মুখ্যমন্ত্ৰীৰ হাতত ছিংগাপুৰ আৰক্ষীৰ প্ৰতিবেদন, কি আছে প্ৰতিবেদত? কেইবাটাও ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ
ইতিমধ্যে এই প্ৰতিবেদন মুখ্য সচিবে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে। এই কথা নিশ্চিত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, মুখ্য সচিবে ছিংগাপুৰ আৰক্ষীৰ প্ৰতিবেদন মোলৈ পঠিয়াইছে।

অব্য়াহত আছে জুবিন গাৰ্গৰ মৃত্যু তদন্ত। ছিংগাপুৰ আৰক্ষীৰ প্ৰতিবেদন লাভ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে এই প্ৰতিবেদন মুখ্য সচিবে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে। এই কথা নিশ্চিত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, “মুখ্য সচিবে ছিংগাপুৰ আৰক্ষীৰ প্ৰতিবেদন মোলৈ পঠিয়াইছে। প্ৰতিবেদনত কি আছে মই ক’ব বিচৰা নাই।”
ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে অহা ২১ অক্টোবৰত ছিংগাপুৰ আৰু অসম আৰক্ষীৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথাও জানিবলৈ দিছে। তেওঁ এই সন্দৰ্ভত কয় যে,২১ অক্টোবৰ তাৰিখে ছিংগাপুৰ আৰু অসম আৰক্ষীৰ মাজত বৈঠক হ’ব। গতিকে বৈঠকৰ অন্তত অসমত ঘূৰি আহিলে আমি গম পাম প্ৰকৃত কাৰণ। সমান্তৰালভাৱে ছিংগাপুৰৰ ৰাজনৈতিক নেতাৰ সামাজিক মাধ্যমত জুবিন গাৰ্গৰ সন্দৰ্ভত কোনোধৰণৰ টেগ লাইন নিলিখিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে।
কাইলৈ ৰাজ্যিক মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ
ইফালে, ৰাজ্যিক মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ নিশ্চিত কৰি কয় যে,কাইলৈ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্ণ সম্ভাৱনা আছে। এখন আসন খালি আছে। গতিকে আজি সন্ধিয়াৰ ভিতৰত এই কথা চূড়ান্ত হ’ব।
অসমত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী
মনকৰিলগীয়া যে, আজি জুবিন ক্ষেত্ৰত উপস্থিত হয় লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক। কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বই ৰাহুল গান্ধীৰ এই অসম ভ্ৰমণ ব্যক্তিগত বুলি স্পষ্ট কৰি দিছে। লগতে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ৰাহুল গান্ধী অসমলৈ অহা বুলি নিশ্চিত কৰিছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই ৰাহুল গান্ধীৰ অসম ভ্ৰমণক আদৰণি জনোৱাৰ লগতে তেওঁ কেইবাটাও সমালোচনামূলক মন্তব্য প্ৰকাশ কৰে। তেওঁ কয় যে,তেওঁৰ অসম ভ্ৰমণক মই আদৰণি জনাইছোঁ। কিন্তু মৃত্যুৰ ২৮ দিন পিছতহে অসম আহিব সময় হ’ল নেকি বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে।
তেওঁ কয়,”সুধা কণ্ঠ ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়তো এদিনো খবৰ ল’বলৈ নাহিল। যি সময়ত জৰ্জ ফিল্ডত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ভূপেন হাজৰিকাৰ নশ্বৰ দেহ ৰখা হৈছিল। বহু দিন পিছত নিজৰাপাৰৰ বাসগৃহত গৈ খবৰ লৈছিল ।মই তেতিয়া কংগ্ৰেছত আছিলোঁ আৰু আলোচনা কৰিছিলো এই বিষয়টো আৰু দুখ পাইছিলো।”
জুবিনক লৈ বিজেপিৰ কেম্পেইন
তদুপৰি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিজেপিয়ে গ্ৰহণ কৰা বিশেষ কাৰ্যসূচীৰ কথাও ঘোষণা কৰে। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বিজেপিৰ নেতৃত্বত ২৩ অক্টোবৰৰ পৰা “মইয়ো জুবিন, আমিয়ো জুবিন” শ্লোগানেৰে কেম্পেইন কৰিব। তেওঁ কয় যে,বিজেপিৰ দখলত থকা প্ৰতিটো বিধান সভা সমষ্টিত এই প্ৰচাৰ চলোৱা হ’ব। তেওঁ জানিবলৈ দিয়ে যে, এই কেম্পেইনৰ সময়ত প্ৰতিগৰাকী বিজেপি কৰ্মীৰ ঘৰত ৰোপণ কৰিব নাহৰৰ পুলি। লগতে জুবিন গাৰ্গৰ বাবে সমাজৰ বাবে ১০ টা প্ৰয়োজনীয় কাম কৰিব।