচৰা ব্যক্তি হ’ল ভিক্টৰ দাস। এগৰাকী সহজ-সৰল ছোৱালীক কেনেকৈ গুৰুলা-গুৰুলকৈ এই ব্যক্তিজনে পিটিছিল তাৰ প্ৰতিচ্ছবি এতিয়াও আমাৰ চকুৰ পৰা আঁতৰি যোৱা নাই। যিদিনা ছোৱালীজনীক গুৰুলা-গুৰুলকৈ পিটিছিল, মই ভাবোঁ সেইদিনা জুবিনেও কান্দিছিল। জুবিনেও এই ব্যক্তিজনৰ বিৰুদ্ধে ন্যায় বিচাৰিছিল।”
“জুবিনৰ নামত চৰকাৰ বিৰোধী ৰাজনীতি হ’ব নোৱাৰে। জুবিনৰ ন্যায় বিচৰাৰ নামত আমি অসমখনক নেপাল হ’বলৈ দিব নোৱাৰোঁ। জুবিনৰ আত্মাক শান্তি দিবৰ বাবে আমি অসমখনক শুৱলা-সুফলা কৰি নিৰ্মাণ কৰিব লাগিব। ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্য কৰিব লাগিব। অসমক নেপাল কৰাৰ চেষ্টা নকৰিব, ইয়ে জুবিনৰ আত্মাক কষ্ট দিব।” মুখ্যমন্ত্ৰীয়ে কয়।
“শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আমি লুক আউট নটিছ ইচ্যু কৰিছোঁ। তেওঁলোক এতিয়া বিদেশলৈ পলাই যাব নোৱাৰে। পোষ্ট মৰ্টেম ৰিপ’ৰ্ট ছিংগাপুৰৰ পৰা অনাৰ প্ৰস্তুতি চলিছে। গুৱাহাটী মেডিকেল কলেজৰ পোষ্ট মৰ্টেম ৰিপ’ৰ্ট প্ৰস্তুত হৈ উঠিছে। দিল্লীলৈ তেওঁৰ চিএফএললৈ তেওঁৰ ভিচেৰা চেম্পল পঠাইছোঁ যাতে জুবিনৰ দেহত কোনোবাই বিহ প্ৰয়োগ কৰিছিল নেকি সেয়া জানিব পাৰোঁ। শ্যামকানু মহন্তৰ প্ৰত্যেকটো একাউণ্ট, পেন কাৰ্ড, ক্ৰেডিট কাৰ্ড ফ্ৰীজ কৰা হৈছে। ৬ অক্টোবৰত যদি তেওঁলোক নাহে, অসম পুলিচে তেওঁলোক য’তেই আছে তাৰ পৰা অসমলৈ অনাৰ চেষ্টা কৰিব।” ডঃ শৰ্মাই লগতে কয়।
“জুবিন ৰাইজৰ সম্পদ। জুবিনক ন্যায় দিয়াৰ দায়িত্ব অসমৰ ৰাইজৰ। জনতাৰ প্ৰতিনিধি হিচাপে এই দায়িত্ব মই নিষ্ঠাৰে আৰু সততাৰে পালন কৰিম। উৰাবাতৰিয়ে আমাৰ মনবোৰ অশান্ত কৰিব। যিদিনা মই বিফল হ’ম, সেইদিনা মোক শাস্তি দিব। কোনোবাই কৈছে, ২৬ ত ভোট নিদিওঁ, সেয়া স্পষ্ট কথা। আমি যদি ন্যায় দিব নোৱাৰোঁ, আমাক কিয় ভোট দিব? নিদিয়াটো স্বাভাৱিক। মই মোৰ লক্ষ্যত অটল হৈ আছিল, মই সেই লক্ষ্যৰে কাম কৰি যাম। আমি স্বচ্ছতাৰ মাজেৰে এই তদন্ত আমি লৈ যাব বিচাৰোঁ। যিদিনা আমি অসম পুলিচে জুবিনক ন্যায় দিব নোৱাৰে বুলি অনুভৱ কৰোঁ, সেই দিনাই আমি এই গোচৰ আমি চিবিআইলৈ পঠাই দিম।” মুখ্যমন্ত্ৰীয়ে কয়।