মোক আপোনালোকৰ পৰিয়ালৰ সদস্য বুলি ভাবিব: অনুৰাগীলৈ বিশেষ আহ্বান গৰিমাৰ

সোণাপুৰত নিশা জনতাৰ সন্মুখত আৱেগিক হৈ পৰিল গৰিমা গাৰ্গ। অশ্ৰুসিক্ত নয়নেৰে জনতাক উদ্দেশ্যি বক্তব্য গৰিমাৰ।  তেওঁ ক'লে, "জুবিনৰ লগত কি হৈছিল সেই কথা আমি সকলোৱে জানিব লাগিব, সঁচাটো জানিব লাগিব। এক আস্থাৰে,শান্তিৰে,ধৈৰ্য্যৰে অপেক্ষা কৰিছো, শুদ্ধভাৱে, পানী নসৰকাভাৱে বিচাৰ হওঁক।"

মোক আপোনালোকৰ পৰিয়ালৰ সদস্য বুলি ভাবিব: অনুৰাগীলৈ বিশেষ আহ্বান গৰিমাৰ

গৰিমা গাৰ্গ

Updated On: 

20 Oct 2025 11:00 AM

এমাহ হৈ গ’ল তেওঁ যোৱা। এতিয়া বুকুত অজস্ৰ বেদনা লৈ জীয়াই আছে অসমীয়া। পাহৰিব পৰা হিয়াৰ আপোন শিল্পীগৰাকীৰ বিয়োগৰ বতৰা। আজি গৰিমা গাৰ্গৰ কাষত গ’ল্ডী নাই। দেওবাৰে নিশা সোণাপুৰৰ জুবিন ক্ষেত্ৰত নিশা অনুৰাগীৰ সৈতে গৰিমা শইকীয়া গাৰ্গে কান্দি কান্দি গালে ‘মায়াবিনী’।

জুবিনৰ এমহীয়া অনুষ্ঠানত  ‘মায়াবিনী ৰাতিৰ বুকুত’ গীতেৰে গুঞ্জৰিত হ’ল সমাধিক্ষেত্ৰ। অনুৰাগীৰ ‘জয় জুবিন দা’ ধ্বনিৰে মুখৰিত সোণাপুৰৰ আকাশ-বতাহ।  একেলগে ১০০তকৈও বাঁহী বাদকৰ স্মৰণ। ১০০তকৈও অধিক নামতি দলে পৰিৱেশন কৰিলে নেগেৰা নাম।  জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ উপলক্ষে সোণাপুৰৰ সমাধিক নিশা ভাওনা প্ৰদৰ্শন। মহিলা শিল্পীৰ দ্বাৰা জুবিন ক্ষেত্ৰত প্ৰদৰ্শন ‘মহাৰথী কৰ্ণ’। গৰিমা গাৰ্গৰ সন্মুখত প্রদৰ্শিত কৰা হ’ল ‘মহাৰথী কৰ্ণ’ ভাওনা।

ইফালে প্ৰতিটো মুহূৰ্ততে জুবিনৰ স্মৃতিয়ে আমনি কৰিছে পত্নী গৰিমাক। সোণাপুৰত নিশা জনতাৰ সন্মুখত আৱেগিক হৈ পৰিল গৰিমা গাৰ্গ। অশ্ৰুসিক্ত নয়নেৰে জনতাক উদ্দেশ্যি বক্তব্য গৰিমাৰ।  তেওঁ ক’লে, “জুবিনৰ লগত কি হৈছিল সেই কথা আমি সকলোৱে জানিব লাগিব, সঁচাটো জানিব লাগিব। এক আস্থাৰে,শান্তিৰে,ধৈৰ্য্যৰে অপেক্ষা কৰিছো, শুদ্ধভাৱে, পানী নসৰকাভাৱে বিচাৰ হওঁক।”

তেওঁ লগতে কয়, “সকলোৰে আত্মাত জুবিন গাৰ্গ জীয়াই আছে। আমি একেলগে জুবিনক জীয়াই ৰাখিব লাগিব। জুবিন ৩৮ হাজাৰ গীতৰ মাজত তেওঁক জীয়াই ৰাখিম।  জুবিনক আমিয়েই অমৰত্ব দিব লাগিব, তেওঁৰ আদৰ্শক আমি জীয়াই ৰাখিব লাগিব। আমি গছ ৰুব লাগিব। অসম, উত্তৰ-পূৰ্বাঞ্চল সেউজীয়া হ’ব লাগিব। নতুন প্ৰজন্মক লৈ জুবিনৰ বহুত সপোন আছিল।”

উপস্থিত থকা অনুৰাগীকসকলক উদ্দেশ্যি গৰিমা শইকীয়া গাৰ্গে পুনৰ কয়, “মোক আপোনালোকৰ পৰিয়ালৰ সদস্য বুলি ভাবিব। আপোনাৰ বোৱাৰী-জীয়াৰী বুলি ভাবি। মোক আশীৰ্বাদ লাগিব, মোক সহায়-সহযোগ কৰিব লাগিব আপোনালোকে। মই আপোনালোকৰ মৰমৰ বাবে ইয়ালৈ আহিব পাৰিছোঁ। আপোনালোকেই মোৰ শক্তি।”

ইয়াৰ মাজতে অসমৰ পৰা আজি ছিংগাপুৰলৈ ৰাওনা হ’ব  বিশেষ তদন্তকাৰী দলৰ (SIT) দুজনীয়া এটা দল।  দলটোৰ নেতৃত্বত থাকিব এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা, বিশেষ ডিজিপি (চিআইডি), আৰু সংগ দিব তদন্তকাৰী বিষয়া তৰুণ গোৱেলে। কাইলৈ ছিংগাপুৰ আৰক্ষীৰ সৈতে মিলিত হ’ব আলোচনা দুজনীয়া দলটোৱে। ছিংগাপুৰ আৰক্ষীৰ পৰা বুজ ল’ব তদন্তৰ অগ্ৰগতিৰ। জুবিনৰ মৃত্যুৰ ঘটনাৰ তথ্য-প্রমাণো সংগ্ৰহ কৰিব SITৰ দলটোৱে।

কলিযুগত কৰক মাত্ৰ এই ৪ টা কাম! জীৱনত সদায় হ'ব উন্নতি...
আপোনাৰ ইউৰিক এচিডৰ সমস্যা আছে নেকি? এইবোৰ খাদ্য একেবাৰে নাখাব...
শৰীৰত চুগাৰৰ পৰিমাণ হ্ৰাস পালে কি লক্ষণে দেখা দিয়ে? জানক বিশেষজ্ঞৰ পৰা...
ঋণৰ পৰা পাব মুক্তি, দূৰ হ'ব ধনৰ অভাৱ, দীপাৱলীত কৰক এই কাম!