৩ মাহৰ ভিতৰত দাখিল হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট: হিমন্ত বিশ্ব শৰ্মা

Zubeen Garg death case: মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, "সকলো অভিযুক্তক আদালতত হাজিৰ কৰোৱা হ’ব আৰু চৰকাৰে অভিযোগনামা দাখিল কৰাত কোনো ধৰণৰ পলম বিচৰা নাই।" তেওঁ দৃঢ়তাৰে কয়, "সাধাৰণতে অভিযোগনামা দাখিল কৰিবলৈ দিয়া সময় তিনিমাহ। তদন্তৰ পিছত আদালতে যাতে ন্যায় দিব পাৰে তাৰ বাবে আমি ইয়াতকৈ বেছি সময় নলও।"

৩ মাহৰ ভিতৰত দাখিল হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট: হিমন্ত বিশ্ব শৰ্মা

জুবিন গাৰ্গ, হিমন্ত বিশ্ব শৰ্মা

Updated On: 

09 Oct 2025 15:16 PM

ক্ষীপ্ৰ গতিত অব্যাহত আছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। এই সন্দৰ্ভত SIT-এ জেৰা চলাইছে বহু লোকক। তদন্তক লৈ ডিব্ৰুগড়ত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, বিশেষ তদন্তকাৰী দল (SIT)ৰ তত্বাৱধানত তদন্ত “সঠিক দিশত” আগবাঢ়িছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “আমি এটাৰ পিছত এটাকৈ গ্ৰেপ্তাৰ কৰিছো, আৰু মই নিশ্চিত যে অসম আৰক্ষীয়ে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিব।”

শৰ্মাই লগতে কয়, “সকলো অভিযুক্তক আদালতত হাজিৰ কৰোৱা হ’ব আৰু চৰকাৰে অভিযোগনামা দাখিল কৰাত কোনো ধৰণৰ পলম বিচৰা নাই।” তেওঁ দৃঢ়তাৰে কয়, “সাধাৰণতে অভিযোগনামা দাখিল কৰিবলৈ দিয়া সময় তিনিমাহ। তদন্তৰ পিছত আদালতে যাতে ন্যায় দিব পাৰে তাৰ বাবে আমি ইয়াতকৈ বেছি সময় নলও।”

মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত লজিষ্টিক বাধাৰ কথা প্ৰকাশ কৰে । কিয়নো জুবিন গাৰ্গৰ অন্তিম মুহূৰ্তত তেওঁৰ লগত থকা ছিংগাপুৰত থকা অসম এচ’ছিয়েশ্যনৰ সদস্যসকলে এছ আই টিয়ে মতাৰ পিছতো এজনৰ বাহিৰে এতিয়াও তেওঁলোক ভাৰতলৈ অহা নাই। তেওঁ কয়, “আমি তেওঁলোকক কেনেকৈ আনিব পাৰি তাৰ ওপৰত কাম কৰি আছো আৰু প্ৰয়োজনীয় ব্যৱস্থা কৰিছো। আমাৰ ধৈৰ্য ধৰিব লাগিব। যদি আমি ধৈৰ্য হেৰুৱাওঁ, তেন্তে কোনেও ন্যায় নাপাব।”

তদন্তৰ বাবে অসম আৰক্ষীয়ে ছিংগাপুৰ ভ্ৰমণ কৰাৰ প্ৰশ্ন সন্দৰ্ভত শৰ্মাই স্পষ্ট কৰি দিয়ে যে, ভাৰতীয় তদন্তকাৰীয়ে আন এখন সাৰ্বভৌম ৰাষ্ট্ৰত তদন্ত কৰিব নোৱাৰে। তেওঁ কয়, ‘যেনেকৈ তেওঁলোকৰ আৰক্ষী ইয়ালৈ আহি তদন্ত কৰিব নোৱাৰে, আমাৰ আৰক্ষীও তালৈ যাব নোৱাৰে।অৱশ্যে আমি নিশ্চিত যে ছিংগাপুৰ আৰক্ষীয়ে আমাক সহায় কৰিব।আমাক মাত্ৰ তেওঁ থকা হোটেলখনৰ ভিডিঅ’ ফুটেজ, য়টখন চলোৱা ব্যক্তি দুজনৰ বক্তব্যৰ প্ৰয়োজন।’

মুখ্যমন্ত্রীয়ে লগতে কয় যে, তেওঁ চলিত মাহৰ শেষৰ ফালে ভাৰতত থকা ছিংগাপুৰৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰি অধিক সহযোগিতা বিচাৰিব। তেওঁ লগতে কয়, ‘চিংগাপুৰৰ সৈতে অসমৰ যি আন্তৰিক সম্পৰ্ক আছে সেই কথা বিবেচনা কৰি মই নিশ্চিত যে আমি তেওঁলোকৰ সহায় লাভ কৰিম।’

ইতিমধ্যে ছিংগাপুৰ কৰ্তৃপক্ষই অসম আৰক্ষীৰ সৈতে ফৰেনছিক প্ৰতিবেদন শ্বেয়াৰ কৰা বুলি নিশ্চিত কৰিছে শৰ্মাই।অভিযোগনামা দাখিল কৰাটো কঠিন নহ’ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে, ‘তদন্ত নিখুঁতভাৱে চলি আছে। আমি আৱেগিক মানুহ, কিন্তু আৱেগ নিজৰ ঠাইত থাকিব লাগিব। আৰক্ষীয়ে যথাযথ প্ৰক্ৰিয়া অনুসৰণ কৰক। আদালত গোচৰত পৰাস্ত হ’লে মানুহে ক’ব যে তদন্ত খৰখেদা কৰা বাবেই হৈছে। গতিকে, আমি পুংখানুপুংখ হ’ব লাগিব।’

উল্লেখ্য যে ঘটনা সন্দৰ্ভত এতিয়ালৈকে ৫ জন ব্যক্তি- সম্বন্ধীয় ভাতৃ সন্দিপন গাৰ্গ, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, কণ্ঠশিল্পী অমৃতপ্ৰৱ মহন্ত, আৰু নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত ৰখা আছে।

আপোনাৰ ঘৰতো চৰায়ে বাহ সাজিছে নেকি? শুভ নে অশুভ জানক...
দেৱালীৰ সময়ত ঘৰলৈ আনক এই সামগ্ৰী! উদয় হ'ব ভাগ্য...
হ'ব পাৰে আৰ্থিক সমস্যা! দেৱালীৰ পূৰ্বে ঘৰৰ পৰা আঁতৰ কৰক এই সামগ্ৰী...
পুৰুষসকল সহজে আক্ৰান্ত হয় এইসমূহ ৰোগত, জানক...