জুবিনৰ মৃত্যুৰ তদন্তত কিদৰে সহায় কৰিব BNSS ৰ ২০৮ ধাৰাই, জানি লওক সবিশেষ
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী দলে তদন্ত আগুৱাই নিয়াৰ বাবে ভাৰতীয় নগৰিক সুৰক্ষা সংহিতাৰ (BNSS) এক গুৰুত্বপূৰ্ণ আইনী ধাৰা সন্নিৱিষ্ট কৰিছে। ১৮ নৱেম্বৰ মঙলবাৰে এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে এই গোচৰত BNSS ৰ ২০৮ ধাৰা প্ৰয়োগ কৰা হৈছে।

মুন্না প্ৰসাদ গুপ্তা
আজি ১৮ নৱেম্বৰ, অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গৰ জন্মদিন। এইবাৰ জুবিনবিহীনভাৱে পৰিয়াল তথা অনুৰাগীয়ে পালন কৰিবলগীয়া হৈছে শিল্পীগৰাকীৰ জন্মদিনটো। যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত শোকাৱহভাৱে মৃত্যুক সাৱটি লৈছিল জুবিন গাৰ্গে। শিল্পীগৰাকীৰ মৃত্যুৰ তদন্ত অব্যাহত আছে। জুবিন গাৰ্গৰ মৃত্যুক কোনেও সহজভাৱে মানি ল’ব পৰা নাছিল। অনেকেই ধাৰণা কৰিছিল যে তেওঁক চক্ৰান্তমূলকভাৱে হত্যা কৰা হৈছিল। মুখ্যমন্ত্ৰীয়েও কৈছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল।
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে অসম চৰকাৰে চিআইডিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত গঠন কৰি দিছিল এটা বিশেষ তদন্তকাৰী গোট। এই তদন্তকাৰী গোটে ইতিমধ্যে বিভিন্নজনক ঘটনা সন্দৰ্ভত জেৰা চলাইছে। অহা ১০ ডিচেম্বৰৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে এছআইটিক। এই সন্দৰ্ভত আজি তদন্তকাৰী দলৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী দলে তদন্ত আগুৱাই নিয়াৰ বাবে ভাৰতীয় নগৰিক সুৰক্ষা সংহিতাৰ (BNSS) এক গুৰুত্বপূৰ্ণ আইনী ধাৰা সন্নিৱিষ্ট কৰিছে। ১৮ নৱেম্বৰ মঙলবাৰে এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে এই গোচৰত BNSS ৰ ২০৮ ধাৰা প্ৰয়োগ কৰা হৈছে।
গুপ্তাই ব্যাখ্যা কৰে যে ২০৮ ধাৰাত ভাৰতৰ বাহিৰত সংঘটিত অপৰাধৰ সন্দৰ্ভত আদালতে স্বীকৃতি ল’বলৈ কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ব অনুমোদন বাধ্যতামূলক কৰা হৈছে। ১০ ডিচেম্বৰৰ ভিতৰত সকলো অভিযুক্ত ব্যক্তিৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ পথত আগবাঢ়িছে বুলি উল্লেখ কৰি তেওঁ কয়, ‘‘এই অনুমোদনে আদালতৰ সন্মুখত এক বিস্তৃত অভিযোগনামা দাখিল কৰাটো সক্ষম কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।‘‘
ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ অফিচিয়েল এক্স হেণ্ডেলত ঘোষণা কৰিছিল যে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে BNSS ৰ ২০৮ ধাৰাত আগবাঢ়ি যাবলৈ প্ৰয়োজনীয় অনুমোদন প্ৰদান কৰিছে। শৰ্মাই উল্লেখ কৰে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ব্যৱস্থাত আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে, যাৰ ফলত বৈধ আৰু নিৰ্ণায়ক আইনী ব্যৱস্থাৰ পথ মুকলি হৈছে।
মুখ্যমন্ত্ৰীয়ে লিখিছে, “সৰল ভাষাত ক’বলৈ গ’লে ২০৮ ধাৰাত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ পিছতহে ভাৰতত গোচৰটো আগবাঢ়িব পাৰে, বিশেষকৈ যেতিয়া দেশৰ বাহিৰত কোনো অপৰাধ সংঘটিত হয়।” তেওঁ চৰকাৰৰ প্ৰতিশ্ৰুতিক আৰু পুনৰ দৃঢ়তাৰে কয় যে, “আমি ২০২৫ চনৰ ১০ ডিচেম্বৰৰ ভিতৰত অভিযুক্ত ব্যক্তিসকলৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছো।”
Today marks the 53rd birthday of our beloved Zubeen Garg — a day that reminds us of his music, his voice, and his irreplaceable place in Assam’s heart.
On this very day, the Hon’ble Union Home Minister Sri @AmitShah Ji has granted the required sanction under Section 208 of the…
— Himanta Biswa Sarma (@himantabiswa) November 18, 2025
BNSS ৰ ধাৰা ২০৮ কি?
এই ধাৰাত ভাৰতীয় নাগৰিকে বা ভাৰতীয় পঞ্জীয়নভুক্ত জাহাজ বা বিমানত অভাৰতীয় নাগৰিকসকলে ভাৰতৰ বাহিৰত সংঘটিত অপৰাধৰ সৈতে মোকাবিলা কৰাৰ বাবে ন্যায়িক বিধানসমূহৰ ৰূপৰেখা দাঙি ধৰা হৈছে। ইয়াত প্ৰতিষ্ঠা কৰা হৈছে যে এনে অপৰাধসমূহ ভাৰতৰ ভিতৰত সংঘটিত হোৱাৰ দৰে গণ্য কৰিব পাৰি, যদিহে কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ব অনুমোদন থাকে।
ভাৰতৰ বাহিৰত যেতিয়া কোনো অপৰাধ সংঘটিত হয়—
- ভাৰতৰ কোনো নাগৰিকৰ দ্বাৰা যদি বহিঃৰাষ্ট্ৰত কোনো অপৰাধ সংঘটিত হয়, সেয়া লাগিলে সাগৰতেই হওক বা অন্য ঠাইত হওক
- ভাৰতত পঞ্জীয়নভুক্ত কোনো জাহাজ বা বিমানত বহিঃৰাষ্ট্ৰৰ কোনো নাগৰিকৰ দ্বাৰা যদি অপৰাধ সংঘটিত হয়
এনে অপৰাধৰ ক্ষেত্ৰত এনেদৰে আইনী মোকাবিলা কৰিব পাৰি, যেনেকৈ ভাৰতৰ ভিতৰত যিকোনো ঠাইত সংঘটিত হ’লে কৰা হয়। ভাৰতত অপৰাধৰ গোচৰ পঞ্জীয়ন হ’লে বা কোনো অভিযুক্ত ধৰা পৰিলে যিদৰে আইনী প্ৰক্ৰিয়া চলে, এই ধাৰাৰ অধীনত তেনেকৈয়ে গোচৰ চলাব পাৰি। মাত্ৰ এইক্ষেত্ৰত কিছু বাধ্যবাধকতা আছে। সেয়া হৈছে চৰকাৰৰ আগতীয়া অনুমোদন। এই ঘটনাৰ পূৰ্বে কোনো ধাৰাত কোনো গোচৰ থাকিলেও কেন্দ্ৰীয় চৰকাৰৰ পূৰ্বৰ অনুমোদন অবিহনে ভাৰতত এনে কোনো অপৰাধৰ তদন্ত বা বিচাৰ কৰা নহয়।