গোচৰ ৰুজু কৰিছে অসম আৰক্ষীয়ে, তদন্তৰ আওতালৈ আহিব সিদ্ধাৰ্থ-শ্যামকানু, ঘোষণা মুখ্যমন্ত্ৰীৰ
মৰিগাঁও সদৰ থানাত গোচৰ ৰুজু কৰা হৈছে শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
জুবিন গাৰ্গৰ মৃত্যুকলৈ শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে অনুৰাগীয়ে। শেহতীয়াকৈ মৰিগাঁও সদৰ থানাত গোচৰ ৰুজু কৰা হৈছে শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, মৰিগাঁও থানাত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে। সেই এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰিছে অসম আৰক্ষীয়ে। গতিকে এই সন্দৰ্ভত তদন্ত নিশ্চিতভাৱে হ’ব বুলি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
কোন কোন আহিব তদন্তৰ আওতালৈ?
সংবাদ মাধ্যমৰ আগত তেওঁ লগতে কয় যে, তদন্তৰ আওতালৈ শ্যামকানু মহন্ত, সিদ্ধান্ত শৰ্মাৰ লগতে ছিংগাপুৰত জুবিনৰ সৈতে শেষ সময়ত যিসকল লোক আছিল তেওঁলোকো তদন্ত আওতালৈ আহিব। তেওঁ কয়, “এটা কথা প্ৰকাশ পাইছে যে, আগদিনা জুবিন গাৰ্গক এটা পাৰ্টিলৈ লৈ যোৱা হৈছিল। সামাজিক মাধ্যমত পাইছোঁ, সঁচা-মিছা নাজানো ! সেইবোৰ কথাও তদন্তৰ আওতালৈ আহিব।”
ইফালে ছিংগাপুৰ কৰ্তৃপক্ষই ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। ক্ৰিমিনেলৰ কথাখিনি ছিংগাপুৰ কৰ্তৃপক্ষৰ পৰা পোৱা যাব। অসমৰ পৰা লৈ যাওতে যদি কিবা বেয়া ভাবি লৈ যোৱা হৈছিল সেইখিনি অসমত পোৱা যাব। অসম চৰকাৰে সম্পূৰ্ণ নিৰপেক্ষভাৱে তদন্ত কৰাৰ ওপৰত গুৰুত্ব দিব। কোনো লোকে যদি সাক্ষী দিব খোজে, ৰাইজৰ হাতত যদি কিবা খবৰো আছে, তেন্তে আমি সকলো ব্যৱস্থা কৰি দিম। কোনো কথা গোপন হৈ থাকিব নালাগে, সকলো কথা যাতে মুকলি হৈ থাকে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰীয়ে।
মৰিগাঁও থানাত গোচৰ ৰুজু
শ্যামকানু মহন্তৰ আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে মৰিগাঁও সদৰ থানাত প্ৰথমটো গোচৰ ৰুজু কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুক লৈ নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু মেজেজাৰ সিদ্ধাৰ্থৰ বিৰুদ্ধে গোচৰ দিয়ে ৰাতুল কলিতা নামৰ এজন অধিবক্তাই। অনুৰাগীয়ে এক প্ৰকাৰে দাবী কৰিছে যে, জুবিন গাৰ্গৰ মৃত্যুৰ বাবে শ্যামকানু মহন্ত অসমবাসীৰ ওচৰত জবাবদিহি হ’ব লাগিব।