জুবিন গাৰ্গক ষড়যন্ত্ৰমূলকভাৱে মদ খোৱাই দিয়া হৈছিল, কেইবাটাও ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গৰক মদ খোৱাই কোনে ষড়যন্ত্ৰ ৰচনা কৰিছিল ? ইয়াৰ আঁৰত কোনসকল লোক? মুখ্যমন্ত্ৰীৰ কেইবাটাও মন্তব্যৰ পাছতে এই প্ৰশ্নৰ উত্থাপন হ'বলৈ আৰম্ভ কৰিছে।

“মদ্যপান কৰি ভাল পোৱা নাছিল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। কিন্তু জুবিন গাৰ্গক মদ খাবলৈ বাধ্য কৰা হৈছিল। এইবোৰ কথা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীটত উল্লেখ কৰা হৈছে। চাৰ্জশ্বীট দাখিল কৰাৰ পাছতে সকলোৱে এই কথাবোৰ জানিব পাৰিব।” জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিনটোত এই মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
তেওঁ এটা কথা স্পষ্টভাৱে কয় যে, জুবিন গাৰ্গক ভাল কামৰ মাজেৰে জীয়াই ৰাখিব লাগিব। মদ তেওঁৰ পৰিচয় নহয়। লগতে তেওঁ কয় যে,যেতিয়া মানুহে জুবিনক ব্যৱহাৰ কৰিবলৈ ধৰিলে, তেতিয়া তেওঁক মদ খোৱাই দিয়া হৈছিল।
জুবিন গাৰ্গক ষড়যন্ত্ৰমূলকভাৱে মদ খোৱাই দিয়া হৈছিল: হিমন্ত বিশ্ব শৰ্মা
“জুবিনক ওচৰে-পাঁজৰে থকাসকলে মদ খোৱাই দিছিল, যাতে জুবিনক ব্যৱহাৰ কৰিব পাৰে। কাৰণ জুবিন গাৰ্গ সহজ-সৰল প্ৰকৃতিৰ আছিল। কিন্তু অতি দুৰ্ভাগ্যজনক যে,অসমৰ একাংশ মানুহে প্ৰচাৰ চলালে যে, মদেহে জুবিনক শ্ৰদ্ধাঞ্জলি জনাব পাৰি। তদন্তত দেখিব যে, জুবিন গাৰ্গক ষড়যন্ত্ৰমূলকভাৱে মদ খোৱাই দিয়া হৈছিল। যাতে জুবিনৰ ধন-সম্পত্তি একাংশ লোকে লণ্ঠন কৰিব পাৰে।” এই মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ।
লগতে তেওঁ কয়, “মদ জুবিনৰ পৰিচয় নাছিল, জুবিনৰ পৰিচয় আছিল সংগীত, দুখীয় কাষত থিয় হোৱা, জুবিনৰ পৰিচয় আছিল অন্যায়ৰ বিৰুদ্ধে মাত মতা। জুবিনক নাহৰৰ মাজেৰে জীয়াই ৰাখক, জুবিনক দুখীয়াক সহায় কৰি জীয়াই ৰাখক, গান আৰু সৃষ্টিৰে তেওঁক জীয়াই ৰাখক।”
উল্লেখ্য যে, জুবিন গাৰ্গৰ জন্মদিনৰ উপলক্ষে আজি বিজেপি আৰু মিত্ৰদলসমূহে অসমৰ ৫৩ টা স্থানত ৰক্তদান কাৰ্যসূচী গ্ৰহণ কৰে। লণ্ডনৰ পৰা আহি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ কয় যে, ৩ হাজাৰতকৈ অধিক দলীয় কৰ্মীয়ে এই আজিৰ দিনটোত ৰক্তদান কৰিছে। এই সংখ্যা আৰু বাঢ়িব পাৰে।
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত কেন্দ্ৰৰ অনুমোদন
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ মাজতে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই বিএনএছএছৰ ২০৮ ধাৰাত জুবিন মৃত্যুৰ তদন্তত কেন্দ্ৰই অনুমোদন জনোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে, যোৱা এসপ্তাহৰ আগতে তথ্যৰ সৈতে ভাৰত চৰকাৰক এই অনুমোদন বিচৰা হৈছিল। তেওঁ কয় যে, বিএনএছএছৰ ২০৮ ধাৰাত কোৱা হৈছে যে, যদি কোনো ঘটনা বিদেশত সংঘটিত হয়, তেতিয়া ভাৰত চৰকাৰে অনুমোদন নিদিয়ালৈকে এই গোচৰ কোনো আদালতে গ্ৰহণ নকৰে। কাৰণ, বৈদিশক সম্পৰ্কৰ বিভিন্ন কথা-বতৰা বিবেচনা কৰা হয়।
তেওঁ কয় যে, ৰাজ্য চৰকাৰে তথ্যৰ সৈতে গোচৰটো চলাবৰ বাবে ভাৰত চৰকাৰৰ ওচৰত অনুমোদন বিচাৰি পত্ৰ লিখিছিল। আজি জুবিন গাৰ্গৰ ওপজা দিনটোতে গৃহমন্ত্ৰী অমিত শ্বাহে এই তদন্তত অনুমোদন জনায়। ভাৰত চৰকাৰে এই গোচৰত অনুমোদন দিয়া কথা পুৱা গৃহমন্ত্ৰীয়ে ফোন কৰি তেওঁক জনাই বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই। লগতে মুখ্যমন্ত্ৰী শৰ্মাই অনুমোদন পত্ৰও লাভ কৰা বুলি জানিবলৈ দিছে।