Zubeen garg: ৰাইজলৈ বিশেষ আহ্বান গৰিমাৰ, সিদ্ধাৰ্থ শৰ্মা সন্দৰ্ভতো কৰিলে বিশেষ মন্তব্য…
Zubeen garg: জুবিন গাৰ্গৰ মৃত্যুৰ পাছত প্ৰথমবাৰৰ বাবে ৰাইজলৈ এক বিশেষ অনুৰোধ জনাইছে গৰিমা শইকীয়া গাৰ্গে। সামাজিক মাধ্যমযোগে ভিডিঅ পোষ্ট কৰি তেওঁ সকলোকে শান্তভাৱে থাকিবলৈ আহ্বান জনায়। সিদ্ধাৰ্থ শৰ্মা সন্দৰ্ভতো মন্তব্য প্ৰদান কৰে।

গৰিমা শইকীয়া গাৰ্গ
জুবিনৰ মৃত্যুৰ পাছত প্ৰথমবাৰৰ বাবে ৰাইজলৈ এক মুকলি আহ্বান কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে। কিছু সময় পূৰ্বে সামাজিক মাধ্যমযোগে গৰিমাই এটা বিশেষ ভিডিঅ’ পোষ্ট কৰিছে। য’ত তেওঁ সিদ্ধাৰ্থ সন্দৰ্ভতো মন্তব্য কৰিছে।
গৰিমাই কৈছে- “সকলোকে ধন্যবাদ জনাইছো। আপোনালোকক অনুৰোধ জনাইছো, জুবিন আহিব এতিয়া। জীয়াই থকা কালত আপোনালোকে বহুত মৰম-আশীৰ্বাদ দিলে। জুবিনেও আপোনালোকক সিমানেই ভাল পায়। এতিয়া আহিব। শান্তিপূৰ্ণভাৱে সকলো হৈ যাওক। জুবিনৰ শেষ যাত্ৰা সকলো বিঘিনি নোহোৱাকে হওক। কোনোবাই যদি কিবা ভাবিছে, খেলি মেলি হৈছে, সংঘাত সৃষ্টি হৈছে সেয়া নহওক। জুবিন আহক ভালদৰে। আমি ভালদৰে চাম সকলোৱে”।
সিদ্ধাৰ্ধৰ কথা উল্লেখ কৰি গৰিমাই কয়, “জুবিনৰ লগত নিজ ভাতৃৰ দৰে ২০২০ চনৰ পৰা সিদ্ধাৰ্থ আছে। সেই সময়ত জুবিন অসুস্থ আছিল। কোৰোনাৰ সময় আছিল। কিন্তু নিজৰ জীৱনত তুচ্ছ জ্ঞান কৰি সি বাহিৰলৈ ওলাই গৈ জুবিনৰ বাবে খাদ্য আনিছিল। আমি কেতিয়াবা কিবা ক’লেও জুবিনে তাৰ ওপৰত এটা টোপ পৰিব দিয়া নাছিল। জুবিনৰ শেষ যাত্ৰাত তাক থাকিবলৈ দিয়ক। আপোনালোকে যদি তাৰ বিপক্ষে কিবা ভাবিছে সেয়া মনৰ পৰা আঁতৰাই দিয়ক। সকলো থাকক একেলগে। পৰিয়ালটো থাকক। মই জানো কাইলৈ মোক সিদ্ধাৰ্থক লাগিব। সি কাষত নাথাকিলে মই একো কৰিব নোৱাৰিম। জুবিনৰ বহু আধৰুৱা কাম কৰিবলৈ বাকী আছে। তাৰ বিৰুদ্ধে যি এজাহাৰ দিছে সেয়া পৰিহাৰ কৰক। সকলো শান্তিময় পৰিস্থিতিত হৈ যাবলৈ দিয়ক”।
উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ পাছত বহু ৰহস্যৰ সৃষ্টি হৈছে। বহুতে এই ঘটনাৰ বাবে কিছুমান বিশেষ মানুহক দায়ী সজাইছে। ইয়াৰ ভিতৰত জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাও আছে। এনে ক্ষেত্ৰত গৰিমাই এতিয়া বিশেষ ভিডিঅ’ৰ জৰিয়তে ৰাইজলৈ এই আহ্বান জনাইছে।
অন্য খবৰ পঢ়কঃ কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত?